Nirjonninad

Wednesday, 23 June 2021

কাকো নোকোৱা কিছু কথা

                                            কাকো নোকোৱা কিছু কথা


                                            (আশা কৰোঁ এবাৰ পঢ়ি চাব)

                                                                                                                          যদুমণি গগৈ

 

কিছুমান কথা নোকোৱাকৈয়ে থাকি যায়।সঁচাকৈয়ে সদায়ে কৈ থকা কথাবোৰৰ মাজতো বহু কথা নোকোৱাকৈয়ে থাকি যায়।এই নোকোৱা কথাবোৰেই মাজে-সময়ে বৰকৈ আমনি কৰে।অথচ কাকো কব নোৱাৰোঁ, কিজানিবা মোৰ কথাবোৰে আনক বিৰক্ত কৰে।তথাপি মোৰ দৰে যুঁজ কৰি থকা আন দহজনে সাহস পাওক বুলিয়েই কথাবোৰ লিখি পেলালোঁ।সদায়ে কথাবোৰ বুকুত ধৰি ৰখাটোও সহজ নহয় দিয়কচোন।কাৰোবাৰ পুতৌ বা কৰুণা আদায় কৰিবৰ বাবে কথাবোৰ লিখিছোঁ বুলি যাতে কোনেও নাভাবে।


জীৱন আৰু সময়ে বহু কথা শিকাইছে। সৰুৰে পৰাই যথেষ্ট সংঘাতৰ সন্মুখীন হৈছোঁ।বিশেষকৈ শাৰীৰিকভাৱে বহু কঠিন পৰিস্থিতি পাৰ কৰি থৈ আহিছোঁ।এই সময়খিনিৰ কথা ভাবিলে এতিয়া শিহৰিত হওঁ।কেতিয়াবা দুৰ্বলো হও‍ঁ।অৱশ্যে পৰাজয় স্বীকাৰ কৰাৰ কথা তেতিয়াও ভবা নাছিলোঁ আৰু এতিয়াও নাভাবোঁ।


জন্মৰ পিছতেই জণ্ডিচ ৰোগে বিধ্বস্ত কৰি পেলাইছিল মোৰ শৰীৰ।এতিয়া অৱশ্যে এইৰোগৰ সমস্যাটো ডাঙৰ নহয় যদিও মোৰ জন্মৰ সময়খিনিত (১৯৯৫-৯৬) এই ৰোগৰ চিকিৎসা আমাৰ ইয়াত বহু পৰিমাণে সুলভ আছিল বুলি কব নোৱাৰি।মোৰ ক্ষেত্ৰত এইৰোগে যেন নৱজাত শিশু এটাৰ শাৰীৰিক বৃদ্ধি আৰু বিকাশৰ পৰিকাঠামোটোকে ভাঙি পেলাইছিল।তাৰ পিছত ক্ৰমান্বয়ে বাঢ়ি আহিছিল দেহৰ বিভিন্ন অংগৰ দুৰ্বলতা।একে সময়তে স্নায়ুজনিত ৰোগ আৰু বিভিন্ন বেমাৰে মোৰ শৰীৰটোক অনবৰতে আক্ৰমণ কৰি থকা হ'ল।চিকিৎসক আৰু দৰৱ অবিহনে মোৰ এটা দিনো পাৰ হোৱা নাছিল।সেই সময়ত কিমান এটা সংকটজনক পৰিস্থিতিত আছিলোঁ সেইকথা এতিয়াও হয়তো ভালকৈ বুজাব নোৱাৰিম।মা-দেউতাৰ কষ্ট খিনিক সেই সময়ত উপলব্ধি কৰিব পৰা নাছিলোঁ যদিও এতিয়া অনুভৱ কৰোঁ মোৰ বাবে কিমান কষ্ট হৈছিল তেওঁলোকৰ।চিকিৎসক সকলক ধন্যবাদ জনাব পৰাকৈ মোৰ ওচৰত শব্দৰ অভাৱ।পৰিয়াল আৰু আত্মীয় স্বজন তথা শুভাকাংক্ষী সকলতো আছেই...


