Nirjonninad

Thursday, 25 January 2024

 লোক-সংস্কৃতিৰ সাধনা, চৰ্চা আৰু কৰ্ষণৰ সোণোৱালী বাটেৰে লোকশিল্পী 

কমলা গগৈ  

 


           
এটা জাতি স্বকীয়তাৰে উজ্জ্বল হৈ থাকিব পৰাৰ মূল কাৰণটোৱেই হ’ল সেই জাতিৰ লোক-সংস্কৃতি৷ বৈচিত্ৰ্য্যময় লোক-সংস্কৃতিয়ে এটা জাতিক অন্য এটা জাতিৰ পৰা, এখন দেশক অন্য এখন দেশৰ পৰা, এখন সমাজক অন্য এখন সমাজৰ পৰা পৃথক আৰু একক কৰি ৰাখে৷ লোক-সংস্কৃতিৰ চৰ্চাই ব্যক্তি মনক ঐতিহ্যানুসন্ধানী কৰি তোলে৷ পৃথিৱীৰ প্ৰত্যেকটো জাতিয়েই নিজৰ নিজৰ মোহনীয় লোক-সংস্কৃতিৰে সমৃদ্ধ৷ অসমীয়া জাতিৰ লোক-সংস্কৃতিও বিশ্বৰ ভিতৰতে একক আৰু অনন্য৷ পুতলা নাচ, অংকীয়া ভাওনাৰ পৰা মাতৃভাষাৰ ভাওনালৈ, বৰগীত, লোকগীতৰ পৰা আধুনিক গীতলৈ, বিহুনাচ, সত্ৰীয়া নৃত্যৰ পৰা আধুনিক নৃত্যলৈ, বিহুনামৰ পৰা আইনাম, ধাই নাম, দিহানামলৈকে প্ৰতিটো উপাদানেই স্বকীয় বৈশিষ্ট্য্যৰে অসমীয়া লোক-সংস্কৃতিক সমৃদ্ধিশালী আৰু বৈচিত্ৰ্য্যময় কৰি তুলিছে৷ অসমীয়া লোক-সংস্কৃতিৰ অবিচ্ছেদ্য অংগ দিহানাম, দেহ বিচাৰৰ গীত, টোকাৰী গীত৷ এইবিলাকৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত নিঃস্বাৰ্থভাৱে কাম কৰি থকা এজন শিল্পী হ’ল কমলা গগৈ [জয়ন্ত]৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে কৈ গৈছে----

নিজৰ তেজত বৰণ মাৰি 

সাধনাৰে মন্ত্ৰ জাৰি

ভোক-পিয়াহো কাতি কৰি  

তোৰ মুখনি ধুনীয়া কৰি যায়৷ 


আন আশা তাৰ কি আছে বাৰু

সি হৈ থাকে সৰুৰো সৰু

তোক শুৱনি কৰাৰ আনন্দৰেই 

জীৱন ওপচায়৷  [অ’ পৃথিৱী শিল্পীক তই, জ্যোতিপ্ৰসাদ আগৰৱালা]

  ৰূপকোঁৱৰৰ এই আদৰ্শকেই সাৰোগত কৰি দিহানাম, দেহ বিচাৰৰ গীত, টোকাৰী গীতক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেখেতে আজিও অহোপুৰুষাৰ্থ কৰি আছে৷ 

 কমলা গগৈ [জয়ন্ত]ঃ পৰিচয়

লোক-সংস্কৃতিৰ সাধক কমলা গগৈ একাধাৰে এগৰাকী লেখক, গীতিকাৰ, সুৰকাৰ, ক_শিল্পী, সুবক্তা আৰু গৱেষক৷ বিংশ শতিকাৰ শেষৰফালে আশীৰ দশকত যোৰহাট জিলাৰ ভগামুখ তামূলী গাঁৱত জন্মগ্ৰহণ কৰা গগৈয়ে সৰুৰে পৰাই লোক-সংস্কৃতিৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল৷ তেখেতৰ প্ৰকৃত নাম জয়ন্ত গগৈ যদিও মানুহৰ মাজত কমলা নামেৰে সুপৰিচিত৷ তেখেতে সুললিত কণ্ঠৰে সৰুৰ পৰাই মানুহক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল৷ গাঁৱত অনুষ্ঠিত ভাওনাসবাহ, বৰসবাহ, মৃতকৰ শ্ৰাদ্ধ, আদিত দিহানাম পৰিৱেশন কৰি তেখেতে সংস্কৃতি চৰ্চাৰ পাতনি মেলে৷ পৰৱৰ্তী সময়ত অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত দিহানাম পৰিৱেশন কৰি ৰাইজৰ সমাদৰ পাবলৈ সক্ষম হৈছে৷ 

