Nirjonninad

Tuesday, 16 December 2025

বিন্দু-ব্যাপ্তি-বিস্তৃতি


                                   যদুমণি গগৈ


বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত 

সাৰস্বত সাৰস্বত

কাণে কাণে কৈ যায়

ব্যাপ্তি বিন্দুৰ অন্তিম পৰিণতি নহয়


কাচনমতী দেখিছানে বেলি আৰু বতাহৰ যুদ্ধ

বিন্দু আৰু ব্যাপ্তিৰ শীতল সমৰ প্ৰবুদ্ধ

কাচনমতী ধান পাতে কটাৰ পিছত

বতাহে সামৰিব পাৰিছিল জানো ঘাঁৰ পৰিধি

বেলিৰ উত্তাপে ৰোধিব পাৰিছিল জানো ঘাঁৰ বিস্তৃতি


বুকুত বিৰহ সেউতী

তামবৰণীয়া ৰ’দেও 

পৰশিব নোৱাৰিলে

তোৰ গোৱৰণ চোতাল

সেউতী

আজিও আন্ধাৰ তাত

মৃত্যুৰ চমকনিয়েও চুব নোৱৰাকৈ


জন্মটো যদিও এটা বিন্দু

মৃত্যু তাৰ ব্যাপ্তি অথবা বিস্তৃতি 

এটাৰো শেষ নহয়

তেজীমলা

জন্মৰ পৰা মৃত্যুলৈকে তোৰ কৰ্ষণ বিস্তৃতি

ন ন পৰীক্ষাৰে মৃত্যুৰ পিছত ব্যাপ্তি

   সেই বিন্দুত তেজি

   মলৰ দৰে আভূষণ

   বাৰে বাৰে ঝংকাৰিছো জগত-নাৰী-মন



সকলো কথাৰ আৰম্ভ বিন্দুত

সকলো কাৰ্য-কাৰণৰ স্থিতি বিন্দুত


বিন্দু-ব্যাপ্তি = বোধ

বিন্দু-ব্যাপ্তি = দৰ্শন

বিন্দু-ব্যাপ্তি = সত্তা

বিন্দু-ব্যাপ্তি = জীৱন


ব্যাপ্তিয়েই সকলো কথা আৰু ঘটনাৰ শেষ নহয়

ব্যাপ্তিৰ সিপাৰেও আছে মহাব্যাপ্তি

যিদৰে জীৱনৰ পিছত মহাজীৱন

তেজীমলাক এইকথা

এতিয়াও বাৰে বাৰে কওঁ


বিন্দুৰ পৰা ব্যাপ্তিলৈ এই সমগ্ৰ যাত্ৰা

(জীৱনৰ ব্যাপ্তি মহাজীৱন)


প্ৰতিবাদৰ বতৰ দহ্‌দহীয়া হয় মানে

সেউতীৰ মৰণ

হাতত এজোলোকা গৰল লৈ তাই দুনীয়া বিচাৰি যায়

পৰ্দাৰ ফাঁকেৰে সৰকি অহা খিকিন্দালিবোৰত উমান পোৱা যায়

ফপৰাৰ টোপনি হেৰায়


আই মোৰ ডিঙি কূটেকূটায়

সেউতীৰ ডিঙি পানীত বুৰ যায়

তেজীমলাৰ খুন্দা হাত থৰ্‌থৰ্‌কৈ কঁপে


ৰ’দে শুকুৱাব নোৱাৰে পানী

ধুমুহাই কাঢ়িব নোৱাৰে খোপনি


এতিয়া চেতনাৰ ভৰপক যৌৱন

বিন্দু-ব্যাপ্তি-বিস্তৃতিকাল৷

(পূৰ্বপ্ৰকাশ দকচিৰি, নৱেম্বৰ,২০২৫)

কবিতাটো দকচিৰি ত পঢ়িবলৈ তলত দিয়া লিংকত ক্লিক কৰক-

https://www.doksiri.com/2025/10/blog-post_85.html?m=1&fbclid=IwVERTSAN4cxNleHRuA2FlbQIxMABzcnRjBmFwcF9pZAwzNTA2ODU1MzE3MjgAAR5i170c1q1oR5i5qOpJhIpClqztDlBxLbPpvOp5Gm2eiYuFc0e44abNvSrX3w_aem_0SZnEuKqzDMGltpbQcgtKA&sfnsn=wiwspwa


বিন্দু-ব্যাপ্তি-বিস্তৃতি

                                   যদুমণি গগৈ বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত  সাৰস্বত সাৰস্বত কাণে কাণে কৈ যায় ব্যাপ্তি বিন্দুৰ অন্তিম প...