আন ল'ৰা-ছোৱালীৰ দৰে মোৰ শৈশৱ কাল ধূলি বালিৰ মাজেৰে অতিবাহিত হোৱা নাছিল।সৰুতেই ৰোগে ভাৰাক্ৰান্ত কৰি পেলোৱা ল'ৰাটোৰ শৈশৱ কাল অতিবাহিত হৈছিল ঘৰৰ চাৰিবেৰৰ মাজত।প্ৰতিদিনে সি বগৰী নাইবা ৰবাবটেঙাৰ সোৱাদ লব পৰা নাছিল।তাৰ সন্মুখত আছিল চিকিৎসকে বান্ধি দিয়া দৰৱৰ এখন দীঘল তালিকাৰ লগতে অসংখ্য বেজীৰ খোঁচ।ইয়ো আছিল এক সহ্যাতীত যন্ত্ৰণা।শৰীৰৰ বহু অংগৰ দুৰ্বলতাই ধৰাশায়ী কৰি পেলোৱা মইটো প্ৰায় চতুৰ্থ/পঞ্চম শ্ৰেণীলৈকে আন ল'ৰা-ছোৱালীৰ তুলনাত খোজকঢ়াত বহুত অক্ষম আছিলোঁ।ক্ৰমান্বয়ে এই দুৰ্বলতা বাঢ়ি আহিছিল।সমান্তৰালভাৱে ভয়ো লাগিছিল।জীৱনটো ৰৈ যোৱাৰ ভয়।হয়তো সেই সময়ত ঈশ্বৰে  মই নভবাকৈয়ে মোক যুঁজ দিবৰ বাবে শক্তি আৰু সাহস দিছিল।মই যে খোজকাঢ়িব নোৱাৰিম এই কথা মই কেতিয়াও মনলৈ আহিবলৈ দিয়া নাছিলোঁ।হয়তো সেইবুলি ভবা হ'লে হয়তো হুইলচেয়াৰেই মোৰ জীৱনযোৰা সংগী হ'লহে‍ঁতেন।মা-দেউতাৰ কষ্ট আৰু চিকিৎসকৰ চেষ্টাই মোক সেইবুলি ভবাৰ পৰা বিৰত ৰাখিছিল।মই মনৰ দৃঢ়তা হেৰুওৱা নাছিলোঁ।ভাবিছিলোঁ মই আন সাধাৰণ দহজনৰ দৰেই খোজকাঢ়িব পাৰিব লাগিব।সেইবাবে হয়তো আজি সেই সমস্যাৰ পৰা মই মুক্ত।অৱশ্যে তাৰ কিছু প্ৰভাৱ শৰীৰত থাকি গ'ল যদিও তাৰ বাবে মোৰ কোনো আক্ষেপ নাই।বৰঞ্চ মই সুখী।জীৱনে মোক ইমানখিনি দিছে, মই সহজে ভাগৰি পৰাৰ প্ৰশ্নই নুঠে।


ইয়াৰ পিছতো মোৰ জীৱনত বহু সংকটপূৰ্ণ সময় পাৰ হৈ গৈছে।যিখিনি সময়ত শৰীৰটোৱে দৰৱ বেজী চেলাইনৰ অত্যাচাৰ নিতৌ সহিছে।মূত্ৰাশয়ৰ জটিল ৰোগত আক্ৰান্ত হৈ বহু দীঘলীয়া সময়ৰ চিকিৎসাৰ অন্তত কিছু সুস্থ হৈ উঠিছিলোঁ।অৱশ্যে আজিও এইৰোগৰ পৰা মই সম্পূৰ্ণৰূপে সুস্থ নহয়।এই জটিল সময়খিনিত সহায় আছিল শুভাকাংক্ষীৰ সাহস।মা-দেউতাৰ অপৰিসীম ত্যাগ, কষ্ট আৰু ভগৱান স্বৰূপ চিকিৎসকৰ চেষ্টা।এই সকলোৰে ওচৰত মই চিৰদিন ঋণী।


দিনে বাৰটাকৈ চেলাইন আৰু একাধিক টেবলেট খাই, বেজীৰ খো‍‍ঁচলৈ  হস্পিটালৰ বিছনাত সময় কটোৱা ল'ৰাটোৱে আজি এই অৱস্থা পামহি বুলি ভাবিব পৰা নাছিলোঁ।কিন্তু আশাও এৰা নাছিলোঁ।মনত হয়তো তেতিয়াৰ পৰাই যুজাৰু ভাব এটাই পোখা মেলিছিল।মা-দেউতাৰ কষ্ট আৰু চিকিৎসকৰ সুচিকিৎসা অবিহনে হয়তো মই আজি এই পৰ্যায়ত উপনীত হব নোৱাৰিলোঁহেতেন।সকলোৰে ওচৰত মই চিৰ কৃতজ্ঞ।তেওঁলোকৰ বাবেই মোৰ জীৱনে প্ৰাণ পালে।


ইয়াৰ উপৰিও আৰু আৰু বহু কথা আছে।সেয়াও এক বেলেগ অধ্যায়।পিছত কেতিয়াবা লিখিম।


এতিয়া মোক অতীতৰ এই কথাখিনিয়ে বৰকৈ আমনি কৰে।কেতিয়াবা ভাবিব নোৱাৰাধৰণে দুৰ্বল কৰি তোলে, আশাহীন কৰি তোলে।তথাপি মই ভাগৰিব নোখোজোঁ।যু‍ঁজ কৰি আছোঁ আৰু কৰি যাম।হাৰ আগতেও মনা নাই এতিয়াও নেমানোঁ।জীৱনে মোক সঁচাকৈয়ে ইমানখিনি মৰম অভিজ্ঞতা দিছে।মই ৰৈ যাব নিবিচাৰোঁ।চিঞৰি চিঞৰি ক'ব বিচাৰোঁ-- জীৱন জিন্দাবাদ।

No comments:

Post a Comment

বিন্দু-ব্যাপ্তি-বিস্তৃতি

                                   যদুমণি গগৈ বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত  সাৰস্বত সাৰস্বত কাণে কাণে কৈ যায় ব্যাপ্তি বিন্দুৰ অন্তিম প...