Nirjonninad

Thursday 1 February 2024

Thursday 25 January 2024

 লোক-সংস্কৃতিৰ সাধনা, চৰ্চা আৰু কৰ্ষণৰ সোণোৱালী বাটেৰে লোকশিল্পী 

কমলা গগৈ  

 


           
এটা জাতি স্বকীয়তাৰে উজ্জ্বল হৈ থাকিব পৰাৰ মূল কাৰণটোৱেই হ’ল সেই জাতিৰ লোক-সংস্কৃতি৷ বৈচিত্ৰ্য্যময় লোক-সংস্কৃতিয়ে এটা জাতিক অন্য এটা জাতিৰ পৰা, এখন দেশক অন্য এখন দেশৰ পৰা, এখন সমাজক অন্য এখন সমাজৰ পৰা পৃথক আৰু একক কৰি ৰাখে৷ লোক-সংস্কৃতিৰ চৰ্চাই ব্যক্তি মনক ঐতিহ্যানুসন্ধানী কৰি তোলে৷ পৃথিৱীৰ প্ৰত্যেকটো জাতিয়েই নিজৰ নিজৰ মোহনীয় লোক-সংস্কৃতিৰে সমৃদ্ধ৷ অসমীয়া জাতিৰ লোক-সংস্কৃতিও বিশ্বৰ ভিতৰতে একক আৰু অনন্য৷ পুতলা নাচ, অংকীয়া ভাওনাৰ পৰা মাতৃভাষাৰ ভাওনালৈ, বৰগীত, লোকগীতৰ পৰা আধুনিক গীতলৈ, বিহুনাচ, সত্ৰীয়া নৃত্যৰ পৰা আধুনিক নৃত্যলৈ, বিহুনামৰ পৰা আইনাম, ধাই নাম, দিহানামলৈকে প্ৰতিটো উপাদানেই স্বকীয় বৈশিষ্ট্য্যৰে অসমীয়া লোক-সংস্কৃতিক সমৃদ্ধিশালী আৰু বৈচিত্ৰ্য্যময় কৰি তুলিছে৷ অসমীয়া লোক-সংস্কৃতিৰ অবিচ্ছেদ্য অংগ দিহানাম, দেহ বিচাৰৰ গীত, টোকাৰী গীত৷ এইবিলাকৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত নিঃস্বাৰ্থভাৱে কাম কৰি থকা এজন শিল্পী হ’ল কমলা গগৈ [জয়ন্ত]৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে কৈ গৈছে----

নিজৰ তেজত বৰণ মাৰি 

সাধনাৰে মন্ত্ৰ জাৰি

ভোক-পিয়াহো কাতি কৰি  

তোৰ মুখনি ধুনীয়া কৰি যায়৷ 


আন আশা তাৰ কি আছে বাৰু

সি হৈ থাকে সৰুৰো সৰু

তোক শুৱনি কৰাৰ আনন্দৰেই 

জীৱন ওপচায়৷  [অ’ পৃথিৱী শিল্পীক তই, জ্যোতিপ্ৰসাদ আগৰৱালা]

  ৰূপকোঁৱৰৰ এই আদৰ্শকেই সাৰোগত কৰি দিহানাম, দেহ বিচাৰৰ গীত, টোকাৰী গীতক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেখেতে আজিও অহোপুৰুষাৰ্থ কৰি আছে৷ 

 কমলা গগৈ [জয়ন্ত]ঃ পৰিচয়

লোক-সংস্কৃতিৰ সাধক কমলা গগৈ একাধাৰে এগৰাকী লেখক, গীতিকাৰ, সুৰকাৰ, ক_শিল্পী, সুবক্তা আৰু গৱেষক৷ বিংশ শতিকাৰ শেষৰফালে আশীৰ দশকত যোৰহাট জিলাৰ ভগামুখ তামূলী গাঁৱত জন্মগ্ৰহণ কৰা গগৈয়ে সৰুৰে পৰাই লোক-সংস্কৃতিৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল৷ তেখেতৰ প্ৰকৃত নাম জয়ন্ত গগৈ যদিও মানুহৰ মাজত কমলা নামেৰে সুপৰিচিত৷ তেখেতে সুললিত কে_ৰে সৰুৰ পৰাই মানুহক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল৷ গাঁৱত অনুষ্ঠিত ভাওনাসবাহ, বৰসবাহ, মৃতকৰ শ্ৰাদ্ধ, আদিত দিহানাম পৰিৱেশন কৰি তেখেতে সংস্কৃতি চৰ্চাৰ পাতনি মেলে৷ পৰৱৰ্তী সময়ত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত দিহানাম পৰিৱেশন কৰি ৰাইজৰ সমাদৰ পাবৰৈ সক্ষম হৈছে৷ 

সাহিত্যিক কৰ্মৰাজি

দিহানামৰ সাধক হোৱাৰ লগতে তেখেত এজন সু-লেখক আৰু গৱেষক৷ বৰ্তমানলৈকে তেখেতৰ তিনিখন গ্ৰন্থ প্ৰকাশ পাইছে৷ তেখেতে ১৯৯৫ চনত দশম শ্ৰেণীত পঢ়ি থাকোঁতেই ‘এমুঠি কবিতা’ শীৰ্ষক এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াইছিল৷ গ্ৰন্থখনৰ প্ৰকাশৰ উদ্যোগ লৈছিল সেইসময়ৰ যোৰহাট জিলাৰ উপায়ুক্ত প্ৰয়াত অনিল কুমাৰ চাচনে৷ কবিতাপুথিখনৰ উন্মোচক আছিল প্ৰসিদ্ধ কবি-সাহিত্যিক অধ্যাপক নৱকান্ত বৰুৱা৷ দ্বিতীয়খন প্ৰকাশিত গ্ৰন্থ হ’ল ‘ভকতি প্ৰদীপ চাওঁ’৷ এই গ্ৰন্থখন প্ৰকাশ পায় ২০০৮ চনত৷ গ্ৰন্থখনৰ ‘বাটচ’ৰা’ লিখিছিল প্ৰসিদ্ধ সাহিত্যিক ড॰ নগেন শইকীয়াই৷ তৃতীয়খন প্ৰকাশিত গ্ৰন্থ হ’ল “দিহানামৰ বুৰঞ্জীমূলক গৱেষণা সংকলন আৰু নিয়মাৱলী [প্ৰথম খণ্ড]”৷ এই গ্ৰন্থখনত তেখেতে পাহৰণিৰ গৰ্ভত সোমাই পৰা পুৰণি দিহানামসমূহ সংগ্ৰহ কৰি অন্তৰ্ভুক্ত কৰাৰ লগতে দিহানামৰ উৎপত্তি আৰু ক্ৰমবিকাশ আৰু পৰিৱেশন শৈলী সম্পৰ্কত প্ৰণালীবদ্ধৰূপত আৰু গৱেষণামূলক দৃষ্টিভংগীৰে অধ্যয়ন কৰিবলৈ যত্ন কৰিছে৷ 


দিহানামৰ প্ৰণালীবদ্ধ অধ্যয়ন, চৰ্চা, প্ৰসাৰ আৰু কমলা গগৈ

অসমত দিহানামক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত কমলা গগৈয়ে অমূল্য অৱদান আগবঢ়াইছে৷ পূৰ্বতে দিহানাম কেৱল উজনি অসমৰ মাজতে সীমাবদ্ধ হৈ আছিল৷ নামনি অসমত দিহানামৰ বিশেষ প্ৰভাৱ নাছিল৷ আকাশবাণীকেন্দ্ৰৰ যোগেদি ক’লামণি সন্দিকৈ, জীৱকান্ত ফুকন, ডিম্বেশ্বৰ লাহন, বদন মলিয়া, উমাকান্ত বৈৰাগী, খগেন গগৈ, বিপুল চেতিয়া ফুকন আদি স্বনামধন্য শিল্পীসকলে দিহানাম, দেহবিচাৰৰ গীত আৰু টোকাৰী গীত পৰিৱেশন কৰিছিল৷ কিন্তু সেইসময়ত সকলোৱে আকাশবাণীৰ যোগেদি প্ৰচাৰিত এই নাম সমূহ শুনিব পৰা নাছিল৷ অনুন্নত তথ্য-প্ৰযুক্তিৰ ব্যৱস্থাই হয়তো ইয়াৰ মূল কাৰণ আছিল বুলি ক’ব পাৰি৷ সময়ৰ পৰিৱৰ্তনৰ লগে লগে তথ্য-প্ৰযুক্তি উন্নত হ’ল৷ ফলস্বৰূপে সেই শিল্পীসকলে পৰিৱেশন কৰা দিহানাম আৰু টোকাৰী গীতসমূহ আজিৰ মানুহে হৃদয়েৰে আকোঁৱালি লৈছে৷ এইক্ষেত্ৰত কমলা গগৈৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ তেখেতে অগ্ৰজ শিল্পীসকলে পৰিৱেশন কৰা দিহানাম আৰু টোকাৰী গীতসমূহৰ চৰ্চা কৰাৰ লগতে নিজাকৈয়ো গীত ৰচনা কৰিছে৷ ‘সদৌ অসম আধ্যাত্মিক শিল্পী সমাজ’ নামৰ এটা অনুষ্ঠান গঢ় দি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দিহানাম আৰু টোকাৰী গীতৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হৈ আছে৷ বৰ্তমান তেখেতে এই অনুষ্ঠানৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ সেই জাতিৰ ভৱিষ্যত অন্ধকাৰ যি জাতিৰ লোক-সংস্কৃতিৰ চৰ্চাৰ প্ৰতি উত্তৰ প্ৰজন্ম আগ্ৰহী নহয়৷ লোক-সংস্কৃতিৰ চৰ্চাৰ প্ৰতি উত্তৰ প্ৰজন্মক আগ্ৰহী কৰি তোলাটো প্ৰতিজন সচেতন আৰু শিল্প-সংস্কৃতিপ্ৰাণ ব্যক্তিৰে দায়িত্ব৷ তেখেতে নতুন প্ৰজন্মক দিহানাম আৰু টোকাৰী গীতৰ প্ৰশিক্ষণ দি সংস্কৃতি চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ ক্ষেত্ৰত নিষ্ঠা আৰু সততাৰে কাম কৰি আছে৷ 

অসমত দিহানামৰ উৎপত্তি কেতিয়া আৰু কেনেকৈ হ’ল? কেনেধৰণে দিহানামৰ ক্ৰমবিকাশ ঘটিল এই বিষয়ে সঠিককৈ পাবলৈ টান৷ এই বিষয়ত নিৰ্ভৰযোগ্য লিখিত তথ্যও পাবলৈ দুৰূহ৷ ইমানখিনি অসুবিধা আৰু বাধা-বিঘিনি অতিক্ৰম কৰি ‘দিহানামৰ বুৰঞ্জীমূলক আৰু গৱেষণামূলক সংকলন’ গ্ৰন্থখন প্ৰণয়ন কৰি উলিওৱাটো এটা অতি কষ্টসাধ্য আৰু মহৎ প্ৰচেষ্টা বুলি ক’ব পাৰি৷ দিহানাম আৰু টোকাৰী গীতৰ কেৱল পৰিৱেশনতে সীমাবদ্ধ নাথাকি সেইসমূহৰ সৃষ্টিৰ ইতিহাস সম্পৰ্কে কৰা অনুসন্ধান আৰু গৱেষণাৰ তেখেতৰ শিল্প-সাধনা আৰু ব্যক্তিত্বক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷  