সাহিত্যিক কৰ্মৰাজি

দিহানামৰ সাধক হোৱাৰ লগতে তেখেত এজন সু-লেখক আৰু গৱেষক৷ বৰ্তমানলৈকে তেখেতৰ তিনিখন গ্ৰন্থ প্ৰকাশ পাইছে৷ তেখেতে ১৯৯৫ চনত দশম শ্ৰেণীত পঢ়ি থাকোঁতেই ‘এমুঠি কবিতা’ শীৰ্ষক এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াইছিল৷ গ্ৰন্থখনৰ প্ৰকাশৰ উদ্যোগ লৈছিল সেইসময়ৰ যোৰহাট জিলাৰ উপায়ুক্ত প্ৰয়াত অনিল কুমাৰ চাচনে৷ কবিতাপুথিখনৰ উন্মোচক আছিল প্ৰসিদ্ধ কবি-সাহিত্যিক অধ্যাপক নৱকান্ত বৰুৱা৷ দ্বিতীয়খন প্ৰকাশিত গ্ৰন্থ হ’ল ‘ভকতি প্ৰদীপ চাওঁ’৷ এই গ্ৰন্থখন প্ৰকাশ পায় ২০০৮ চনত৷ গ্ৰন্থখনৰ ‘বাটচ’ৰা’ লিখিছিল প্ৰসিদ্ধ সাহিত্যিক ড॰ নগেন শইকীয়াই৷ তৃতীয়খন প্ৰকাশিত গ্ৰন্থ হ’ল “দিহানামৰ বুৰঞ্জীমূলক গৱেষণা সংকলন আৰু নিয়মাৱলী [প্ৰথম খণ্ড]”৷ এই গ্ৰন্থখনত তেখেতে পাহৰণিৰ গৰ্ভত সোমাই পৰা পুৰণি দিহানামসমূহ সংগ্ৰহ কৰি অন্তৰ্ভুক্ত কৰাৰ লগতে দিহানামৰ উৎপত্তি আৰু ক্ৰমবিকাশ আৰু পৰিৱেশন শৈলী সম্পৰ্কত প্ৰণালীবদ্ধৰূপত আৰু গৱেষণামূলক দৃষ্টিভংগীৰে অধ্যয়ন কৰিবলৈ যত্ন কৰিছে৷ 


দিহানামৰ প্ৰণালীবদ্ধ অধ্যয়ন, চৰ্চা, প্ৰসাৰ আৰু কমলা গগৈ

অসমত দিহানামক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত কমলা গগৈয়ে অমূল্য অৱদান আগবঢ়াইছে৷ পূৰ্বতে দিহানাম কেৱল উজনি অসমৰ মাজতে সীমাবদ্ধ হৈ আছিল৷ নামনি অসমত দিহানামৰ বিশেষ প্ৰভাৱ নাছিল৷ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ যোগেদি ক’লামণি সন্দিকৈ, জীৱকান্ত ফুকন, ডিম্বেশ্বৰ লাহন, বদন মলিয়া, উমাকান্ত বৈৰাগী, খগেন গগৈ, বিপুল চেতিয়া ফুকন আদি স্বনামধন্য শিল্পীসকলে দিহানাম, দেহবিচাৰৰ গীত আৰু টোকাৰী গীত পৰিৱেশন কৰিছিল৷ কিন্তু সেইসময়ত সকলোৱে আকাশবাণীৰ যোগেদি প্ৰচাৰিত এই নাম সমূহ শুনিব পৰা নাছিল৷ অনুন্নত তথ্য-প্ৰযুক্তিৰ ব্যৱস্থাই হয়তো ইয়াৰ মূল কাৰণ আছিল বুলি ক’ব পাৰি৷ সময়ৰ পৰিৱৰ্তনৰ লগে লগে তথ্য-প্ৰযুক্তি উন্নত হ’ল৷ ফলস্বৰূপে সেই শিল্পীসকলে পৰিৱেশন কৰা দিহানাম আৰু টোকাৰী গীতসমূহ আজিৰ মানুহে হৃদয়েৰে আকোঁৱালি লৈছে৷ এইক্ষেত্ৰত কমলা গগৈৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ তেখেতে অগ্ৰজ শিল্পীসকলে পৰিৱেশন কৰা দিহানাম আৰু টোকাৰী গীতসমূহৰ চৰ্চা কৰাৰ লগতে নিজাকৈয়ো গীত ৰচনা কৰিছে৷ ‘সদৌ অসম আধ্যাত্মিক শিল্পী সমাজ’ নামৰ এটা অনুষ্ঠান গঢ় দি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ দিহানাম আৰু টোকাৰী গীতৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হৈ আছে৷ বৰ্তমান তেখেতে এই অনুষ্ঠানৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ সেই জাতিৰ ভৱিষ্যত অন্ধকাৰ যি জাতিৰ লোক-সংস্কৃতিৰ চৰ্চাৰ প্ৰতি উত্তৰ প্ৰজন্ম আগ্ৰহী নহয়৷ লোক-সংস্কৃতিৰ চৰ্চাৰ প্ৰতি উত্তৰ প্ৰজন্মক আগ্ৰহী কৰি তোলাটো প্ৰতিজন সচেতন আৰু শিল্প-সংস্কৃতিপ্ৰাণ ব্যক্তিৰে দায়িত্ব৷ তেখেতে নতুন প্ৰজন্মক দিহানাম আৰু টোকাৰী গীতৰ প্ৰশিক্ষণ দি সংস্কৃতি চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ ক্ষেত্ৰত নিষ্ঠা আৰু সততাৰে কাম কৰি আছে৷ 

