Nirjonninad

Tuesday, 22 June 2021

সোঁৱৰণীৰ এটা পৃষ্ঠা

সোঁৱৰণীৰ এটা পৃষ্ঠা

 

বিশ্ববিদ্যালয়ত এম.এ পঢ়ি থকা দিনৰে কিছু জীপাল সময়.....

কবিতা আৰু গীতৰ এটা পাহৰিব নোৱাৰা আবেলি....

                                                                                                                     যদুমণি গগৈ 


Boidya দা সেই আবেলিটো যে...


২০১৭ চনৰ খুব সম্ভৱ মে' মাহৰ এটা দিন।গোটেই দিনটো কিবা এক মানসিক অৱসাদে আৱৰি আছিল।সেয়ে বন্ধু ৰাজেন আৰু মই আবেলি বৈদ্যদাৰ (বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই) ৰূমলৈ বুলি ওলাই গ'লো।আমাৰ তালৈ ঢাপলি মেলাৰ মূল উদ্দেশ্যে আছিল কবিতা শুনি অৱসাদ গুচোৱা। কিন্তু এই কথাটো বৈদ্যদাক জনোৱা নাছিলোঁ।আনকি আমি তেওঁৰ ওচৰলৈ গৈ আছোঁ বুলি ফোন কৰিয়ো জনোৱা নাছিলোঁ। কিন্তু আমাৰেই হয়তো সৌভাগ্য আছিল যে এটা ধুনীয়া আবেলিয়ে আমালৈ অপেক্ষা কৰি আছিল‌‌। গৈ পায়েই যাদৱ দা (যাদৱ মহন্ত), ৰণদ্বীপ দা(ৰণদ্বীপ বড়া), দ্বীপেন দা(দ্বীপেন বৰুৱা) আৰু দুগৰাকী বা ( নাম পাহৰিছোঁ।কিন্তু মোৰ যিমানদূৰ মনত পৰে বা দুগৰাকীৰ নাম বোধহয় ভায়'লেট আৰু অনন্যা আছিল)ক লগ পালোঁ। সকলোৰে লগত চা-চিনাকি হ'লো।ৰণদ্বীপ দা আৰু যাদৱ দাক  আগৰ পৰাই চিনি পাওঁ। এনেকৈ আকস্মিকভাৱে লগ খোৱাৰ পিছত বৈদ্যদাই কবিতা আৰু গীতৰ আড্ডা দিয়াৰ কথা ক'লে। আমি মনে মনে ভালেই পালোঁ। যি বিচাৰি আহিছিলোঁ নভবাকৈয়ে সেয়া পাম। দুয়োটাৰে মনটো ভাল লাগি গ'ল। যথা সময়ত আড্ডা আৰম্ভ হ'ল। আমি আটাইকেইটা ডাঙৰ কোঠাটোৰ মজিয়াত ঘূৰণীয়াকৈ বহি পৰিলোঁ। হাৰ্মনিয়াম আৰু গীটাৰখন লৈ যাদৱ দা আৰু ৰণদ্বীপ দাও সাজু হৈ উঠিল। বৈদ্য দাই নিজৰ কবিতা পাঠ কৰিলে।মাজে মাজে ৰসাল কথা-বতৰা চলিল।আমিয়ো তাত অংশ ললোঁ। ভায়'লেট বাই সুন্দৰ কবিতা আবৃত্তি কৰি (বোধহয় সাগৰ দেখিছা ?) আড্ডাটো জীপাল কৰি তুলিছিল। আন গৰাকী বায়েও সুন্দৰ কবিতা পাঠ কৰিছিল।দ্বীপেন দায়ো সৰস কথা-বতৰাৰে সময়খিনি জীপাল কৰি তুলিছিল। ৰণদ্বীপ দা আৰু যাদৱ দাই সুৰৰ মূৰ্চ্ছনা তুলি আড্ডাটো আৰু বেছি জীপাল কৰি তুলিছিল। ৰণদ্বীপ দাই খুব সুন্দৰ গীত পৰিবেশন কৰিছিল(কোনটো গীত গাইছিল পাহৰিছোঁ)। কিন্তু যাদৱ দাই গোৱা 'মা তোৰ হাতে হাত ধৰি...' এই গীতটো শুনি ৰাজেন আৰু মই পগলা হৈ গৈছিলোঁ। কি সুৰ, কি মায়া!  