Nirjonninad

Thursday, 2 February 2023

সামাজিক- সাংস্কৃতিক চেতনাৰ মনোৰম প্ৰকাশ

কবি দিলীপ ফুকনৰ দৈৱাৎ এহালি দেওহাঁহ






সাম্প্ৰতিক অসমীয়া কবিতাৰ এটা অতি পৰিচিত নাম দিলীপ ফুকন৷ বিংশ শতিকাৰ সত্তৰৰ দশকতে আত্মপ্ৰকাশ কৰি বৰ্তমানলৈকে কাব্যচৰ্চা কৰি থকা ফুকন অসমীয়া কবিতাৰ এটা শক্তিশালী কণ্ঠস্বৰ৷ দৈকলা সাঁতোৰে [২০১১] আৰু দুনাই অগ্নিত আখৈ ফুটে [২০১৭] হৈছে তেখেতৰ পূৰ্বে প্ৰকাশিত কাব্যসংকলন৷ দৈৱাৎ এহালি দেওহাঁহ [২০২১, নৱেম্বৰ] তেখেতৰ শেহতীয়াকৈ প্ৰকাশিত কাব্যসংকলন৷ জলপদুমৰ পানচৈ  দিলীপ ফুকনৰ একমাত্ৰ উপন্যাস৷ লোকজীৱনৰ মনোধ্বনি শীৰ্ষক গ্ৰন্থখন লেখকৰ লোককথাৰ বস্তুনিষ্ঠ আলোচনা বিষয়ক গ্ৰন্থ৷

                            দৈৱাৎ এহালি দেওহাঁহ  কাব্যগ্ৰন্থখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ৬৪৷ কাব্যসংকলনখনত মুঠ ৩১টা কবিতা সংকলিত হৈছে৷ নগাঁৱৰ শংকৰদেৱ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ দাম ১৩০ টকা৷ দৈৱাৎ এহালি দেওহাঁহ  শীৰ্ষক শিৰোনামটোৱেই গ্ৰন্থখনৰ প্ৰতি পাঠকৰ আকৰ্ষণ বৃদ্ধিৰ অন্যতম এটা কাৰণ৷ গ্ৰন্থখনৰ শিৰোনাম সম্পৰ্কত কবিয়ে উল্লেখ কৰিছে এনেদৰে-----

                    দৈৱাৎ এহালি দেওহাঁহ  আমাৰ তৃতীয় কবিতা সংকলন৷ বিলুপ্তপ্ৰায় দেওহাঁহৰ দৰে আমিও যেন ক্ৰমাগত হেৰাই যাব খুজিছোঁ৷ এটা গ্ৰাস-পদ্ধতিয়ে ক্ৰমান্বয়ে আমাৰ পথাৰ-সমাৰ সংকুচিত কৰি আনিছে, আমাৰ নৈ-বিল-পাহাৰ-অৰণ্য, আমাৰ প্ৰাকৃতিক সম্পদ ধ্বংসৰ গৰাহত৷ আমাৰ কৃষিভিত্তিক কৃষ্টি বিপৰ্যয়ৰ সন্মুখীন, সংস্কৃতিৰ বাণিজ্যিকৰণ, ভাষা আৰু সাহিত্যৰ প্ৰতিও ভাবুকি আহি পৰিছে৷ সংস্থাপনহীনতা আৰু হাতৰ পৰা হেৰাই যোৱা বজাৰে আমাক ক্ৰমাগত  অনি(য়তাৰ ফালে ঠেলি নি পৰনিৰ্ভৰশীল বলৈ বাধ্য কৰাইছে৷ এটা জাতি যাযাবৰ বলৈ গৈ থকাৰ পূৰ্ব লক্ষণ৷ এনে এক অভিধাৰেই আমাৰ কিতাপৰ শিৰোনাম ৰখা হৈছে৷


             কাব্যসংকলনখনৰ শিৰোনামটোৰ পৰাই কবিৰ অন্তৰত থকা নিৰ্মল জাতিপ্ৰেম, সমাজজীৱনৰ প্ৰতি থকা দায়ৱদ্ধতা আৰু লোককৃষ্টিৰ প্ৰতি থকা অসীম শ্ৰদ্ধাৰ উমান পাব পাৰি৷ কবি দিলীপ ফুকনৰ কবিতাত লোককৃষ্টিৰ বহু সমলে ভুমুকি মাৰিছে৷ এই প্ৰসংগত বহুজাতিক বতাহ, তৰমুজ কুঁৱৰীৰ সাধু, অলৌকিক এসন্ধ্যা, আয়তীসকল, মেঘ যাযাবৰ আদি কবিতাৰ নাম পাৰি৷ অৱশ্যে তেখেতৰ কবিতাত এটা মাত্ৰ প্ৰসংগৰ পৰিৱৰ্তে একাধিক প্ৰসংগৰ সমাহাৰ দেখিবলৈ পোৱা যায়৷ কবিতাবোৰত লোককৃষ্টিৰ সমল সমূহক সাম্প্ৰতিক পৰিস্থিতিৰ লগত ৰজিতা খুৱাই উপস্থাপন কৰা হৈছে---

                         
  বিয়ানাম গাই গাই আয়তীসকল
                                ক্ৰমে লীন হৈ যায় একোটা শৰীৰত
                                আৰু জ্বলি ৰয় এটা দুণৰিৰ ভিতৰত      [আয়তীসকল]

কবি দিলীপ ফুকনৰ কবিতাত প্ৰতিবাদী চেতনাৰ প্ৰৱাহ দেখিবলৈ পোৱা যায়৷ অসমীয়া প্ৰতিবাদী ধাৰাৰ কবিসকলৰ ভিতৰত দিলীপ ফুকন অন্যতম৷ পূৰ্বে প্ৰকাশিত দুয়োখন সংকলনৰ কবিতাবোৰত তেখেতৰ প্ৰতিবাদী চেতনাৰ সাৱলীল প্ৰকাশ দেখিবলৈ পোৱা যায়৷ এই প্ৰতিবাদী চেতনাৰ প্ৰৱাহে তেখেতৰ কবিতাক এক অনন্য মহত্ব প্ৰদান কৰিছে৷ দৈৱাৎ এহালি দেওহাঁহ  সংকলিত কবিতাবোৰতো তেনে এক প্ৰতিবাদী চেতনা দেখিবলৈ পোৱা যায়৷ সংকলনখনৰ কবিতাসমূহৰ  মাজেদি  কবিয়ে সাম্প্ৰতিক সময়ৰ অৰাজক অৱস্থা, গণতন্ত্ৰৰ বিপৰ্যয়, শাসক-বণিয়াৰ শোষণ, নাৰী নিৰ্যাতন আৰু নিৰাপত্তাহীনতা, মানৱতাৰ অৱক্ষয় আদিৰ এখন সুস্পষ্ট চিত্ৰ দাঙি ধৰাৰ লগতে ইয়াৰ বিপক্ষে সোচ্ছাৰ হৈ উঠিছে৷ দিনে দিনে পৰিৱৰ্তিত সমাজখনৰ সঘনাই সলনি হোৱা দৃশ্যপটে কবিক ব্যথিত কৰি তুলিছে৷ ধৰ্মৰ নামত সমাজত অসূয়া-অপ্ৰীতিৰ সৃষ্টি কৰা দুস্কৃতিকাৰীসকলৰ কৰ্কশ হাতোঁৰাৰ চেপাত নিৰ্বাক-নিস্পন্দ হৈ ৰোৱা সাধাৰণ জনতাৰ মৰ্মবেদনাক উপলব্ধি কৰি কবিয়ে লিখিছে----
এই যে ধমোৰ্ন্মাদ সন্ত্ৰাসবাদীৰ দৰে

                    ৰাজনৈতিক ক্ষোভ আৰু ব্যংগ ফুকনৰ কবিতাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য৷ ক্ষমতাৰ অপব্যৱহাৰেৰে সাধাৰণ জনতাৰ ওপৰত অত্যাচাৰ চলোৱা দুস্কৃতিকাৰীসকলক কবিয়ে কবিতাৰ মাধ্যমেৰে অত্যন্ত চোকা ভাষাৰে সমালোচনা কৰিছে৷ পণবন্দী জনতাৰ অন্তৰ্বেদনাক কবিতাৰ মাজেৰে অত্যন্ত সাৱলীল ৰূপত উপস্থাপন কৰিছে--

    অতবোৰ মানুহ চিকাৰ কৰাৰ অন্ততো
    তাৰ মুখ  তাৰ হাতোঁৰাত
    তেজৰ দাগ নালাগিল
    তাৰ প্ৰচণ্ড খিতাপ         [ৰজা]

সংকলনখনৰ দুই এটা কবিতাত লোক-জীৱনৰ পৰিৱৰ্তনৰ ছবিখন খুব সুন্দৰকৈ ফুটি উঠিছে৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰা আৰু গোলকীকৰণৰ প্ৰভাৱে আমাৰ দৈনন্দিন জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছে৷ ঘৰত বহিয়েই বিশ্বৰ যিকোনো ঠাইৰ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পৰা হৈছে৷ কল-কাৰখানা, উদ্যোগৰ সংখ্যা বাঢ়িছে৷ যন্ত্ৰ-পাতিৰ ব্যৱহাৰ বাঢ়িছে৷ আমাৰ পথাৰ-বজাৰ সংকুচিত হৈ আহিছে৷ গাঁৱৰ সেই ধুলিয়ৰি কেঁচা আলিবোৰ আজি-কালি পকী আলিলৈ পৰিৱৰ্তিত হৈছে৷ সন্ধিয়া গোৱালৰ সৈতে ধূলি উৰুৱাই গৰু-হজাক নিজ ঘৰলৈ উভতি  অহাৰ সেই মনোৰম দৃশ্য আজি-কালি একেবাৰে দেখা পোৱা নাযায়৷ তদুপৰি ইয়াৰ লগে লগে মানুহৰ মানসিকতা আৰু মানৱীয় সম্পৰ্কৰো পৰিৱৰ্তন ঘটিছে৷ এই পৰিৱৰ্তনে কবিৰ মনন-চিন্তনত -কৈ সাঁচ বহুৱাই গৈছে৷ ভৱিষ্যতৰ প্ৰতি কবিক চিন্তিত কৰি তুলিছে---

খাপৰি খটুৱা বাটেৰে যেতিয়া গাঁৱলৈ ঘূৰিলোঁ
তেতিয়ালৈ তাৰ পৰা উধাও হ' 
দেওচৰা দলনি
দলঘাঁহত মগ্ন ম', ম'হৰ পিঠিৰ বগলী
উদাসীন পথাৰত গিজগিজাই বহিল 
কিছুমান শিলৰ খুঁটি
এনে আচহুৱা দৃশ্য দেখি
থিতাতে হৈ পৰিলোঁ শিলৰ মূৰ্ত্তি        [এই সময়]

বিশ্বায়নৰ ধামখুমীয়াত ইতিমধ্যে হেৰাই যাবৰ উপক্ৰম হোৱা আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰাক আমি  নিজেই ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ আমাৰ কৃষ্টি-সংস্কৃতিক নজহা-নপমাকৈ ধৰি ৰাখিবৰ বাবে আমি নিজেই সজাগ লাগিব৷ এই কথা কবিয়ে কাব্যসংকলন খনৰ শিৰোনামৰ কবিতাটোৰ জৰিয়তে প্ৰতিজন পাঠকৰ মন-মগজুত খুন্দিয়াব পৰাকৈ মননশীল ৰূপত উপস্থাপন কৰিছে--

আমাৰ পূৰ্বজ, আমাৰ সহোদৰ, হেৰুৱাই হেৰুৱাই
হেৰাই যোৱা আমাৰ একেটি জাত
মোৰ আপোনৰ মিঠা-মৰি মাত
দৈৱাৎ এহালি দেওহাঁহ দেখিলে
দূৰৰ পৰাই  লগাবা মাত 
[দৈৱাৎ এহালি দেওহাঁহ]

কোনো কবিয়েই নিজৰ কবিতাত প্ৰেমক উপস্থাপন নকৰাকৈ থাকিব নোৱাৰে৷ কবি দিলীপ ফুকনৰ কবিতাটো প্ৰেমৰ বাঙ্ময় প্ৰকাশ দেখিবলৈ পোৱা যায়৷ ব্যক্তি প্ৰেম, মানৱ প্ৰেম, প্ৰকৃতি প্ৰেমৰ পৰা আৰম্ভ কৰি দেশপ্ৰেমলৈকে প্ৰেমৰ বিভিন্ন ভাৱধাৰাৰ প্ৰৱাহ তেখেতৰ কবিতাত বিদ্যমান৷ এইক্ষেত্ৰত পুলৱামা-২০১৯, দেউতা, বৰষুণ, ৱাৰ মেমৰিয়েল টাৱাং, আদি কবিতাৰ কথা উল্লেখ কৰিব পাৰি৷ সংকলনখনৰ বাকী কবিতাসমূহো সুখপাঠ্য৷ অপ্ৰয়োজনীয় শব্দৰ ব্যৱহাৰ আৰু প্ৰয়োজনাধিক প্ৰতীক চিত্ৰকল্পৰ প্ৰয়োগৰ দোষৰ পৰা মুক্ত কবিতাসমূহে পাঠকক কবিতা পঠনৰ এক অনন্য অনুভূতি প্ৰদান কৰিব৷

শ্ৰমজীৱী জনতাৰ প্ৰতি কবিৰ আছে অপৰিসীম দৰদ৷ সেয়ে কবিতাৰ মাজেদি কবিয়ে শ্ৰমজীৱী জনতাৰ দুখ-কষ্টৰ ছবিখন সুন্দৰকৈ অংকন কৰিছে৷ মালিকপক্ষৰ ওচৰত যে খাটিখোৱা জনতাৰ শ্ৰমৰ কোনো মূল্য নাই এই কথা কবিয়ে মৰ্মে মৰ্মে
উপলব্ধি কৰিছে৷ মেহনতী জনতাৰ খং, ক্ষোভ আৰু জীৱনবোৰ মালিকপক্ষৰ ওচৰত অৰ্থহীন---

তাইৰ হাতৰ আঙুলিবোৰ
ঢৌ খেলি ঢৌ খেলি 
ঢৌ খেলি খেলি যেন 
এখন হাৰমনিয়ামত হাত বুলাইছে
বোবা কণ্ঠ ফাটি ওলাব খুজিছে এখন  কজলা নৈ          (সোমবৰী]
                  
সাম্প্ৰতিক সময়ৰ লগত ৰজিতা খুৱাকৈ পুৰণি কীৰ্ত্তন-নামঘোষাৰ ছন্দৰ আৰ্হিত কবিতা লিখাৰ প্ৰয়াসো তেখেতৰ কবিতাত দেখা যায়----

একদিনা ৰাজা আসি এসিস্থানে ৰৈলা৷
ঋষি মুনি সঙ্গে লৈয়া যজ্ঞ আৰম্ভিলা৷৷  [মেঘ যাযাবৰ, . মেঘ মালিতা]

                            -- এনেধৰণৰ সম্পৰীক্ষামূলক প্ৰয়াসে অনুসন্ধানী পাঠকৰ মনত ফুকনৰ কবিতাৰ প্ৰতি ঔৎসুক্য বঢ়াই তোলে৷ কাব্যসংকলনখনৰ কবিতাসমূহৰ নিৰ্মাণশৈলী অতি উচ্ছমানৰ৷ ভাৱৰ ধাৰাবাহিকতা ৰক্ষাৰ ক্ষেত্ৰত কবিৰ দক্ষতা মনকৰিবলগীয়া৷ গ্ৰাম্য-জীৱনত প্ৰচলিত থলুৱা শব্দসমূহৰ ব্যৱহাৰে কবিতাসমূহক পাঠকৰ চিত্তৰ বেছি কাষ চপাই নিবলৈ সক্ষম হৈছে৷

যদুমণি গগৈ
গৱেষক ছাত্ৰ, অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ফোনঃ ৯৩৬৫৯২৫২৯১

Tuesday, 31 January 2023

অনুৰ বৃদ্ধকালৰ একাকীত্বৰ যন্ত্ৰণাৰ বাস্তৱ চিত্ৰণ

নুৰ বৃদ্ধকালৰ একাকীত্বৰ যন্ত্ৰণাৰ এক বাস্তৱ চিত্ৰণ

 (সাতসৰী মাৰ্চ ২০২৩ত প্ৰকাশিত)


যদুমণি গগৈ






বি পৰিচালক মঞ্জুল বৰুৱাৰ নৱতম ছবি অনুৰ৷ অন্তৰীণ আৰু কানীন ৰ পিছত অনুৰ তেখেতৰ তৃতীয়খন কলাত্মক ছবি৷ অনুৰাধা শৰ্মা পূজাৰীৰ 'ভালপোৱাৰ সময়' গল্পৰ আধাৰত নিৰ্মিত অনুৰ অসমীয়া চলচ্চিত্ৰ  জগতত এক উল্লেখযোগ্য সংযোজন৷ উপযুক্ত অভিনয় শিল্পীৰ নিৰ্বাচন ছবিখনৰ এটা গুৰুত্বপূৰ্ণ দিশ৷  চৰিত্ৰ অনুযায়ী প্ৰতিগৰাকী শিল্পীৰ অভিনয়শৈলী সুকীয়া আৰু মনোগ্ৰাহী৷ সংলাপৰ বাহুল্য নাই৷ যান্ত্ৰিক পৃথিৱীখনত সকলো থকাৰ পিছতো বৃদ্ধকালত লাভ কৰা একাকীত্ব আৰু কৃত্ৰিমতাক অতিক্ৰম কৰি সহৃদয় মানৱীয় আৱেদন পৰিপুষ্ট সম্পৰ্ক এটা গঢ়ি তুলিব বিচৰা প্ৰাক্তন শিক্ষয়িত্ৰী অনুপমা বৰুৱা[ডাঃ জাহানাৰা বেগম] আৰু অৱসৰপ্ৰাপ্ত আই এ এছ  বিষয়া লছিদ মুদিয়াৰ [ৰজত কাপুৰ] আজিৰ সমাজখনৰ একোটা অসহায় চৰিত্ৰ৷ কেৰিয়াৰ আৰু চাকৰিসৰ্বস্ব জীৱনত বৃদ্ধা মাতৃক লৈ সমস্যাৰ উদ্ভৱ হৈছে বুলি ক’বলৈ কুণ্ঠাবোধ নকৰা পুত্ৰ [মাকৰ মৰমৰ দেউতি, অভিষেক] ও আজিৰ ক্ষয়িষ্ণু সমাজখনৰ জীৱন্ত প্ৰতিনিধি৷ অৱশ্যে ছবিখনৰ কাহিনীয়ে ব্যক্তিগতভাৱে কাকো দোষাৰোপ কৰা নাই৷ ইয়াৰ বিপৰীতে ঔম,এমিনা, নিজু, লাৱণ্য পেহীৰ দৰে মানুহবোৰ কৃত্ৰিমতাৰ বাহিৰত৷ সাম্প্ৰতিক সমাজখনক বস্তুবাদী মানসিকতাই গ্ৰাস কৰাৰ মাজতো অনুপমা বৰুৱা আৰু তেখেতৰ লণ্ডনত থকা কণমানি নাতিনীয়েকৰ মাজত ভিডিঅ’ কলৰ জৰিয়তে হোৱা কথোপকথনত বৰুৱাই ঘৰৰ বাৰীৰ ফল-মূলৰ সৈতে নাতিনীয়েকক চিনাকি কৰাই দিছে৷ নাতিনীয়েকে আইতাকৰ সৈতে ভালদৰে কথাপাতিবলৈ নোপোৱাকলৈ অভিমানো কৰিছে৷ ছবিখনত নাতিনীয়েক চৰিত্ৰটোৰ উপস্থিতি তেনেই কম যদিও সেইকণ সময়তেই আইতাক আৰু নাতিনীয়েকৰ মাজৰ মধুৰ সম্পৰ্কক সাৱলীল ৰূপত উপস্থাপন কৰা হৈছে৷ এনেবোৰ ঘটনাৰ মাজেদি উত্তৰ প্ৰজন্মক শিপাৰ সৈতে সংপৃক্ত কৰাৰ প্ৰয়াস ছবিখনত দেখিবলৈ পোৱা যায়৷ পুত্ৰ কৰ্মসূত্ৰে লণ্ডনত থকাৰ বাবে জীৱনৰ শেষ বয়সত অকলশৰে বসবাস কৰা বৰুৱাৰ বাবে এমিনা,ঔম আৰু নিজুৱেই সাৰথি৷ কিতাপ মানুহৰ পৰম বন্ধু৷ অনুপমা বৰুৱায়ো কিতাপৰ সংগ ভালপায়৷ এদিন ৰাতি তেখেতে হাতত তুলি লৈছে ‘এজন নিবিচৰা আলহী’ শীৰ্ষক গ্ৰন্থখন৷ সমান্তৰালভাৱে প্ৰবেশ ঘটিছে লছিদ মুদিয়াৰ নামৰ চৰিত্ৰটিৰ৷ তেনেই সাধাৰণভাৱে থাকি ভালপোৱা মুদিয়াৰক দেখি হয়তো কোনোৱেই অনুমান কৰিব নোৱাৰিব যে তেখেত এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া৷ তেখেত অনুপমা বৰুৱাৰ ঘৰৰ কাষৰে এটা ফ্লেটত থাকে৷ পৰিয়াল বুলিবলৈ ল’ৰা-ছোৱালী এহাল আৰু তেখেত৷ ল’ৰা-ছোৱালী হাল কৰ্মসূত্ৰে আঁতৰত থাকে৷ বৃদ্ধ বয়সত তেখেত অকলশৰীয়া আৰু হৃদৰোগী৷ ভিটামিন ডিৰ প্ৰয়োজনত ৰ’দ লবৰ বাবে তেখেতে অনুপমা বৰুৱাৰ ঘৰৰ ল’নখনলৈ আহে৷ এনেকৈয়ে তেখেতৰ বৰুৱাৰ লগত চিনাকি হয়৷ দৰাচলতে নিঃসংগতাই অনুপমা বৰুৱাক কল্পনা প্ৰৱণ কৰি তুলিছে৷ সেয়ে এজন নিবিচৰা আলহী উপন্যাসখনৰ চৰিত্ৰবোৰকো তেওঁ নিজৰ জীৱনত কল্পনা কৰি লৈছে৷ উপন্যাসখনত ঘটা ঘটনাবোৰক নিজৰ জীৱনতো ঘটিছে বুলি ধৰি লৈছে৷ বৰুৱা নিজেও সেই কল্পনাৰ জগতখনত গভীৰভাৱে সোমাই পৰিছে৷ প্ৰায় শেষ সময়লৈকে তেওঁ সেই কল্পনাৰ জগতখনত ডুবি আছে৷ পৰিচালকে এই কথাটো বুদ্ধিদীপ্ততাৰে উপস্থাপন কৰিছে৷ উপৰুৱাকৈ চালে এই কথাটো ধৰিব নোৱাৰি৷ কল্পনাৰ এনে এখন জগত নিৰ্মাণ কৰা হৈছে য'ত ঘটি থকা ঘটনাবোৰ অনুপমা বৰুৱাৰ বাস্তৱ জীৱনতো ঘটা যেন দৰ্শকৰ অনুমান হয়৷ দৰাচলতে তেনে নহয়৷ অৱশ্যে তেখেতৰ অৱচেতন মনত সেই উপন্যাসখনত সংঘটিত ঘটনা-পৰিঘটনাবোৰৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ চাপ নথকা নহয়৷ 

মানুহৰ জীৱনত নিবিচৰাকৈয়ে বহু ঘটনা সংঘটিত হয়৷ নিবিচৰাকৈয়ে বহু ব্যক্তিৰ প্ৰবেশ ঘটে৷ তাৰে কিছু ঘটনা বা ব্যক্তিয়ে মানুহৰ উপকাৰ সাধন কৰিব পাৰে আৰু কিছু ঘটনা বা ব্যক্তিয়ে হয়তো অপকাৰ সাধন কৰিব পাৰে৷ অচিনাকি লছিদ মুদিয়াৰৰ লগত চিনাকি হোৱা, নিজৰ ঘৰত সংঘটিত হোৱা ডকাইতি ইত্যাদি ঘটনাবোৰ অনুপমা বৰুৱাৰ বাবে কাল্পনিক হ'লেও নিতান্তই অবাঞ্ছিত আছিল৷ সূক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যায় যে উপন্যাসখনৰ পাতৰ সেই ঘটনাবোৰ কাল্পনিক হ'লেও তেখেতৰ মনত জীৱন্ত হৈ ধৰা দিছে৷ অনুপমা বৰুৱাৰ ঘৰত ডকাইতিৰ কাণ্ড(কাল্পনিক) সংঘটিত হোৱাৰ পিছৰ পৰাই ছবিখনে এটা নতুন গতি লৈছে৷এই ঘটনাৰ পিছত তেওঁ কিছু সহৃদয় মানুহক চিনিব পাৰিছে৷ কিছু মানুহৰ অমানৱীয় আৰু স্বাৰ্থপৰ ৰূপ দেখিবলৈ পাইছে৷ সদায়ে কাষত ছাঁটোৰ দৰে লাগি থকা পুত্ৰসম ঔমৰ নিঃস্বাৰ্থ ৰূপটো দেখা পাইছে৷ পঢ়া-শুনাত বেয়া বুলি সকলোৱে হঁহা নিজুৰ শক্তিশালী Present of mind  ৰ উমান পাইছে৷ সেয়ে শেষত তেখেতে নিজুক কৈছে-- সকলোৰে মূৰ সমান নহয়৷ কেৱল পঢ়া-শুনাই সকলো নহয়৷ তাৰ বাহিৰেও পৃথিৱীত আন বহুত কিবাকিবি আছে৷ বিনাদ্বিধাই তেখেতৰ আগত নিজৰ সমস্যাবোৰৰ কথা খুলি কোৱা, তেখেতৰ প্ৰতিটো কথাই মানি লোৱা এমিনাৰ সৰল ৰূপটো দেখা পাইছে৷  লছিদ মুদিয়াৰৰ পৰোপকাৰী মানৱীয় স্বভাৱটোক চিনিব পাৰিছে৷ এজনে আনজনৰ বিপদৰ সময়ত কাষত থিয় দিছে৷ ইয়াৰ বিপৰীতে নিজৰ তেজৰ আপোনজনৰ পৰা পাইছে মাথোঁন যন্ত্ৰণা৷ অনুপমা বৰুৱাৰ মনত দুই ধৰণৰ দ্বন্দ্বই ক্ৰিয়া কৰি উঠিছে৷ এফালে অচিনাকি হৃদয়ৱান ব্যক্তিজনক তেওঁ কাষত বিচাৰিছে অথচ সমাজৰ ভয়ত সেয়া মুকলিকৈ প্ৰকাশ কৰিব পৰা নাই আৰু  আনফালে চিনাকি মানুহৰ স্বাৰ্থপৰ ৰূপটো দেখি এৰিবও পৰা নাই ধৰিবও পৰা নাই৷ সেয়ে সকলোৰে অলক্ষিতে তেওঁ পাৰ্কলৈ গৈ লছিদ মুদিয়াৰৰ সৈতে মনৰ কথাবোৰ পাতিছে৷  ঔম, নিজু এমিনাহঁত থকাৰ পিছতো নিঃসংগ অনুভৱ কৰাৰ কথা কৈছে৷ তেতিয়া লছিদ মুদিয়াৰে কৈছে-- They are arround you but nothing with you. এৰা সকলো থকাৰ পিছতো মানুহ কেতিয়াবা বৰ নিঃসংগ হৈ পৰে৷ একাকীত্বক বুজাবলৈ ইয়াতকৈ শক্তিশালী সংলাপৰ প্ৰয়োজন নহ’ব৷ যেতিয়া তেখেতে দুয়ো একেলগে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ প্ৰস্তাৱ দিছে তেতিয়াও অনুপমা বৰুৱাই মানুহলৈ ভয় কৰি এই প্ৰস্তাৱ অস্বীকাৰ কৰিছে৷ লগে লগে মুদিয়াৰে কৈ উঠিছে- মানুহবোৰ কি চকীদাৰ নেকি? দৰাচলতে এই প্ৰশ্নটো আজিৰ প্ৰেক্ষাপটত অত্যন্ত প্ৰাসংগিক৷ আমি মানুহবোৰে সুবিধা পালেই আনৰ ব্যক্তিগত জীৱনত অনাহকত হস্তক্ষেপ কৰি ভালপোৱা হৈছোঁ নেকি? আনে কি কৰিছে বা নাই কৰা তাক লৈ বেছি ব্যস্ত হৈ পৰিছোঁ নেকি? এই প্ৰশ্নটোৱে এনে অনেক চিন্তাৰ অৱকাশ দি থৈ যায়৷ সাধাৰণ নাগৰিকৰ নিৰাপত্তাহীনতাৰ ইচ্ছ্যুটোৰ উপস্থাপনো মনকৰিবলগীয়া৷ লছিদ মুদিয়াৰ চৰিত্ৰটো কাল্পনিক হ'লেও অনুপমা বৰুৱাই বাস্তৱতো তেনে এজন ব্যক্তিৰ সংগ বিচাৰিছে৷


এফালে পূৰ্বে  উল্লেখ কৰি অহা দুই ধৰণৰ দ্বন্দ্ব আৰু আনফালে বৃদ্ধকালৰ একাকীত্বৰ যন্ত্ৰণা এই দুয়োটাই অনুপমা বৰুৱাক শেষলৈকে পীড়িত কৰি ৰাখিছে৷ এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তেখেতে এখন দুৱাৰ বা এটা বাট বিচাৰি ফুৰিছে৷

ছবিখনৰ শেষৰ দৃশ্যটোত প্ৰতীকাত্মকৰূপত এই কথাকেই উপস্থাপন কৰা হৈছে৷ অৱশ্যে কাহিনীকাৰ আৰু পৰিচালকে অনুপমা বৰুৱাই সেই আকাংক্ষিত বাটটো বিচাৰি পালে নে নাই সেই প্ৰশ্নটো দৰ্শকৰ মাজলৈ এৰি দিছে৷ সেই উত্তৰ প্ৰতিজন দৰ্শকে নিজৰ ধৰণেৰে বিচাৰি ল’ব৷ 


পৰিচালক হিচাপে মঞ্জুল বৰুৱাৰ দক্ষতাৰ উমান ছবিখনত দেখিবলৈ পোৱা যায়৷ প্ৰতিটো ঘটনাক দৰ্শকৰ মন-মগজুক আলোড়িত কৰি তুলিব পৰাকৈ উপস্থাপন কৰিছে৷ ছবিখনৰ আৱহ সংগীত সুন্দৰ যদিও সামগ্ৰিকভাৱে সংগীত ব্যৱস্থাপনা আৰু উন্নত কৰাৰ থল আছিল বুলি মনে ধৰে৷ ৰূপম ভূঞাৰ হৃদয়স্পৰ্শী গায়কীয়ে প্ৰতিজন দৰ্শকৰ অন্তৰ চুই যাব৷ অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰ উচ্চতা সম্পৰ্কত কোনো সন্দেহ নাই৷ অৱশ্যে ছবিখনৰ কাহিনীