অব্যক্ত
তাং ২১.০৫.২০২৩
(প্ৰকাশঃ ৰংকিমি, মে-জুন, দ্বাদশ সংখ্যা, দ্বিতীয় বৰ্ষ, ২০২৩)
কথাবোৰ পাগুলি পাগুলি মই চৰ এটা খাই থাকোঁ
কথাবোৰ পাগুলি থাকিবলৈ মোক চৰ মাৰি থকা হয়
আপুনি মোক ভুল বুলি নাভাবিব পাৰে
কথাবোৰ এনেকুৱাও নহয় যে
মোক শুদ্ধ বু্লি ভাবি আপুনি আপোনাৰ জীৱনৰ চূড়ান্ত ভুলটো
নকৰাকৈ থাকিব পাৰে
ভবা আৰু সাৰ্থক কৰাৰ
কোৱা আৰু কৰাৰ মাজত সমতা নাথাকে
বাহিৰে-ভিতৰে চলি থকা অপ্ৰয়োজনীয় ফিউজনৰ কাৰবাৰটোত
আপুনি কনফিউজড হৈ পৰিব পাৰে
আপুনি কনফিউজড হৈ থকালৈকে আপুনি নিৰ্বাক
সুবিধা বিপৰীতপক্ষৰ
আপুনি আপোনাৰ জীৱনৰ একাউেKI×টৰ হিচাপত
খেলি-মেলি কৰিব নোৱাৰে
এক দুই তিনি
আপোনাৰ বুকুলৈ লক্ষ্য কৰি হাজাৰটা বুলেট ৰৈ থাকে
আপুনি কনফিউজড হৈ থকালৈকে আপুনি নিৰাপদ
প্ৰশ্নতোলাৰ পিছত পঞ্চতত্ত্ব খণ্ড-বিখণ্ড
ৰজা বলী, প্ৰজা খালী
ৰজাৰ বৰচ’ৰাত চুপতা-চুপতি
ঘূৰি ঘূৰি সেই একেই কাহিনী
আপুনি বলি অথবা অথবা আপুনি কলি
জঁট ভাঙি ভাঙি কথাৰ ডুলি ফুটে
ভঁৰাল পোৰে
জুৰণি নপৰে
ঘুমটি নাহে
মাত মৰে
মুখ বাগৰি বাগৰি আপুনি মুখৰোচক খাদ্য হৈ পৰে
চেনেলৰ টি আৰ পি
আপোনাকলৈ গল্প-গুজৱ মানুহৰ নিজস্ব ব্যাখ্যা
নুবুজালৈকে আপুনি আপোনাৰ বাটেৰে যায়
ুবুজালৈকে সমাজে আপোনাৰ বাট চিনি নেপায়
ভিতৰি ভিতৰি কাৰবাৰ এটা চলি থাকে
বুজিবলৈ একো বাকী নাথাকে
বুজাবলৈয়ো...
সৰ থকালৈকে চৰ কাৰ?
নহ’লে বুজিছা ব্যাপাৰ
ৰংচঙীয়া চমৎকাৰ চমৎকাৰ
[বিঃদ্ৰঃ সৰঃ বেৰ বা জেওৰা ভাগি ওলোৱা বাট ]
যদুমণি গগৈ
অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়
ৰংকিমি পঢ়ক