এই গীতটোক আজিয়ো দুয়োটাই বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰোঁ আৰু চিৰদিন কঢ়িয়াই লৈ ফুৰিম।মাজতে আমি দুটায়ো কবিতাৰ আকাৰৰ কিবা দুটা পাঠ কৰিলোঁ। ইতিমধ্যে অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰ আৰু গল্পকাৰ-গৱেষক সিদ্ধাৰ্থ গোস্বামী দাদাও আহি পাইছিলহি। সিদ্ধাৰ্থ গোস্বামী দাদাৰ সৈতে সেইদিনাই প্ৰথম কথা-বতৰা পাতিছিলো।তাৰ পিছত দাদাৰ সৈতে বহুবাৰ কথা পাতিছো । প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ নেতৃত্বত বহুত ভাল কাম হৈ আছে।এই লেখাটোত সেই বিষয়ে নিলিখো।বেলেগকৈ লিখিম। মাত্ৰ ছাৰৰ নেতৃত্বত হোৱা এটা ভাল কামেৰে এই লেখাটোৰ সামৰণি মাৰিম।ইতিমধ্যে আমাৰ আড্ডাটো শেষ হৈছিল। আড্ডা শেষ হোৱাৰ পিছত বৈদ্য দাই দুয়োটাকে এটা কোঠালৈ লৈ গৈছিল।কোঠাটো এগালমান কিতাপেৰে ভৰ্তি হৈ আছিল।সেয়া আছিল প্ৰাঞ্জল ছাৰৰ নেতৃত্বত গঠন হোৱা বুক বেংকৰ বাবে বিভিন্নজনে দান কৰা কিতাপ।কিতাপখিনি পিছদিনা চাহ বাগিচাৰ দৰিদ্ৰ ল'ৰা-ছোৱালীখিনিৰ মাজত বিতৰণ কৰাৰ কথা।সেয়ে দাদাই দুয়োটাকে কিতাপখিনি বিষয়, শ্ৰেণী অনুসৰি ভাগ কৰি চিজিল কৰি দিবলৈ ক'লে।ইতিমধ্যে প্ৰাঞ্জল ছাৰে সেই কাম কৰিয়েই আছিল।আমিয়ো আগ্ৰহেৰে ছাৰক সহায় কৰি দিবলৈ ললোঁ।ছাৰেও মিচিকিয়া হাঁহিৰে সৈতে আমাক সহযোগ কৰি থাকিল।এনেকৈয়ে কেতিয়ানো কিতাপখিনি চিজিল কৰা হৈ গ'ল গমেই নেপালো।এনে এটা মহান কামত সামান্য সহায় আগবঢ়াবলৈ পাই দুয়োটাই এক পৰম সুখ লাভ কৰিছিলোঁ।এনে লাগিছিল আৰু অলপ সময় কৰিবলৈ পোৱা হ'লে...‌।তাৰ পৰা বিদায় ললোঁ।বুকুৰ বৰপেৰাত ভৰাই ললোঁ এখিনি নজহা-নপমা সময়। যি আমাৰ গোটেই জীৱনজুৰি বৈ থাকিব মাথোঁ বৈ থাকিব সোঁৱৰাই অতীতৰ গান।গোটেই বাটটো দুয়োটাই এই কথাবোৰকে ভাবি ভাবি আপোনভোলা হৈ আহি থাকিলোঁ। ইতিমধ্যে সন্ধিয়া নামিছিল। আকাশত জোনটোৱেও ভুমুকি মাৰিছিল।ডি.ইউ কেম্পাছৰ লাইটবোৰ জ্বলি উঠিছিল এটা দুটাকৈ...।(ক্ৰমশ...)

No comments:

Post a Comment

বিন্দু-ব্যাপ্তি-বিস্তৃতি

                                   যদুমণি গগৈ বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত  সাৰস্বত সাৰস্বত কাণে কাণে কৈ যায় ব্যাপ্তি বিন্দুৰ অন্তিম প...