অসমীয়া লোক-সংস্কৃতি অসমৰ সমাজ-জীৱনৰ বিভিন্ন সমলেৰে ভৰ-পূৰ৷ সেয়ে দিহানাম আৰু টোকাৰী গীতসমূহতো অসমৰ সমাজ-জীৱনৰ বিভিন্ন সমলৰ উপস্থাপন দেখিবলৈ পোৱা যায়৷ 

সেয়ে এই গীত-মাতসমূহৰ মাজেদি ভক্তিতত্ত্ব, দেহতত্ত্বৰ প্ৰকাশৰ লগতে সমসাময়িক সমাজখনৰ প্ৰতিচ্চবিৰো প্ৰতিফলন ঘটিছে৷ অসমৰ জনজীৱনৰ এই গুৰুত্বপূৰ্ণ দিশসমূহ ধৰি ৰখাৰ ক্ষেত্ৰত এই-গীত-মাতসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ এইদিশসমূহৰ বিস্তৃত অধ্যয়নৰ জৰিয়তে তেখেতে

এই গীত-মাত বিলাকৰ গুৰুত্ব আৰু তাৎপৰ্যক অনুধাৱন কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে৷  

দিহানামসমূহৰ ৰচনাশৈলী আৰু গায়নশৈলী আৰু পৰিৱেশনশৈলী একেই আছে নে সময়ৰ পৰিৱৰ্তনৰ লগতে সলনি হৈছে সেইবিষয়েও তেখেতে গুৰুত্বসহকাৰে অধ্যয়ন কৰিছে৷ বিশেষকৈ বাদ্যৰ ব্যৱহাৰৰ ক্ষেত্ৰত তেখেত উল্লেখ কৰিছে যে এই নামসমূহ পূৰ্বতে কেৱল হাতচাপৰি বজায়ে পৰিৱেশন কৰা হৈছিল; কিন্তু বিংশ শতিকাৰ প্ৰায় চল্লিছৰ দশকৰ শেষৰ পৰাহে দিহানামত অন্যান্য বাদ্যৰ ব্যৱহাৰ আৰম্ভ হয়৷ 

প্ৰথমতেই উল্লেখ কৰি অহা হৈছে যে লোক-সংস্কৃতিৰ চৰ্চাই মানুহক ঐতিহ্যানুসন্ধানী কৰি তোলে৷ জয়ন্ত [কমলা] গগৈয়ো ইয়াৰ ব্যতিক্ৰম নহয়৷ তেখেতৰ ঐতিহ্যানুসন্ধানী মনে অসমৰ সাংস্কৃতিক ঐতিহ্য সমূহৰ বিষয়ে অন্বেষণ কৰিব বিচাৰে৷ তাৰ উদাহৰণস্বৰূপে আমি আঠখেলীয়া বৰনামঘৰ, ঢেকীয়াখোৱা বৰনামঘৰ, আউনীআটী সত্ৰ আদিক লৈ লিখা নামসমূহৰ কথা উল্লেখ কৰিব পাৰোঁ----

ক] ঢেকীয়াখোৱা বৰনামঘৰত ডবা-কাঁহ বাজিছে

 আঠখেলীয়া নামঘৰতো নামৰ ধ্বনি উঠিছে....

খ] আউনীআটী মহাসত্ৰ মহাপুণ্য স্থান.... 


দিহানাম, দেহবিচাৰৰ গীত, টোকাৰী গীত এই সমূহৰ তাৎপৰ্য আৰু গুৰুত্বক নতুন প্ৰজন্মই উপলব্ধি কৰিব পৰাকৈ তেখেতে বিভিন্ন অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিছে৷  ভক্তিতত্ত্বৰ ভাৱাৰ্থ, ভাগৱত চৰ্চাৰ প্ৰয়োজনীয়তা, আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তাৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহত তেখেতে বলিষ্ঠভাৱে আলোকপাত কৰি আহিছে৷ এই গীত-মাতসমূহৰ চৰ্চাই মানুহক সেইবিষয়বোৰৰ প্ৰতি কেনেদৰে সজাগ কৰি তোলে সেইবিষয়েও তেখেতে চৰ্চা কৰি আহিছে৷ 


স্বীকৃতি

অসমীয়া সংস্কৃতি সাধনাৰ জগতখনলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে ‘অসম বকুলবন সমাজ’ আৰু ‘বকুলবন ন্যাস’ৰ তৰফৰ পৰা ২০১৮ চনত তেখেতলৈ ‘বকুলবন বঁটা’ আগবঢ়োৱা হয়৷ 

বকুলবন বঁটা গ্ৰহণ কৰাৰ সময়ত জয়ন্ত [কমলা] গগৈ [ফটো সংগ্ৰহঃ নৰ্থ ইষ্ট নাও]


‘দিহাৰত্ন’, ‘দিহাসম্ৰাট’, ‘দিহা সৌৰভ’, ‘টীয়ক সৌৰভ’, ‘দিহানাম শিৰোমণি’, ‘নামসূৰ্য’, ‘দিহানামসূৰ্য’ আদি সন্মানেৰেও তেখেত সন্মানিত হৈছে৷ তদুপৰি তেখেতে ‘গুৰু সাধনা’, ‘নৃত্যাঞ্জলি বঁটা’, ‘সংস্কৃতি সাধনা’, ‘যদুমণি বঁটা’, ‘Son of the Soil Award’ লাভ কৰিবলৈ সক্ষম হৈছে৷ 


সামৰণি

সংস্কৃতিৰ সাধনাকেই জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি আজিৰ এই পৰ্যায় পাইছেহি৷ শিল্পৰ সাধনাই শিল্পৰ শিল্পগুণ বঢ়ায়৷ সেই গুণৰ প্ৰভাৱত গুণৱন্ত হৈ উঠে শিল্পী৷ সপোন দেখে ৰূপান্তৰৰ, সপোন দেখে চিৰসুন্দৰৰ৷ সেই পথৰেই এজন অক্লান্ত পথিক কমলা গগৈ৷ ড॰ নগেন শইকীয়া, নৱকান্ত বৰুৱা, বীৰেন বৰকটকী, ছৈয়দ আব্দুল মালিক, ড॰ পীতাম্বৰ দেৱগোস্বামী দৰে মহামনিষীৰ আশিসধন্য এইগৰাকী শিল্পীৰ শিল্প-সাধনা উত্তৰ প্ৰজন্মৰ বাবে অনুকৰণীয়৷ কেৱল দিহানাম, দেহবিচাৰৰ গীত আৰু টোকাৰী গীতৰ সাধনা, চৰ্চা আৰু প্ৰচাৰ, প্ৰসাৰৰ বাবে চৰকাৰী কৰ্মজীৱনকো ত্যাগ কৰা এইগৰাকী শিল্পীৰ ত্যাগে উচিত স্বীকৃতি পাওক৷  

                                                                                                                                               যদুমণি গগৈ

গৱেষক ছাত্ৰ, অসমীয়া বিভাগ

ডিব্ৰুগড় বিশ্ববিদ্যালয়

ফোনঃ ৯৩৬৫৯২৫২৯১

Saturday 29 July 2023


মামণি ৰয়ছম গোস্বামীৰ ‘নীলকণ্ঠী ব্ৰজ’ উপন্যাসত প্ৰতিফলিত নাৰীবাদী চেতনাঃ এক বিশ্লেষণাত্মক অধ্যয়ন
 
যদুমণি গগৈ  
অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়
 ফোন নংঃ ৯৩৬৫৯২৫২৯১ 

সংক্ষিপ্তসাৰ 

অসমীয়া উপন্যাস সাহিত্যৰ এটা শক্তিশালী নাম হ’ল মামণি ৰয়ছম গোস্বামী৷ তেখেতৰ উপন্যাসৰ বিষয়বস্তু বৈচিত্ৰ্য্য্যময়৷ ভিন্নধৰ্মী বিষয়বস্তুৰে উপন্যাস ৰচনা কৰি তেওঁ অসমীয়া উপন্যাস সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে৷ শ্ৰেণীচেতনা, সমাজচেতনা, ব্যক্তিজীৱনৰ সংঘাত, নাৰীজীৱনৰ অন্তৰ্দ্বন্দ্ব মূল্যবোধৰ অৱক্ষয়, বিধৱা নাৰীৰ সামাজিক প্ৰস্থিতি আদিৰ দৰে স্পৰ্শকাতৰ বিষয়ৰ সৰল উপস্থাপন তেখেতৰ উপন্যাসৰ মূল উপজীৱ্য৷ বিষয়বস্তুৰ গাম্ভীৰ্য, শোষিত জনৰ প্ৰতি সহানুভূতি, ভাষাৰ কলাত্মক প্ৰয়োগ, ওজস্বীতাপূৰ্ণ বৰ্ণনা আদিয়ে তেখেতৰ উপন্যাসক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে৷ ‘চীনাবৰ সোঁত’, [১৯৭২], ‘অহিৰণ’ [১৯৮০], ‘নীলকণ্ঠী ব্ৰজ’ [১৯৭৬], ‘উদয়ভানুৰ চৰিত্ৰ’ [১৯৮৬], ‘দাশৰথিৰ খোজ’ [২০০৮], ‘দেৱী পীঠৰ তেজ’ [২০০১] আদি তেখেতৰ উল্লেখযোগ্য উপন্যাসকৃতি৷ এই প্ৰবন্ধটোত কেৱল তেখেতৰ নীলকণ্ঠী ব্ৰজ উপন্যাসখনকহে আলোচ্য বিষয় হিচাপে লোৱা হৈছে৷ উপন্যাসখনৰ বিষয়বস্তু আৰু চৰিত্ৰসমূহৰ মাজেদি কেনেধৰণে নাৰীবাদী চিন্তা-চেতনাৰ প্ৰকাশ ঘটিছে তাৰ এটা আভাস দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে৷ বিষয়বস্তুৰ সংলগ্নভাৱে আৰম্ভণিতে অসমীয়া নাৰীবাদী উপন্যাসৰ ধাৰা সম্পৰ্কে এটা চমু টোকা আগবঢ়োৱা হৈছে৷ 

বীজশব্দঃ শ্ৰেণীচেতনা, সমাজচেতনা, উপন্যাসকৃতি, ওজস্বীতাপূৰ্ণ, সংলগ্নভাৱে ইত্যাদি৷ 

অসমীয়া নাৰীবাদী উপন্যাসৰ ধাৰাঃ

 অসমীয়া উপন্যাসত নাৰীবাদী চিন্তা-চেতনাৰ প্ৰথম ৰেঙণি দেখিবলৈ পোৱা যায় বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ পৰা৷ এই সময়ছোৱাত ৰচিত ৰজনীকান্ত বৰদলৈৰ ৰহদৈ লিগিৰী [১৯৩০] উপন্যাসত অসমীয়া সমাজত নাৰীৰ স্থান সম্পৰ্কত বিচাৰ কৰা হৈছে৷ ১৯২৮ চনত ৰচিত দণ্ডিনাথ কলিতাৰ সাধনা উপন্যাসখনতো নাৰীৰ স্থান নিৰূপণ কৰিছে৷ এই দুয়োখন উপন্যাসতে নাৰীৰ আন আন সমস্যাবোৰৰ লগতে নাৰীমুক্তিৰ প্ৰসংগটোৱেও গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে৷ ১৯৩০ চনতে প্ৰকাশিত লক্ষ্মীধৰ শৰ্মাৰ বিদ্ৰোহিনী উপন্যাসিকাত পৰম্পৰাগত পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ বিৰুদ্ধে নাৰীৰ প্ৰত্যক্ষ বিদ্ৰোহ আমি দেখিবলৈ পাওঁ৷ ঠিক সেইদৰে ১৯৩১-৩২ চনত ৰচিত দৈৱচন্দ্ৰ তালুকদাৰৰ অপূৰ্ণ উপন্যাসত আমি নাৰীয়ে সামাজিক কৰ্মত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত, নিজে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত থকা বাধাৰ প্ৰাচীৰ ভাঙিবলৈ ওলাই অহা দেখিবলৈ পাওঁ৷ বীণা বৰুৱাৰ জীৱনৰ বাটত [১৯৪৪] আৰু ৰাস্না বৰুৱাৰ সেউজী পাতৰ কাহিনীতো নাৰীবাদী ভাৱধাৰা দেখিবলৈ পোৱা যায়৷ জীৱনৰ বাটত উপন্যাসৰ নায়িকা গৰাকী অসমীয়া শ্বাশ্বত নাৰীৰ প্ৰতিভূ৷ এইগৰাকী নাৰীয়ে জীৱনৰ সকলো সমস্যা বিনা প্ৰতিবাদে মূৰ পাতি গ্ৰহণ কৰিছে৷ আনহাতে সেউজী পাতৰ কাহিনীৰ চনিয়াৰ অন্তৰত পুৰুষ প্ৰধান সমাজখনত পুৰুষে নাৰীৰ ওপৰত চলোৱা নিৰ্যাতনবোৰ দেখি স্বতঃস্ফূৰ্তভাৱে পুৰুষ বিদ্বেষী মনোভাৱৰ সৃষ্টি হৈছে৷ এই বিদ্বেষ আদৰ্শগত নহ’লেও ঔপন্যাসিকৰ চেতনাত নাৰীবাদী ভাৱধাৰা এটা থকাৰ বাবেই হয়তো উপন্যাসখনৰ মাজেদি তাৰ প্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায়৷ পঞ্চাশৰ দশকতে প্ৰকাশিত ৰাধিকা মোহন গোস্বামীৰ চাকনৈয়া উপন্যাসত অসমীয়া সমাজত বিধৱা নাৰীৰ স্থান কেনেধৰণৰ তাক উপস্থাপন কৰি দেখুওৱা হৈছে৷ ষাঠিৰ দশকতে প্ৰকাশিত বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্যৰ প্ৰথম উপন্যাস আই [১৯৬০] এখন সম্পূৰ্ণৰূপে নাৰীবাদী উপন্যাস নহ’লেও ই এখন নাৰীকেন্দ্ৰিক উপন্যাস৷ অৱশ্যে ১৯৭০ চনত প্ৰকাশিত বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্যৰ প্ৰতিপদ ত সমাজবাদী নাৰীবাদৰ চেতনা দেখিবলৈ পোৱা যায়৷ মৃত্যুঞ্জয় উপন্যাসতো নাৰীশক্তি প্ৰতিষ্ঠাৰ প্ৰয়াস দেখা যায়৷ নাৰীবাদী দৃষ্টিভঙ্গী প্ৰকাশৰ ক্ষেত্ৰত তেখেতৰ চিনাকি সুঁতি [১৯৭১] আৰু ডাইনী [১৯৭৬] উপন্যাসৰ নাম ল’ব পাৰি৷ এইক্ষেত্ৰত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পিতৃভিঠা ৰ নামো ল’ব পাৰি৷ মামণি ৰয়ছম গোস্বামীৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা,নীলকণ্ঠী ব্ৰজ , মামৰে ধৰা তৰোৱাল আদি উপন্যাসত নাৰীবাদী ভাৱধাৰাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়৷ নিৰুপমা বৰগোহাঞিৰ অভিযাত্ৰী [১৯৯২] উপন্যাসখনৰ মাজতো নাৰীমুক্তিৰ এক শক্তিশালী কণ্ঠস্বৰ দেখিবলৈ পোৱা যায়৷ পৰৱত¹ সময়ত আমি অৰূপা পটঙ্গীয়া কলিতা, ৰীতা চৌধুৰী, ৰুদ্ৰাণী শৰ্মা, গীতালি বৰা আদিৰ উপন্যাসত নাৰীবাদী ভাৱধাৰাৰ প্ৰকাশ ঘটা আমি দেখিবলৈ পাইছোঁ৷

 নীলকণ্ঠী ব্ৰজ উপন্যাসত নাৰীবাদ 

বৃন্দাবনৰ বিধৱা নাৰীসকলৰ জীৱনক কেন্দ্ৰ কৰিয়েই ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীয়ে নীলকণ্ঠী ব্ৰজ উপন্যাসখন ৰচনা কৰিছে৷ এই উপন্যাসখনত বৃন্দাবনৰ বিধৱা নাৰীসকলৰ সামাজিক স্থিতি-প্ৰস্থিতি, দুখ-দুৰ্দশাৰ কথা মৰ্মস্পৰ্শী ৰূপত উপস্থাপন কৰা হৈছে৷ সমকালীন সমাজখনত বিধৱাৰ স্থানৰ ছবিখন সৌদামিনী, অনুপমা, শশীপ্ৰভা, মৃণালিনী, আদি চৰিত্ৰৰ যোগেদি ঔপন্যাসিকে দাঙি ধৰিছে৷ উল্লিখিত চৰিত্ৰসমূহৰ কাৰ্য-কলাপৰ মাজত আমি স্থানবিশেষে নাৰীবাদী চেতনা বা চিন্তা-চৰ্চাৰ উন্মেষ দেখিবলৈ পাওঁ৷ এই প্ৰবন্ধটোত উপন্যাসখনৰ নাৰীচৰিত্ৰ সমূহৰ মাজত দেখা পোৱা নাৰীবাদী চিন্তা-চেতনা সম্পৰ্কে কিছু আভাস দিবলৈ প্ৰয়াস কৰা হৈছে-

 সৌদামিনীঃ- নীলকণ্ঠী ব্ৰজ উপন্যাসখনৰ মুখ্য তথা কেন্দ্ৰীয় চৰিত্ৰটো হ’ল সৌদামিনী৷ সৌদামিনীক কেন্দ্ৰ কৰিয়েই ঔপন্যাসিকে উপন্যাসখনৰ কাহিনী আগবঢ়াই নিছে৷ সেয়ে সৌদামিনী চৰিত্ৰটো নিৰ্মাণৰ ক্ষেত্ৰত ঔপন্যাসিকে সতৰ্কতা অৱলম্বন কৰা দেখা যায়৷ উপন্যাসখনৰ আৰম্ভণিৰ পৰা সামৰণি লৈকে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে ঔপন্যাসিকে সৌদামিনী চৰিত্ৰটোক প্ৰচলিত সমাজব্যৱস্থাৰ তথা পুৰুষতন্ত্ৰৰ বিপক্ষে থিয় কৰাইছে৷ নাৰীবাদে যিহেতু পুৰুষতন্ত্ৰৰ বিপক্ষে থিয় দিয়ে৷ সেয়ে সৌদামিনী চৰিত্ৰটোৰ মাজত এইখিনিতেই আমি নাৰীবাদী চেতনাৰ উকমুকনি দেখিবলৈ পাওঁ৷ ঔপন্যাসিকে সৌদামিনী চৰিত্ৰটোৰ জৰিয়তে নিজৰ অভিজ্ঞতাৰ পৰা সৃষ্টি হোৱা প্ৰতিবাদী তথা প্ৰগতিশীল নাৰীসত্ত্বাটোৰ এক সুন্দৰ আৰু বাস্তৱিক  প্ৰকাশ ঘটাইছে৷ সৌদামিনী সম্পৰ্কত ঔপন্যাসিকে নিজৰ ভাষাত এনেকৈ কৈছে-- “বৃন্দাবনৰ সমস্ত কাহিনী মই মোৰ আধালেখা দস্তাবেজ নামৰ উপন্যাসখনত প্ৰকাশ কৰিছোঁ৷ সেই সময়ত মই নিজে ভোগ কৰা যন্ত্ৰণাৰ ছবি মোৰ নায়িকা সৌদামিনীৰ চৰিত্ৰৰ মাজত সম্পূৰ্ণৰূপে ঢালি দিবলৈ চেষ্টা কৰিছিলোঁ৷ ” সৌদামিনী চৰিত্ৰটোৰ মনোজগতত চলি থকা দ্বন্দ্বৰ কথা আমি খুব সহজেই লক্ষ্য কৰিব পাৰোঁ৷ এই দ্বন্দ্বই  সৌদামিনীৰ মনত প্ৰচণ্ড ক্ষোভৰ সৃষ্টি কৰিছে৷ উপন্যাসখনত এই ক্ষোভ কেৱল সৌদামিনীৰ হৈ থকা নাই৷ বৃন্দাবনৰ প্ৰতিগৰাকী ৰাধেশ্যামীৰ বুকুত এই ক্ষোভৰ জুই জ্বলিছে৷ এই ক্ষোভ প্ৰচলিত সমাজব্যৱস্থা তথা পুৰুষতন্ত্ৰৰ বিৰুদ্ধে৷ “........................... আছে আছে পাণ্ডাই কিবা এটা টান মাৰি ছিঙিলে৷ লগে লগে বুঢ়ীৰ কঁকালটি উলংগ হৈ খাটিয়াৰ ওপৰত হামখুৰি খাই পৰিল৷ মানৱতা আৰু জীৱনৰ প্ৰতি ভ্ৰূকুটি দেখুৱাই থকা এই অদ্ভুত অবিশ্বাস্য দেহাটো দেখি সৌদামিনীৰ নাকৰ পাহি দুটা কঁপি উঠিল৷ ” --- বৃন্দাবনৰ ৰাধেশ্যামী সকলৰ এইধৰণৰ দুখ-দুৰ্দশা দেখি সৌদামিনীৰ মন শোকত জৰ্জড়িত হৈ পৰিছে৷ মৃত ৰাধেশ্যামীৰ দেহৰ ওপৰত চলা নিৰ্যাতন তাই স্বচক্ষুৰে দেখিছে-- “...........................দৈত্যই চিঞৰি উঠিলঃ চুপ থাক; চুপ থাক৷ মই মৰা পেলোৱা মানুহ চাৰিটাক খবৰ দিম৷ সিহঁতে চোঁচৰাই নি যমুনাত পেলাই থৈ আহিব৷ ” ৩ এইবোৰ দেখি-শুনি সৌদামিনীৰ মনত এক প্ৰচণ্ড ক্ষোভৰ সৃষ্টি হৈছে৷ সেয়ে তাই সিদ্ধান্ত লৈছে যে তাই নিজৰ কোঠাটোত থকা খিৰিকীখন আৰু কেতিয়াও নোখোলে-- “সৌদামিনীয়ে খিৰিকীখন বন্ধ কৰি দিলে৷ লগে লগে তাই শপত খালে আৰু কেতিয়াও তাই এইখন খিৰিকী নোখোলে৷ প্ৰয়োজন হ’লে দিনতেই তাই এটি চাকি জ্বলাই ল’ব৷ ” এয়াও পুৰুষতন্ত্ৰৰ বিৰুদ্ধে কম হুংকাৰ নহয়৷ সৌদামিনীৰ কোঠাটোৰ সেই খিৰিকীখন কেৱল এখন খিৰিকী নহয়৷ এই খিৰিকীখনক ঔপন্যাসিকে প্ৰতীকী ৰূপত উপস্থাপন কৰিছে৷ বৃন্দাবনৰ ৰাধেশ্যামী সকলৰ ওপৰত চলি থকা অত্যাচাৰৰ নীৰৱ প্ৰতিবাদ কৰি সৌদামিনীয়ে সেই খিৰিকীখন বন্ধ কৰি থোৱাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সৌদামিনীৰ এই কাৰ্যত নাৰীবাদী চেতনাৰ প্ৰভাৱ নুই কৰিব নোৱাৰি৷ নাৰীবাদৰ মতে নাৰী হ’ল স্বতন্ত্ৰ আৰু নাৰীৰ জন্ম নহয়৷ আমাৰ সমাজব্যৱস্থাইহে নাৰীৰ সৃষ্টি কৰে৷ সৌদামিনীয়ো আমাৰ সমাজব্যৱস্থাই সৃষ্টি কৰা এগৰাকী নাৰী৷ পুৰুষপ্ৰধান সমাজখনৰ বিধৱাসকলৰ প্ৰতি থকা অন্যায়-অবিচাৰ, শাৰীৰিক-মানসিক দমন আৰু শোষণবোৰ দেখি তাই মনে মনে কঠোৰ হৈ পৰিছিল৷ সেয়ে ক্ষণিক উত্তেজনাত তাই খিৰিকীখন বন্ধ কৰি তাই আন্ধাৰ কোঠাটোত দিনতেই চাকি এটা জ্বলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ অৰ্থাৎ তাই সেই সমকালীন পুৰুষতান্ত্ৰিক সমাজখনৰ পৰা আঁতৰি স্বতন্ত্ৰ হৈ থাকিবলৈ বিচাৰিছিল৷ সৌদামিনীয়ে জ্বলাব বিচৰা সেই চাকিগছ হৈছে নাৰীমনৰ পোহৰ স্বৰূপ৷ হয়তো এনেদৰেই প্ৰতিগৰাকী ৰাধেশ্যামীৰ হাতত জ্বলি উঠা চাকিৰ পোহৰে আন্ধাৰৰূপী পুৰুষতন্ত্ৰক নিঃশেষ কৰিব পাৰিব৷ সৌদামিনীৰ মনত জাগৃত হোৱা এই ভাববোৰ ঔপন্যাসিকৰ নাৰীমুক্তি চেতনাৰেই প্ৰভাৱ বুলি ক’ব পৰা যায়৷ কম বয়সতে বিধৱা হোৱা সৌদামিনী জৈৱিক ক্ষুধাত পীড়িত হৈছে৷ এই জৈৱিক ক্ষুধাৰ বাবেই সৌদামিনীয়ে সমকালীন বৃন্দাবনৰ পুৰুষতান্ত্ৰিক সমাজখনে বিধৱা নাৰীসকলৰ ওপৰত বান্ধি দিয়া কঠোৰ অমানুষিক নীতি-নিয়মবোৰৰ প্ৰতি চৰম ভ্ৰূকুটি প্ৰদৰ্শন কৰিছিল৷ উপন্যাসখনত বৰ্ণনা কৰা অনুসৰি কম বয়সতে বিধৱা হোৱাৰ পিছত সৌদামিনীয়ে এজন খ্ৰীষ্টান যুৱকৰ সৈতে মিলা-মিছা আৰম্ভ কৰিছিল৷ সৌদামিনীৰ বাবে এই কামটো অতি দুঃসাহসিক আছিল৷ কাৰণ বিধৱা সৌদামিনী আৰু খ্ৰীষ্টান যুৱকজনৰ মিলা-মিছা সেই সময়ৰ ধৰ্মভীৰু পুৰুষতান্ত্ৰিক সমাজখনৰ নীতি-নিয়মৰ পৰিপন্থী আছিল৷ “...... এই কোমল বয়সীয়া ছোৱালীটিয়ে বিধৱা হোৱাৰ পিছত এটি খ্ৰীষ্টান যুৱকৰ সৈতে মিলা-প্ৰীতিৰ আয়োজন কৰিলে৷ গোড়া মতাৱলম্বী আৰু ধৰ্মভীৰু ৰায়চৌধুৰীৰ পৰিয়ালত এয়া এক অবিশ্বাস্য কাহিনী৷ ” এক কথাত ক’ব পাৰি যে এয়া আছিল পুৰুষতান্ত্ৰিকতাৰ বিপৰীতে এক প্ৰচণ্ড বিদ্ৰোহ৷ সৌদামিনীৰ প্ৰেম আৰু জৈৱিক ক্ষুধাই সমাজলৈ ভ্ৰূক্ষেপ নকৰি অবিৰতভাৱে চলি যোৱাৰ ইংগিতো উপন্যাসখনত পোৱা যায়- নাৰীমনৰ স্বকীয়তা আৰু প্ৰচণ্ড স্বাভিমানৰ পৰিচয় পোৱা যায় এনেবোৰ কথাত-- “মই মহিয়সী নহওঁ যে তোমালোকৰ দৰে জনকল্যাণমূলক কাম কৰি মই মোৰ গোটেই জীৱন অতিবাহিত কৰিব পাৰিম৷ মই স্বাধীন, মই কাকো ভয় নকৰোঁ৷ ” স্থিতাৱস্থাৰ বিপক্ষে এনেদৰেই হুংকাৰ দিয়া সৌদামিনীৰ মৃত্যুও শেষত পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ বিপৰীতে এক নীৰৱ প্ৰতিবাদ হিচাপে পৰিগণিত হৈছে৷ উপন্যাসখনত বৰ্ণনা কৰা অনুসৰি তাই দেউতাকৰ ইচ্চাত নিজৰ খ্ৰীষ্টান প্ৰেমিক জনক লগ কিৰছে৷ পুৰুষতান্ত্ৰিক সমাজখনে বিধৱা নাৰীৰ ওপৰত জাপি দিয়া কটোৰ নীতি-নিয়মবোৰক দলিয়াই দি তাই কৈ উঠিছে--- “ধৰা তুমি মোক আৰু বালদৰে সাৱটি ধৰা৷ তুমি কান্দিছা৷ মানুহে কয় তুমি খ্ৰীষ্টান৷ তুমি খ্ৰীষ্টান৷ অথচ এয়া, এয়া মোৰ বুকুত তোমাৰ দেহৰ উম একেই--৷ বিশ্বাস কৰা সুব্ৰত. মোৰ মৰমৰ স্বামীৰ দেহৰ সৈতে একেই---একেই৷ একেবাৰে একেই৷ ” ইমানখিনিলৈকে সাহসিকতাৰে আগবঢ়া সৌদামিনীয়ে শেষত আত্মহননৰ পথ বাছি লৈছে৷ এই কাৰ্যই সৌদামিনী চৰিত্ৰটোৰ প্ৰগতিশীলতাত কিছু পৰিমাণে আঘাত কৰা যেন লাগে যদিও ইয়ো এক পুৰুষতান্ত্ৰিকতাৰ বিৰুদ্ধে নীৰৱ অথচ শক্তিশালী প্ৰতিবাদ৷ ব্ৰজধামৰ কুৎসিত দৃশ্যই বিদ্ৰোহী কৰি তোলা সৌদামিনীয়ে দেউতাকৰ সহযোগত নিজক খ্ৰীষ্টান প্ৰেমিকজনৰ সৈতে পুনৰ মিলিত হোৱাৰ সুযোগ লাভ কৰিও সেই সুযোগ গ্ৰহণ নকৰিলে৷ সৌদামিনীৰ ভয় হৈছিল যে তাই তেনে কৰিলে তায়েই মাক অনুপমাৰ মৃত্যুৰ কাৰণ হৈ উঠিব পাৰে৷ অৱশেষত তাই যমুনাৰ তটত গৈ আত্মজাহ দিছে--- “নাই নাই আৰুতো ভবাৰ সময় নাই৷ কিন্তু একেবাৰে শেষ মুহূৰ্তলৈ, পানীৰ একেবাৰে ওচৰ পোৱালৈকে মাত্ৰ এটি প্ৰশ্নই তাইৰ বুকু বিদীৰ্ণ কৰি পেলালে, কিয় এনে হ’লহ্ল কিয়হ্ল” এই প্ৰশ্ন কেৱল সৌদামিনীৰ প্ৰশ্ন হৈ থকা নাই৷ সাধাৰণ পাঠকৰ দৃষ্টিত ই পুৰুষতান্ত্ৰিক সমাজখনলৈ প্ৰতিগৰাকী নাৰীৰ প্ৰশ্ন৷ সৌদামিনীৰ আত্মহননে প্ৰতিগৰাকী নাৰীৰ বুকুত সেই প্ৰশ্নৰ জোৱাৰ তুলি থৈ গ’ল৷ সৌদামিনীৰ আত্মহননে তথাকথিত পুৰুষতান্ত্ৰিক সমাজখনৰ বিপক্ষে এক নীৰৱ প্ৰতিবাদৰ সৃষ্টি কৰি থৈ গ’ল৷ এনেদৰেই পৰ্যবেক্ষণ কৰিলেই সৌদামিনী চৰিত্ৰটোৰ মাজত নাৰীবাদী চিন্তা-চেতনাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়৷ 

মৃণালিনীঃ-- নীলকণ্ঠী ব্ৰজ উপন্যাসৰ অন্যতম এটি উল্লেখযোগ্য চৰিত্ৰ হ’ল মৃণালিনী৷
 উপন্যাসখনৰ কাহিনীৰ গতিশীলতাৰ ক্ষেত্ৰত মৃণালিনী চৰিত্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ মৃণালিনী চৰিত্ৰটো সৃষ্টিৰ ক্ষেত্ৰটো ঔপন্যাসিকৰ সচেতনতা লক্ষ্য কৰা যায়৷ সৌদামিনীৰ দৰেই মৃণালিনীৰ মাজতো প্ৰতিবাদী ৰূপ এটা দেখিবলৈ পোৱা যায়৷ মৃণালিনী হৈছে বিহাৰী কুঞ্জৰ অধিকাৰী বৃদ্ধ কৃষ্ণকান্ত ঠাকুৰৰ দুকুৰি বছৰীয়া অবিবাহিতা জীয়েক৷ বৃন্দাবনৰ ৰাধেশ্যামী সকলৰ জীৱন-যন্ত্ৰণাক তাই ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে৷ পুৰুষতান্ত্ৰিক সমাজখনে ৰাধেশ্যামী সকলৰ ওপৰত চলোৱা শাৰীৰিক-মানসিক দমন-নিপীড়ন তাই নিজ চকুৰে দেখিছে৷ এইবোৰ দেখি-শুনি তাইৰ মন-মগজু বিদ্ৰোহী হৈ উঠিছে৷ কেৱল নাৰীক শোষণ কৰিব জনা সমকালীন পুৰুষতান্ত্ৰিক সমাজখনৰ প্ৰতি তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি কৈছে--- “ভদ্ৰলোকহ্ল বৰ হাস্যকৰ কথা৷ খুপৰীত অঘৰী ৰাধেশ্যামী সকলৰ দৰে বাস কৰি থাকিলেও মানুহে আমাক ভদ্ৰলোক বুলি ক’বনেহ্ল আমি এতিয়া ভিক্ষাৰী৷ দুসাঁজ পেট ভৰাই খাব নোপোৱা মানুহ, ভিক্ষাৰী হ’লে বৰ কষ্ট হয়৷ ” স্পষ্টবাদী আৰু নিজৰ মতত অটল মৃণালিনীয়ে কাৰোলৈ ভ্ৰূক্ষেপ নকৰে৷ পুৰুষতান্ত্ৰিক সমাজখনে বান্ধি দিয়া পৰম্পৰাগত বৈষম্যমূলক ৰীতি-নীতিবোৰ ভংগ কৰাৰ তীব্ৰ বাসনা মৃণালিনীৰ মাজত দেখা পোৱা যায়---- “...অকল পাত পাৰি বহাই নহয়-- পূজাৰীক অবাক কৰি মৃণালিনীয়ে চিঞৰি উঠিলঃ আৰু অলপ দিয়ক৷ ... মৃণালিনীয়ে যেন লগাইহে দিলে৷ ক্ষুধাতুৰ ৰাধেশ্যামীহঁতে চিঞৰি উঠিলঃ দিয়া আৰু দিয়া, গোবিন্দৰ ভাণ্ডাৰ শেষ হ’ব বুলি কিয় ভয় কৰাহ্ল” পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ প্ৰতি মৃণালিনী কেৱল নিজেই হে যে প্ৰতিবাদ মুখৰ হৈ পৰিছে এনে নহয়, আনকো তাই সচেতন কৰি তুলিছে৷ অকলশৰীয়া আৰু সৰ্বহাৰা নাৰীৰ ওপৰত পুৰুষতন্ত্ৰই চলাব পৰা নিৰ্যাতনৰ কথা কৈ মৃণালিনীয়ে শশীক তাৰ বিৰুদ্ধে সজাগ কৰি তুলিছে৷ পুৰুষতন্ত্ৰৰ ওচৰত মূৰ নোদোঁৱাকৈ থাকিব পৰাকৈ তাইক সাহসী কৰি তুলিব বিচাৰিছে---- “... সেই ঠেৰুছিগা বাবাজী জাকে সুবিধা বুজি তোমাক যুগল উপাসনাৰ প্ৰস্তাৱ কৰিবহি--খবৰদাৰ৷ খাবলৈ নেপাই আলিৰ বুকুত মুখ থেকেঁচা খাই পৰি মৰিলেও সৎ হৈ মৰাৰ নিচা আছে৷ ” এনেদৰেই আমি বিচাৰ কৰি চালে দেখা পাওঁ যে মৃণালিনী চৰিত্ৰটো পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাই নাৰীক কৰা শোষণ-নিপীড়নৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছে৷ ঔপন্যাসিকে ব্যক্তিগত অভিজ্ঞতাৰ সফল প্ৰয়োগেৰে মৃণালিনী চৰিত্ৰটোক জীৱন্ত কৰি তুলিছে৷

 শশীঃ-- নীলকণ্ঠী ব্ৰজ উপন্যাসৰ আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ হ’ল শশী৷ সৌদামিনী আৰু মৃণালিনীৰ দৰে তায়ো পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ বিৰুদ্ধে সাহসীকতাৰে থিয় দিছে৷ সৌদামিনী আৰু মৃণালিনীৰ দৰেই শশীৰ মাজতো নাৰীবাদী চিন্তা-চৰ্চাৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি৷ শোষিত, পীড়িত, সৰ্বহাৰা শশীক ঔপন্যাসিকে মৃণালিনীৰ জৰিয়তে পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ বিৰুদ্ধে সজাগ-সচেতন কৰি তোলাৰ প্ৰয়াস কৰিছে--- “স্বামীজীৰ অন্যমনস্কতাই সেই সুৱৰ্ণ সত্যক ধূলি হৈয়ো আঘাত কৰিব নোৱাৰিবহ্ল বিশ্বাস কৰা মই মোৰ এই দুকুৰি বছৰীয়া জীৱনৰ অভিজ্ঞতাৰ পৰাই এই কথা কৈছোঁ৷ উঠা, চকুলো মচি লোৱা৷ বছৰবোৰ চকুৰ পচাৰতে বাগৰি যাব৷ তুমি আকৌ উভতি আহিবা৷ মোৰ দৃঢ় বিশ্বাস কাঁচৰ বাবে তুমি মাণিক কেতিয়াও নেহেৰুৱা৷ ” -- এনেদৰেই ঔপন্যাসিকে শশী চৰিত্ৰটোক পুৰুষতান্ত্ৰিক সমাজেবিধৱাসকলৰ ওপৰত জাপি দিয়া অনাৱশ্যকীয় কঠোৰ নীতি-নিয়মৰ বিপক্ষে এপাট শক্তিশালী অস্ত্ৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে৷ এইখিনিতে চৰিত্ৰটোৰ মাজত নাৰীবাদী চিন্তা-চেতনাৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি৷ 

 আপাতঃ দৃষ্টিত সৌদামিনী, মৃণালিনী আৰু শশীৰ চৰিত্ৰত নাৰীবাদী চিন্তাৰ প্ৰভাৱ সহজতে নেদেখিলেও ওপৰত উল্লেখ কৰি অহা ধৰণে তেওঁলোকৰ অন্তৱত¹ জগতৰ মনন-চিন্তন আৰু ভাৱ-অনুভূতিবোৰত নাৰীবাদী চিন্তা-চেতনাৰ প্ৰভাৱ সুস্পষ্ট বুলি ক’ব পাৰি৷ এই তিনিটা চৰিত্ৰৰ উপৰিও খ্ৰীষ্টান প্ৰেমিকজন, ৰাকেশ আৰু চন্দ্ৰভানু এই চৰিত্ৰকেইটায়ো নাৰীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়৷ সৌদামিনীৰ কথাবোৰ শুনি খ্ৰীষ্টান প্ৰেমিকজনে কৈ উঠিছে-- “শুনা যিবোৰ মানুহে তোমাক এক ভিন্ন শাৰীত থৈছে, আজি সেইবোৰক মোৰ কচাইৰ লগত ৰিজাবৰ মন গৈছে৷ ” একেবাৰে শেষত শিল্পী ৰাকেশেও ব্ৰজধামৰ কদাচাৰৰ বিৰোধিতা কৰি নীৰৱে আঁতৰি গৈছে৷ বিদায়বেলাত তেওঁ মাথোঁঁঁ কৈ গৈছে-- “মোৰ ভৰিত জোতা থাকক আৰু বা নাথাকক, কিন্তু এটা পৰিষ্কাৰ গান্ধী টুপী সদায় থাকিব৷ ” প্ৰতিবাদৰ ইয়াতকৈয়ো এটা সুন্দৰ উদাহৰণ থাকিব পাৰেনে সেয়ে মামণি ৰয়ছম গোস্বামীৰ নীলকণ্ঠী ব্ৰজ পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ বিৰুদ্ধে এক প্ৰবল প্ৰতিবাদী উপন্যাস৷ এই উপন্যাসখনে নাৰীৰ অৱস্থা উন্নত কৰা, নাৰীক স্বতন্ত্ৰভাৱে জীয়াই থাকিবলৈ দিয়া, পৰম্পৰাগতভাৱে প্ৰচলিত অনাৱশ্যকীয় ৰীতি-নীতি সমূহৰ পৰা নাৰীক মুক্তি দিয়া, মানুহৰ চিত্তৰ পৰিৱৰ্তন সাধন কৰা, ধৰ্মানুষ্ঠান সমূহৰ পৰম্পৰাৰ সংশোধন কৰা, নাৰীৰ ওপৰত থকা অপ্ৰয়োজনীয় বাধা-নিষেধ সমূহ প্ৰত্যাহাৰ কৰাৰ কথা বাৰে বাৰে দোহাৰিছে৷ সেয়ে এনেবোৰ দৃষ্টিকোণৰ পৰা বিচাৰ-বিশ্লেষণ কৰাৰ অন্তত আমি মামণি ৰয়ছম গোস্বামীৰ নীলকণ্ঠী ব্ৰজ উপন্যাসখনক নাৰীবাদী ভাৱধাৰাৰে পৰিপুষ্ট উপন্যাস বুলি ক’ব পাৰোঁ৷ 

 সহায়ক গ্ৰন্থপঞ্জী 

ভৰালী, হেমন্ত কুমাৰ (সম্পা)ঃ মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ প্ৰথম প্ৰকাশ জুলাই ২০১১, বনলতা ৷
শৰ্মা, গোবিন্দ প্ৰসাদঃ নাৰীবাদ আৰু অসমীয়া উপন্যাস দ্বিতীয় সংস্কৰণ, আগষ্ট ২০১১, অসম প্ৰকাশন পৰিষদ ৷
মহন্ত, অপৰ্ণাঃ নাৰীবাদ প্ৰথম প্ৰকাশ ২০১৮, ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷

  মনোজ কুমাৰ গোস্বামীৰ এলুমিনিয়ামৰ আঙুলিঃ এক অধ্যয়ন


যদুমণি গগৈ
অসমীয়া বিভাগ
 ডিব্ৰুগড় বিশ্ববিদ্যালয়

                           


                                                  সাৰাংশ

অসমৰ সমাজ জীৱন আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ ফালৰ পৰা বিংশ শতিকাৰ শেষৰ দশককেইটা আছিল অশান্তজৰ্জৰ আৰু বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত৷ এনে জটিল ক্ষণত মানৱীয় অস্তিত্বলৈয়ো সংকট নামি আহিছিল৷সমাজৰ এই বাস্তৱ চিত্ৰখনৰ কলাত্মক আৰু কৌশলী উপস্থাপন তেখেতৰ গল্পত দেখা পোৱা যায়৷ এলুমিনিয়ামৰ আঙুলি শীৰ্ষক গল্পসংকলনখনত সন্নিৱিষ্ট হোৱা গল্পৰ সংখ্যা ৩৭ টা৷ গতিকে এই প্ৰবন্ধটোৰ পৰিসৰত আটাইকেইটা গল্পকে সামৰি লোৱাটো অসম্ভৱ৷ সেয়েহে আধুনিক জীৱন চৰ্যা, পৰিবৰ্তনৰ সোঁতত ৰুচিবোধ হেৰুৱাই পেলোৱা, মানৱ মনৰ একাকীত্বৰ যন্ত্ৰণা ইত্যাদি গুৰুত্বপূৰ্ণ বিষয়ক সামৰি লোৱা ’এলুমিনিয়ামৰ আঙুলি’ শীৰ্ষক গল্পটোকহে আলোচনাৰ    বাবে নিৰ্বাচন কৰি লোৱা হৈছে৷ আলোচনাৰ পৰিসৰত এই দিশসমূহক সামৰি লোৱা হ’ব৷

মনোজ কুমাৰ গোস্বামীৰ গল্পঃ এক চমু পৰিচয়

বিংশ শতিকাৰ আশীৰ দশকত অসমীয়া গল্প সাহিত্যৰ জগতখনত ভুমুকি মৰা গল্পকাৰ সকলৰ ভিতৰত মনোজ কুমাৰ গোস্বামী অন্যতম৷ আশীৰ দশকৰ আৰম্ভণিতে প্ৰকাশ পোৱা প্ৰান্তিক আলোচনীৰ জৰিয়তে মনোজ কুমাৰ গোস্বামীয়ে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ তেখেতে এই সময়ছোৱাত অসমৰ সমাজ জীৱনলৈ অহা পৰিৱৰ্তন, প্ৰত্যাহ্বান সমূহক গল্পৰ জৰিয়তে নিজস্ব শৈলীৰে বলিষ্ঠ ৰূপত উপস্থাপন কৰিছে৷ গোস্বামীৰ উল্লেখযোগ্য গল্পসংকলন সমূহ হ’ল--- ঈশ্বৰহীনতা [১৯৮৬], স্বাধীনতা , সমীৰণ বৰুৱা আহি আছে [১৯৯৩] মই ৰাজেন বৰুৱাক সমৰ্থন কৰোঁ [১৯৯৪], এলুমিনিয়ামৰ আঙুলি [২০১০], ভুলসত্য [২০১৭]৷ তেখেতে ১৯৯৪ চনত সৰ্বভাৰতীয় ‘কথা’ সাহিত্য সন্মান লাভ কৰে৷ ভুলসত্য শীৰ্ষক গল্পপুথি খনৰ বাবে তেখেতে ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে৷মনোজ কুমাৰ গোস্বামীৰ চুটিগল্পৰ চমৎকাৰিত্ব সম্পৰ্কত ধ্ৰুৱজ্যোতি বৰাই এনেদৰে উল্লেখ কৰিছে--- অকণমান গভীৰভাৱে চালে আমি দেখোঁ যে প্ৰাত্যহিক প্ৰেডিক্টেবিলিটি [Predictebility) আৰু  আনপ্ৰেডিক্টেবিলিটি (Unpredictebility) ৰ নিৰ্মাণ আৰু বিনিৰ্মাণ মনোজ কুমাৰ গোস্বামীৰ গল্পৰ এটা অন্যতম প্ৰধান বৈশিষ্ট্য আৰু এই বিনিৰ্মাণ কেতিয়াবা ক্ষমাহীন আৰু নৃশংস আৰু ইয়াৰ মাজেৰেই আন্ধাৰ বৰ্ষাহীন নিশা বিজুলীৰ চমকে পৃথিৱীখন ভয়লগা সুন্দৰ ধৰণে চমকাই তোলাৰ দৰে মনোজ কুমাৰ গোস্বামীৰ গল্পই আমাৰ অস্তিত্বৰ বাস্তৱতাক আৰু লগতে ইয়াৰ অবাস্তৱতাকো উন্মোচিত কৰি তোলে৷ আৰু এই উন্মোচনে আনি দিয়ে এক নতুন ধৰণৰ উপলব্ধি-- যি ছালৰ বাহিৰৰ পৰা গভীৰ ভিতৰলৈ প্ৰবাহিত হয় আৰু পাঠকক নিজৰ ওচৰত নগ্ন আৰু নিঃস্ব কৰি তোলে৷ আৰু ঠিক এই কাৰণেই মনোজ কুমাৰ গোস্বামীৰ গল্পবোৰ এক কথাত অনবদ্য-- এয়েই গল্পবোৰৰ চমৎকাৰিত্ব৷[ৰ]  [ মনোজ কুমাৰ গোস্বামীৰ চুটিগল্প, ধ্ৰুৱজ্যোতি বৰা, অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন, অপূৰ্ব বৰা [সম্পা.] পৃ. ৫২০] ৷ পাঠকে বিচৰা ধৰণৰ শৈলীৰে সকলো শ্ৰেণীৰ মানুহৰ জীৱনৰ ছবি অংকন কৰাৰ ক্ষেত্ৰত গল্পকাৰ মনোজ কুমাৰ গোস্বামী সফল৷ বিদ্ৰোহী নেতাৰ পৰা আৰম্ভ কৰি চৰম হতাশাত ভুগি আত্মহত্যা কৰিব বিচৰা মানুহজনলৈকে, উচ্ছবিত্ত শ্ৰেণীটোৰ পৰা আৰম্ভ কৰি নিম্নবিত্ত শ্ৰেণীটোলৈকে, ৰাজনীতিৰ পৰা আৰম্ভ কৰি সাংবাদিকতালৈকে এই সকলো দিশৰ চৰিত্ৰ উপস্থাপন তেখেতৰ গল্পত দেখা পোৱা যায়৷ মানুহৰ জীৱন, বোধন, আৰু চেতনক নিজস্ব দৃষ্টিভংগীৰে পৎৰ্বেক্ষণ কৰা মনোজ কুমাৰ গোস্বামীৰ গল্পৰ ধাৰা আছিল স্বকীয়৷ আধুনিক মানুহৰ জীৱন চৰ্যাৰে নিৰ্মাণ কৰা মনোজ কুমাৰ গোস্বামীৰ গল্পত মানৱ মনৰ একাকীত্ব, অস্তিত্ববাদী চেতনা,নগৰ চেতনা, ব্যক্তিজীৱনৰ অন্তৰ্দ্বন্দ্ব, সমকালীন সমাজ তথা ৰাজনৈতিক চেতনা ইত্যাদি বিশেষত্ব পৰিলক্ষিত হয়৷ সমাজৰ দ্ৰুত পৰিৱৰ্তনে আনি দিয়া নিসংগতা, বিচ্চিন্নতা আৰু একাকীত্বই ব্যক্তিৰ বাস্তৱিক আৰু মানসিক উভয় জগতক কিদৰে সংকুচিত কৰি তুলিছে তাৰ সাৰ্থক প্ৰকাশ গোস্বামীৰ গল্পত দেখিবলৈ পোৱা যায়৷ আলোচনা কৰিবলৈ লোৱা এলুমিনিয়ামৰ আঙুলি গল্পটিও এই শ্ৰেণীৰে অন্তৰ্গত৷

এলুমিনিয়ামৰ আঙুলি গল্পৰ বিষয়বস্তুঃ

                  এলুমিনিয়ামৰ আঙুলি গল্পৰ মূল চৰিত্ৰ হ’ল ধৰণী দত্ত৷ যান্ত্ৰিক জীৱন এটাত সদাব্যস্ত হৈ থকা পুত্ৰ-বোৱাৰীৰ ওচৰলৈ আহি বিপত্নীক ধৰণী দত্তই সন্মুখীন হোৱা অসহায় অৱস্থা, বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ পৰিৱৰ্তনে কঢ়িয়াই অনা সুফলৰ লগতে কুফল সমূহৰ বিষয়ে অৱগত কৰা ইত্যাদি বিষয় সমূহকে লৈ এই গল্পটো ৰচনা কৰা হৈছে৷ মূলতঃ ধৰণী দত্তক কেন্দ্ৰ কৰিয়েই গল্পটোৱে আগবাঢ়িছে৷ দৰাচলতে গল্প বুলি ক’লে যি পৰম্পৰাগত ধাৰণাৰ কথা আমাৰ মনলৈ আহে সেই ধাৰণাৰ লেশমানো আভাস এই গল্পত নাই ৷ এটা নিটোল কাহিনী বিন্যাস, বহু চৰিত্ৰৰ সমাৱেশ নথকাকৈয়ো মানুহৰ ব্যক্তিগত জীৱনৰ বিভিন্ন পৰ্যায়ত ঘটা কিছু বিক্ষিপ্ত ঘটনাকলৈয়ো গল্প ৰচনা কৰিব পাৰি৷ এই কথা গল্পকাৰে গল্পটোৰ মাজেদি প্ৰতিপন্ন কৰিছে৷ মূলতঃ আধুনিক জীৱন চৰ্যাত মানুহ আৰু মানুহৰ মাজত বাঢ়ি অহা দূৰত্ব, মানুহৰ ৰুচিবোধৰ পৰিবৰ্তন আৰু অৱক্ষয় ইত্যাদি বিষয়বস্তুক লৈয়ে এই গল্পটো ৰচনা কৰা হৈছে৷

সামাজিক পৰিবৰ্তন অস্তিত্ববাদী চেতনা আৰু মানসিক অন্তৰ্দ্বন্দ্ব ইত্যাদি

          অৱসৰপ্ৰাপ্ত শিক্ষক ধৰণী দত্তৰ পৰিয়াল বুলিবলৈ তেওঁৰ পুত্ৰ শান্তনু, বোৱাৰীয়েক ঊষা, নাতি-নাতিনীয়েক অপু আৰু ইনু৷ অৱশ্যে কৰ্মসূত্ৰে শান্তনু নিজৰ পৰিয়ালৰ সৈতে দূৰত থাকে৷ ধৰণী দত্ত ঘৰত অকলশৰে থাকে৷ মাজে মাজে পুতেক বোৱাৰীয়েকৰ ওচৰলৈ যায়৷ লাহে লাহে দত্তই পুতেক-বোৱাৰীয়েকৰ ওচৰলৈ যোৱাটো কমাই দিছে৷ নিজৰ পুতেক বোৱাৰীয়েকৰ ঘৰতেই দত্তই বৰ বিব্ৰতবোধ কৰে৷ অপু আৰু ইনুৰ সৰুকাললৈ মনত পেলাই ৰোমাঞ্চিত হৈ উঠে৷ ওচৰে পাজৰে জঁপিয়াই সাধু এটা ক’বলৈ আব্দাৰ ধৰা সেই সৰু ল’ৰা-ছোৱালীহাল চকুৰ পচাৰতেই ডাঙৰ হ’ল৷ সিহঁতৰ স্বভাৱত পৰিবৰ্তন আহিল৷ অনবৰতে সিহঁতৰ নিজস্ব জগত খনৰ মাজত সোমাই থাকে৷ ইফালে পুত্ৰ শান্তনু দিনটোৰ বাবে নিজৰ কামলৈ ওলাই যায়৷ বোৱাৰীয়েক ঊষাও অপু, ইনু আৰু নিজকলৈয়ে ব্যস্ত৷ ধৰণী দত্তৰ খবৰ ল’বলৈ যেন কাৰোৰেই আহৰি নাই৷ তেওঁৰ সৈতে সুখ-দুখৰ কথা পাতিবলৈ যেন কোনো নাই৷ অনবৰতে একাকীত্বই ভৰা এখিনি সময় তেওঁ পাৰ কৰিবলগা হৈছে৷ এয়া তেওঁৰ প্ৰাপ্তি নাছিল৷ মানুহৰ জীৱনবোধ আৰু চেতনাৰ ছবি অংকন কৰাত যে গল্পকাৰ সুদক্ষ, তাৰ ছবি এই গল্পটোৱেই দাঙি ধৰে৷ প্ৰাপ্তি-অপ্ৰাপ্তিৰ যন্ত্ৰণাৰে ধৰণী দত্তৰ চৰিত্ৰটো ভৰপূৰ৷ বিশিষ্ট ঔপন্যাসিক ধ্ৰুৱজ্যোতি বৰাৰ ভাষাত খেদ আৰু অপ্ৰাপ্তিৰ অতৃপ্তিৰে ভৰা পৃথিৱীখনত মনোজৰ চৰিত্ৰবোৰত আমি বিচৰণ কৰিছোঁ অৰ্থ আৰু অৰ্থহীনতাৰ মাজত৷ সমকালীন সমাজৰ এনে বাংময় আৰু বিশ্বস্ত চিত্ৰায়ণ সঁচাই  দুৰ্লভ [এলুমিনিয়ামৰ আঙুলি, অন্য কলম,  ধ্ৰুৱজ্যোতি বৰা]৷  


        অসমৰ সমাজজীৱনত নব্বৈ দশকটো আছিল অতিশয় গুৰুত্বপূৰ্ণ৷ সন্ত্ৰাসবাদৰ সমস্যা, অস্থিৰতা, অনিশ্চয়তা, সংশয় আৰু সংকটেৰে ভাৰাক্ৰান্ত আছিল এই দশকটো৷ এই কথাবোৰে সামাজিক জটিলতা সৃষ্টি কৰাৰ লগতে  মানুহৰ মানসিক জগতখনকো প্ৰভাৱিত কৰিছিল৷ গোলকীকৰণ, মুক্ত অৰ্থনীতিৰ প্ৰভাৱ, প্ৰযুক্তিবিদ্যাৰ দ্ৰুত পৰিৱৰ্তন ইত্যাদিয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ তড়িৎ গতিত পৰিবৰ্তন আনিছিল৷ এই সম্পৰ্কত অৰিন্দম বৰকটকীয়ে এনেদৰে উল্লেখ কৰিছে-- এনে এটা পৰ্যায়ত অসমীয়া গল্পকাৰ গল্পৰ চৰ্চা বা সাধনা লেখক সত্তাৰ ব্যক্তিগত পৰ্যায়ত উপলব্ধ হোৱা ধাৰণাৰে আৰম্ভ হৈছিল আৰু সমাজজীৱনৰ বিভিন্ন সমস্যা আৰু জটিলতাৰ মাজত নিজস্ব শৈলীৰে জীৱনবোধৰ সন্ধান আৰু সেই প্ৰেক্ষাপটত মানুহৰ মানুহৰ অস্তিত্ব কি ৰূপত বৰ্তি আছে বা থাকিব পাৰে তাক বিচাৰ কৰি চোৱাৰ প্ৰচেষ্টাতেই নব্বৈৰ দশকৰ অসমীয়া গল্পৰ সংবেদন লুকাই আছে৷ অসমীয়া গল্পৰ সেই সংবেদনক আটাইতকৈ সমৃদ্ধ ৰূপত ধৰি ৰাখিছিল মনোজ কুমাৰ গোস্বামীৰ গল্পই [অসমীয়া চুটিগল্পৰ গতি-প্ৰকৃতি. পৃষ্ঠা ৯৭]৷ ঠিক এনেধৰণৰ আবেদন গোস্বামীৰ পৰৱৰ্তী সময়ৰ গল্পবোৰতো দেখিবলৈ পোৱা যায়৷ এলুমিনিয়ামৰ আঙুলি এই গল্পটো তাৰ এক অন্যতম উদাহৰণ বুলি ক’ব পাৰি৷ পৰিবৰ্তনে জটিল কৰি তোলা সামাজিক আৰু ব্যক্তিজীৱনৰ মাজত অস্তিত্ববাদী চিন্তা-চেতনাই ক্ৰিয়া কৰাৰ ছবি এখনো গল্পটোত ফুটি উঠিছে--- বাহিৰত এতিয়া সম্পূৰ্ণ আন্ধাৰ৷ দূৰৈৰ ৰাস্তাত হেলোজেনৰ হালধীয়া পোহৰ, চুবুৰীয়াৰ ঘৰৰ পৰা টেলিভিছনৰ অনুষ্ঠান ভাঁহি আহিছে৷ ক’ৰবাত ষ্টেৰিঅ’ত বাজিছে এটা হিন্দীগান৷ দত্তই মূৰ তুলি চাই দেখে হিম আকাশত এটুকুৰা জোন৷ কিন্তু সেই আকাশ আৰু নাই৷ তেওঁ দেখে আকাশ আৰু অক্ষত হৈ ৰোৱা নাই৷ চাৰিওপিনৰ ঘৰবোৰৰ পৰা উলম্বভাৱে আগবাঢ়ি গৈছে অগণন উদ্ধত এলুমিনিয়ামৰ এন্টেনা৷ যেন আকাশখনেই বিদ্ধ কৰাৰ বাবে৷ [এলুমিনিয়ামৰ আঙুলি , পৃষ্ঠা ১২১ ]৷ 


 সময় আৰু সমাজৰ অবাঞ্ছিত পৰিবৰ্তনে অনা জটিলতাই কেৱল বাহ্যিক দিশত হে যে প্ৰভাৱ পেলাই তেনে নহয় , ই আভ্যন্তৰীণ দিশতো যথেষ্ট প্ৰভাৱ পেলায়৷ গল্পটোত এইকথাখিনি শক্তিশালী ৰূপত উপস্থাপন কৰা হৈছে৷ মানুহ আৰু মানুহৰ মাজৰ সম্পৰ্কত ব্যৱধান উৎপন্ন কৰা, মানৱ মনক একাকী কৰি তোলা ইত্যদি ঘটনাবোৰ সময় আৰু সমাজৰ অবাঞ্ছিত পৰিবৰ্তনে কঢ়িয়াই অনা কুফল বুলিয়েই ক’ব পাৰি৷ ধৰণী দত্তই চকুৰ পচাৰতে এই পৰিবৰ্তন দেখি এক প্ৰকাৰৰ মানসিক অন্তৰ্দ্বন্দ্বত ভুগিছে৷ সেয়ে তেওঁৰ মনত বোধ হৈছে-- এই ঘৰখনত তেওঁৰ প্ৰতিদ্বন্দ্বীহৈ দেখা দিছে টেলিভিছনটোৱে৷ তেওঁৰ ওচৰৰ পৰা সি কাঢ়ি নিছে পুতেক-বোৱাৰীয়েক-অপু-ইনুহ’তক৷ নীলা কাঁচৰ মাজেৰে সি ঘৰখনত বিয়পাই দিছে বিষবাস্প [এলুমিনিয়ামৰ আঙুলি  পৃ. ১১৯]৷ সেয়ে তেওঁ পুনৰ ভাবিছে-- টেলিভিছনটো নথকাহ’লে অপু-ইনুহঁতে আকৌ এবাৰ তেওঁৰ ওচৰলৈ উভতি আহিলহেঁতেন, আব্দাৰ কৰিলহেঁতেন, এটা সাধু বা তেওঁৰ বিশাল অভিজ্ঞতাৰ কাহিনী শুনোৱাৰ,  শান্তনু বা উষাই পাতিলেহেঁতেন তে ওঁৰ সৈতে সুখ-দুখৰ একাষাৰ অন্তৰংগ কথা [এলুমিনিয়ামৰ আঙুলি  পৃ. ১১৯-১২০]৷ মানুহ আৰু মানুহৰ মাজৰ সম্পৰ্কত উৎপন্ন হোৱা এনেধৰণৰ ব্যৱধানে মানৱ মনৰ একাকীত্বক বঢ়াই তোলাৰ লগতে ভিৰৰ মাজতো  মানুহক নিসংগ কৰি তোলে৷৷ ধৰণী দত্তয়ো এনে অৱস্থাৰেই সন্মুখীন হৈছে৷  পুত্ৰ-বোৱাৰী-নাতি-নাতিনীয়েকৰ  সৈতে ক্ৰমাৎ বাঢ়ি অহা দূৰত্বই দত্তৰ মনত গভীৰ অন্তৰ্দ্বন্দ্বৰ সৃষ্টি কৰিছে৷


ৰুচিবোধৰ পৰিৱৰ্তন নে অৱক্ষয়   

     পূৰ্বে উল্লেখ কৰি অহা হৈছে যে  সময় আৰু সমাজৰ অবাঞ্ছিত পৰিবৰ্তনে সমাজ আৰু ব্যক্তি দুয়োটাৰে ক্ষেত্ৰত যথেষ্ট কুপ্ৰভাৱ পেলায়৷  এই গল্পটোত গল্পকাৰে সংযোগ কৰা এটা গুৰুত্বপূৰ্ণ  দিশ হ’ল মানুহৰ ৰুচিবোধ৷ সময় সাপেক্ষে মানুহৰ ৰুচিবোধৰ পৰিবৰ্তন হয়৷ এইক্ষেত্ৰত গল্পকাৰে টেলিভিছন আৰু যৌন অনুষংগক প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে৷ এই প্ৰসংগত অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ ষষ্ঠ খণ্ড ৰ অসমীয়া গল্প [১৯৯৩-২০১০] শীৰ্ষক প্ৰবন্ধত  এম কামালুদ্দিন আহমেদে এনেদৰে উল্লেখ  কৰিছে-- বিপৰীত ধৰণৰ অনুভূতি একত্ৰে প্ৰকাশ কৰি আধুনিক মানুহৰ জটিল মানসিকতা ব্যঞ্জনাদীপ্ত ভাষাৰে তেওঁ প্ৰকাশ কৰিছে৷ তেওঁৰলগল্পত আধুনিক জীৱনৰ নিৰ্বেদ আৰু ক্লান্তিও বাংময় হৈ দেখা দিয়ে৷ ইয়াৰ বাবে কেতিয়াবা তেওঁ যৌন অনুষংগও সাৰ্থকভাৱে ব্যৱহাৰ কৰিছে৷ [পৃ. ৬৬১] গল্পকাৰৰ মূল প্ৰশ্নটো হ’ল দৰাচলতে সকলো ক্ষেত্ৰতেই মানুহৰ ৰুচিবোধৰ পৰিবৰ্তন হয়নে? নে বহু ক্ষেত্ৰত ই পৰিবৰ্তনক অতিক্ৰম কৰি অৱক্ষয়ৰ দিশলৈ ধাৱমান হয়৷ পৰিবৰ্তনে প্ৰায় সকলোবোৰ বস্তু সহজলভ্য কৰি তুলিছে৷ সহজলভ্যতাই ভোগ, সুখৰ প্ৰতি মানুহৰ আকৰ্ষণ সহজে বৃদ্ধি কৰি তুলিছে৷ দত্তৰ চকুৰ সন্মুখতে পুত্ৰ-বোৱাৰী-নাতি-নাতিনীৰ ৰুচিবোধ সলনি হৈছে৷  সৰুতে অপু আৰু ইনুৱে ককাকক সাধু শুনাবৰ বাবে আব্দাৰ ধৰিছিল৷ সেই অপু আৰু ইনুৰ আজি ককাকক মাতিবলৈয়ো সময়ৰ অভাৱ৷ পৰিবৰ্তনৰ সুৰুঙাইদি বলা বিপৰীতমুখী বতাহজাকত অভ্যস্ত হৈ অপুৱে ককাকৰ আগত মিছা মাতিবলৈয়ো কুণ্ঠাবোধ কৰা নাই৷ ভিচিআৰত ইংৰাজী চিনেমা চাম বুলি ককাকৰ আগত মিছাকৈ কোৱা অপুৰ মিথ্যাচাৰ দেখি তেওঁ হতভম্ব হৈ পৰিছে-- দত্তৰ হৃদপিণ্ড জঁপিয়াই উঠিল৷ পিছল পেকেটটোত সেই মানুহটোৰ মুখ৷ কঠিন শৰীৰৰ মানুহটোৱে দত্তৰ পিনে স্থিৰ চকুৰে চাই আছে৷ কণ্ট্ৰাচেপ্তিভৰ সেই পেকেটটোত থকা স্পষ্ট আখৰ কেইটা পঢ়িবলৈ দত্তৰ কিছু সময় লাগিল-- ‘মুড্‌ছ কনডম, গিভ্‌ছ ইউ দ্য কনফিডেন্স [এলুমিনিয়ামৰ আঙুলি  পৃ. ১২১]৷ আনফালেদি পুতেক শান্তনুৰ মাজতো দত্তই যথেষ্ট পৰিবৰ্তন দেখা পাইছে৷ সময়ে যেন তাকো বৰ বেয়াকৈ সলনি কৰি পেলাইছে৷ তাৰ ব্যৱহাৰ,ৰুচি-অভিৰুচি সকলো যেন সলনি হৈ গৈছে৷ দেউতাকৰ প্ৰতি থকা দায়িত্বখিনি সি কেৱল সৌজন্যতাৰ খাতিৰতহে পালন কৰা যেন দত্তৰ অনুভৱ হয়৷ যৌনতা সম্পৰ্কে মুকলিকৈ কথা-বতৰা পাতিব পৰা এটা পৰিবেশ আজিও আমাৰ সমাজখনত গঢ় লৈ উঠা নাই৷ এইক্ষেত্ৰত আমাৰ সমাজখন বৰ্তমানেও ৰক্ষণশীল৷ সেয়ে হয়তো ধৰণী দত্তই টেলিভিছনত পুতেক-বোৱাৰীয়েকহঁতে চাই থকা হিন্দী ফিল্মৰ সেই যৌন উত্তেজক দৃশ্যবোৰ চাব পৰা নাই-- ‘............লাহে লাহে এক হৈ যাব ধৰে দুয়োটা শৰীৰ... তাৰ পিছত ভয়ংকৰ নিৰ্লজ্জতাৰে দৰ্শকৰ পিনে চাই সেই প্ৰগলভ পুৰুষে কৈ উঠে, মুড্‌ছ কনডম, গিভ্‌ছ ইউ দ্য কনফিডেন্স [এলুমিনিয়ামৰ আঙুলি  পৃ. ১১৮]৷ গল্পকাৰে এই ধৰণে গল্পটোত যৌন অনুষংগৰ কথা উপস্থাপন কৰিছে যদিও তাৰ অৰ্থ অবাধ যৌনতা নহয়৷ সুপৰিকল্পিত যৌন শিক্ষাৰ দ্বাৰা অপু আৰু ইনুহঁতৰ প্ৰজন্মটোক অবাধ যৌনতাৰ গ্ৰাসত পৰিবলৈ নিদিয়াটোহে গল্পটোৰ মূল বক্তব্য৷ সহজলভ্য যিকোনো বস্তুৰে প্ৰতি মানুহৰ আকৰ্ষণ সদায়েই বেছি হয়৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ পৰিবৰ্তনে যৌনতাকো সহজলভ্য কৰি তুলিছে৷ সেযে অপুহঁতৰ দৰে প্ৰজন্মটো যৌনতাৰ প্ৰতি সহজেই আকৰ্ষিত হৈছে৷ ৰুচিবোধৰ এনে পৰিবৰ্তন দেখি ধৰণী দত্ত শংকিত হৈ পৰিছে৷ তেখেতৰ মনত এই প্ৰশ্নৰ উদয় হৈছে যে-- দৰাচলতে এয়া ৰুচিবোধৰ পৰিবৰ্তন নে অৱক্ষয়? সাম্প্ৰতিক সমাজখনৰ বাবেও ই এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন৷ 


সামৰণি

মনোজ কুমাৰ গোস্বামীৰ গল্পত সমাজৰ প্ৰতিটো শ্ৰেণীৰ চিন্তা-চেতনাৰ প্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায়৷ পূৰ্ণাংগ ৰূপত এটা কাহিনী নাথাকিলেও আধুনিক জীৱন চৰ্যা, ব্যক্তিৰ জীৱনবোধ, চিন্তা, দৰ্শন অভিজ্ঞতা, ৰুচিবোধ, জীৱনৰ বিক্ষিপ্ত ঘটনা আদিক একেডাল মালাৰে গাঁথি গল্পৰ ৰূপ দিয়াত মনোজ কুমাৰ গোস্বামী অতি দক্ষ৷ বিষয়বস্তুৰ সূক্ষ্ম অধ্যয়ন, পৰ্যবেক্ষণ আৰু শক্তিশালী উপস্থাপন তেখেতৰ গল্পৰ এটা প্ৰধান বিশেষত্ব৷ এলুমিনিয়ামৰ আঙুলি গল্পটোৰ নামকৰণ যথেষ্ট অৰ্থৱহ৷ মানুহৰ জীৱনত জীৱন জিজ্ঞাসা, চিন্তা, দৰ্শন, ৰুচিবোধ ইত্যাদি কথাবোৰ কেতিযাও সমপৰ্যায়ত বা একেটা স্তৰত নাথাকে৷ সময় সাপেক্ষে বঢ়া-টুটা হয়৷ সময় সাপেক্ষে দিশ সলনি হয়৷ কেতিয়াবা কেতিয়াবা এই কথাবোৰত একোটা আচোঁৰ পৰাটো প্ৰয়োজন৷ যি আমাক আমি কোন দিশেৰে গৈ আছোঁ সেই কথা জ্ঞাত কৰিব পাৰে৷ গল্পৰ ভাৱ-ভাষা মেদহীন আৰু গাঁথনি শক্তিশালী৷






সহায়ক গ্ৰন্থপঞ্জী

মূল গ্ৰন্থ

গোস্বামী, মনোজ কুমাৰ, এলু্‌মিনিয়ামৰ আঙুলি, দ্বিতীয় সংস্কৰণ ছেপ্টেম্বৰ ২০১২, ভৱানী বুক্‌ছ, গুৱাহাটী-৭৮১০২৬

গৌণ গ্ৰন্থ

বৰগোহাঞি, হোমেন [সম্পা.] অসমীয়া সাহিত্যৰ বুৰঞ্জী [ষষ্ঠ খণ্ড], পৰিবদ্ধিৰ্ত সংস্কৰণ, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা অসম

বৰুৱা, প্ৰহ্লাদকুমাৰ, অসমীয়া চুটিগল্পৰ অধ্যয়ন, তৃতীয় প্ৰকাশ,২০১৫, বনলতা, গুৱাহাটী

বেগম, লুটফা হানুম ছেলিমা [সম্পা.] প্ৰসংগঃ সাম্প্ৰতিক অসমীয়া সাহিত্য, প্ৰথম প্ৰকাশ নবেম্বৰ ২০২০, পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ গুৱাহাটী-1

ৰাজখোৱা, অৰবিন্দ [সম্পা.] অসমীয়া চুটিগল্পৰ গতি-প্ৰকৃতি, তৃতীয় প্ৰকাশ, আগষ্ট ২০১৮, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন

বৰা, অপূৰ্ব [সম্পা.],অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন ,মুদ্ৰিত ২০১২, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় 

                                                                      



   

Tuesday 30 May 2023

 ব্যক্ত                                              

 তাং ২১.০৫.২০২৩

(প্ৰকাশঃ ৰংকিমি, মে-জুন, দ্বাদশ সংখ্যা, দ্বিতীয় বৰ্ষ, ২০২৩)


কথাবোৰ পাগুলি পাগুলি মই চৰ এটা খাই থাকোঁ

কথাবোৰ পাগুলি থাকিবলৈ মোক চৰ মাৰি থকা হয়


আপুনি মোক ভুল বুলি নাভাবিব পাৰে 

কথাবোৰ এনেকুৱাও নহয় যে

মোক শুদ্ধ বু্‌লি ভাবি আপুনি আপোনাৰ জীৱনৰ চূড়ান্ত ভুলটো 

নকৰাকৈ থাকিব পাৰে


ভবা আৰু সাৰ্থক কৰাৰ

কোৱা আৰু কৰাৰ মাজত সমতা নাথাকে

বাহিৰে-ভিতৰে চলি থকা অপ্ৰয়োজনীয় ফিউজনৰ কাৰবাৰটোত

আপুনি কনফিউজড হৈ পৰিব পাৰে 


আপুনি কনফিউজড হৈ থকালৈকে আপুনি নিৰ্বাক 

সুবিধা বিপৰীতপক্ষৰ 

আপুনি আপোনাৰ জীৱনৰ একাউেKI×টৰ হিচাপত 

খেলি-মেলি কৰিব নোৱাৰে

এক দুই তিনি

আপোনাৰ বুকুলৈ লক্ষ্য কৰি হাজাৰটা বুলেট ৰৈ থাকে


আপুনি কনফিউজড হৈ থকালৈকে আপুনি নিৰাপদ 

প্ৰশ্নতোলাৰ পিছত পঞ্চতত্ত্ব খণ্ড-বিখণ্ড


ৰজা বলী, প্ৰজা খালী

ৰজাৰ বৰচ’ৰাত চুপতা-চুপতি


ঘূৰি ঘূৰি সেই একেই কাহিনী

আপুনি বলি অথবা অথবা আপুনি কলি


জঁট ভাঙি ভাঙি কথাৰ ডুলি ফুটে 

ভঁৰাল পোৰে 

জুৰণি নপৰে

ঘুমটি নাহে

মাত মৰে


মুখ বাগৰি বাগৰি আপুনি মুখৰোচক খাদ্য হৈ পৰে

চেনেলৰ টি আৰ পি

আপোনাকলৈ গল্প-গুজৱ মানুহৰ নিজস্ব ব্যাখ্যা 


নুবুজালৈকে আপুনি আপোনাৰ বাটেৰে যায়

ুবুজালৈকে সমাজে আপোনাৰ বাট চিনি নেপায়


ভিতৰি ভিতৰি কাৰবাৰ এটা চলি থাকে

বুজিবলৈ একো বাকী নাথাকে

বুজাবলৈয়ো...


সৰ থকালৈকে চৰ কাৰ? 

নহ’লে বুজিছা ব্যাপাৰ

ৰংচঙীয়া চমৎকাৰ চমৎকাৰ


[বিঃদ্ৰঃ সৰঃ বেৰ বা জেওৰা ভাগি ওলোৱা বাট ]


যদুমণি গগৈ

অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়


ৰংকিমি পঢ়ক



Friday 24 February 2023

কৃষ হেন শব্দ ইটো

 কৃষ হেন শব্দ ইটো

('সাপ্তাহিক নতুন সংবাদ' কাকতত প্ৰকাশিত)

              

যদুমণি গগৈ


মন-মাটি-মেঘ একাকাৰ হ’লে 

হৃদয়খন চহাব পাৰি

যাৰ হৃদয়ত মাটিয়েই নাই

সি কি বুজিব চহাৰ দুখ


চহাৰ দুখৰ কথা কোৱা মানুহবোৰ 

আচলতে মাটিত নাথাকে

মাটিৰ পৰা তিনিহাত ওপৰত থাকে

পাব পাব আলি দি কঠিন হোৱা ভৰিৰ তলুৱাবোৰত

সন্ধিয়া পোৰামাটিৰ চাকিৰ পোহৰত

চকুলোবোৰ তেজ হৈ সৰে 


দেহ চাই ধৰিব পাৰি তেজৰ আকাল

মুখ চাই বুজিব পাৰি ক্ষুধাৰ পোৰণি কিমান


পানীযুঁৱলিত পৰা এঙাৰহেন ছাঁটো দেখি 

সৰ্বশৰীৰ উচপ খাই নুঠাটো স্বাভাৱিক কথা 

ভৰ-দুপৰীয়াৰ হুটাশনীয়া মাতটোত

প্ৰভাতী মুখৰ ৰ’দ ছাটি এঙাৰ হৈ বৰষে 


এঙাৰ পোহৰ

ইমানৰ পিছতো কেনেকৈ ক’ম এঙাৰ মোৰ পৰ


কৃষ হেন শব্দ ইটো


আমি দেখিছোঁ শাণিত শব্দবোৰে এঙাৰৰ ৰূপ লোৱা

আমি দেখিছোঁ তাপিত তেজবোৰ গলি এঙাৰ হোৱা

তেজৰঙা পকা অঙঠাৰ উত্তাপ

হাতবোৰ আমাৰ এঙাৰৰ দৰে ক’লা

ৰঙা উত্তাপবোৰ সমাধিস্থ কৰিব পৰাকৈ

আমাৰ কলিজাবোৰো এঙাৰৰ দৰেই ক’লা৷

সাপ্তাহিক নতুন সংবাদ ত কবিতাটো পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰক--


Asomiya Notun Sangbad




ঋণ স্বীকাৰঃ কবিতাটোত ব্যৱহৃত কৃষ হেন শব্দ ইটো  বাক্যশাৰী মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত নামঘোষা ৰ পৰা উদ্ধৃত কৰা হৈছে৷

তলৰ লিংকত গৈ কিশলয় পঢ়ক কিশলয় (KISHALAYA)