অসমত দিহানামৰ উৎপত্তি কেতিয়া আৰু কেনেকৈ হ’ল? কেনেধৰণে দিহানামৰ ক্ৰমবিকাশ ঘটিল এই বিষয়ে সঠিককৈ পাবলৈ টান৷ এই বিষয়ত নিৰ্ভৰযোগ্য লিখিত তথ্যও পাবলৈ দুৰূহ৷ ইমানখিনি অসুবিধা আৰু বাধা-বিঘিনি অতিক্ৰম কৰি ‘দিহানামৰ বুৰঞ্জীমূলক আৰু গৱেষণামূলক সংকলন’ গ্ৰন্থখন প্ৰণয়ন কৰি উলিওৱাটো এটা অতি কষ্টসাধ্য আৰু মহৎ প্ৰচেষ্টা বুলি ক’ব পাৰি৷ দিহানাম আৰু টোকাৰী গীতৰ কেৱল পৰিৱেশনতে সীমাবদ্ধ নাথাকি সেইসমূহৰ সৃষ্টিৰ ইতিহাস সম্পৰ্কে কৰা অনুসন্ধান আৰু গৱেষণাৰ তেখেতৰ শিল্প-সাধনা আৰু ব্যক্তিত্বক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷  

অসমীয়া লোক-সংস্কৃতি অসমৰ সমাজ-জীৱনৰ বিভিন্ন সমলেৰে ভৰ-পূৰ৷ সেয়ে দিহানাম আৰু টোকাৰী গীতসমূহতো অসমৰ সমাজ-জীৱনৰ বিভিন্ন সমলৰ উপস্থাপন দেখিবলৈ পোৱা যায়৷ 

সেয়ে এই গীত-মাতসমূহৰ মাজেদি ভক্তিতত্ত্ব, দেহতত্ত্বৰ প্ৰকাশৰ লগতে সমসাময়িক সমাজখনৰ প্ৰতিচ্চবিৰো প্ৰতিফলন ঘটিছে৷ অসমৰ জনজীৱনৰ এই গুৰুত্বপূৰ্ণ দিশসমূহ ধৰি ৰখাৰ ক্ষেত্ৰত এই-গীত-মাতসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ এইদিশসমূহৰ বিস্তৃত অধ্যয়নৰ জৰিয়তে তেখেতে

এই গীত-মাত বিলাকৰ গুৰুত্ব আৰু তাৎপৰ্যক অনুধাৱন কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে৷  

দিহানামসমূহৰ ৰচনাশৈলী আৰু গায়নশৈলী আৰু পৰিৱেশনশৈলী একেই আছে নে সময়ৰ পৰিৱৰ্তনৰ লগতে সলনি হৈছে সেইবিষয়েও তেখেতে গুৰুত্বসহকাৰে অধ্যয়ন কৰিছে৷ বিশেষকৈ বাদ্যৰ ব্যৱহাৰৰ ক্ষেত্ৰত তেখেত উল্লেখ কৰিছে যে এই নামসমূহ পূৰ্বতে কেৱল হাতচাপৰি বজায়ে পৰিৱেশন কৰা হৈছিল; কিন্তু বিংশ শতিকাৰ প্ৰায় চল্লিছৰ দশকৰ শেষৰ পৰাহে দিহানামত অন্যান্য বাদ্যৰ ব্যৱহাৰ আৰম্ভ হয়৷ 

প্ৰথমতেই উল্লেখ কৰি অহা হৈছে যে লোক-সংস্কৃতিৰ চৰ্চাই মানুহক ঐতিহ্যানুসন্ধানী কৰি তোলে৷ জয়ন্ত [কমলা] গগৈয়ো ইয়াৰ ব্যতিক্ৰম নহয়৷ তেখেতৰ ঐতিহ্যানুসন্ধানী মনে অসমৰ সাংস্কৃতিক ঐতিহ্য সমূহৰ বিষয়ে অন্বেষণ কৰিব বিচাৰে৷ তাৰ উদাহৰণস্বৰূপে আমি আঠখেলীয়া বৰনামঘৰ, ঢেকীয়াখোৱা বৰনামঘৰ, আউনীআটী সত্ৰ আদিক লৈ লিখা নামসমূহৰ কথা উল্লেখ কৰিব পাৰোঁ----

ক] ঢেকীয়াখোৱা বৰনামঘৰত ডবা-কাঁহ বাজিছে

 আঠখেলীয়া নামঘৰতো নামৰ ধ্বনি উঠিছে....

খ] আউনীআটী মহাসত্ৰ মহাপুণ্য স্থান.... 


দিহানাম, দেহবিচাৰৰ গীত, টোকাৰী গীত এই সমূহৰ তাৎপৰ্য আৰু গুৰুত্বক নতুন প্ৰজন্মই উপলব্ধি কৰিব পৰাকৈ তেখেতে বিভিন্ন অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিছে৷  ভক্তিতত্ত্বৰ ভাৱাৰ্থ, ভাগৱত চৰ্চাৰ প্ৰয়োজনীয়তা, আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তাৰ দৰে গুৰুত্বপূৰ্ণ দিশসমূহত তেখেতে বলিষ্ঠভাৱে আলোকপাত কৰি আহিছে৷ এই গীত-মাতসমূহৰ চৰ্চাই মানুহক সেইবিষয়বোৰৰ প্ৰতি কেনেদৰে সজাগ কৰি তোলে সেইবিষয়েও তেখেতে চৰ্চা কৰি আহিছে৷ 


স্বীকৃতি

অসমীয়া সংস্কৃতি সাধনাৰ জগতখনলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে ‘অসম বকুলবন সমাজ’ আৰু ‘বকুলবন ন্যাস’ৰ তৰফৰ পৰা ২০১৮ চনত তেখেতলৈ ‘বকুলবন বঁটা’ আগবঢ়োৱা হয়৷ 

বকুলবন বঁটা গ্ৰহণ কৰাৰ সময়ত জয়ন্ত [কমলা] গগৈ [ফটো সংগ্ৰহঃ নৰ্থ ইষ্ট নাও]


‘দিহাৰত্ন’, ‘দিহাসম্ৰাট’, ‘দিহা সৌৰভ’, ‘টীয়ক সৌৰভ’, ‘দিহানাম শিৰোমণি’, ‘নামসূৰ্য’, ‘দিহানামসূৰ্য’ আদি সন্মানেৰেও তেখেত সন্মানিত হৈছে৷ তদুপৰি তেখেতে ‘গুৰু সাধনা’, ‘নৃত্যাঞ্জলি বঁটা’, ‘সংস্কৃতি সাধনা’, ‘যদুমণি বঁটা’, ‘Son of the Soil Award’ লাভ কৰিবলৈ সক্ষম হৈছে৷ 


সামৰণি

সংস্কৃতিৰ সাধনাকেই জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি আজিৰ এই পৰ্যায় পাইছেহি৷ শিল্পৰ সাধনাই শিল্পৰ শিল্পগুণ বঢ়ায়৷ সেই গুণৰ প্ৰভাৱত গুণৱন্ত হৈ উঠে শিল্পী৷ সপোন দেখে ৰূপান্তৰৰ, সপোন দেখে চিৰসুন্দৰৰ৷ সেই পথৰেই এজন অক্লান্ত পথিক কমলা গগৈ৷ ড॰ নগেন শইকীয়া, নৱকান্ত বৰুৱা, বীৰেন বৰকটকী, ছৈয়দ আব্দুল মালিক, ড॰ পীতাম্বৰ দেৱগোস্বামী দৰে মহামনিষীৰ আশিসধন্য এইগৰাকী শিল্পীৰ শিল্প-সাধনা উত্তৰ প্ৰজন্মৰ বাবে অনুকৰণীয়৷ কেৱল দিহানাম, দেহবিচাৰৰ গীত আৰু টোকাৰী গীতৰ সাধনা, চৰ্চা আৰু প্ৰচাৰ, প্ৰসাৰৰ বাবে চৰকাৰী কৰ্মজীৱনকো ত্যাগ কৰা এইগৰাকী শিল্পীৰ ত্যাগে উচিত স্বীকৃতি পাওক৷  

                                                                                                                                               যদুমণি গগৈ

গৱেষক ছাত্ৰ, অসমীয়া বিভাগ

ডিব্ৰুগড় বিশ্ববিদ্যালয়

ফোনঃ ৯৩৬৫৯২৫২৯১

বিন্দু-ব্যাপ্তি-বিস্তৃতি

                                   যদুমণি গগৈ বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত  সাৰস্বত সাৰস্বত কাণে কাণে কৈ যায় ব্যাপ্তি বিন্দুৰ অন্তিম প...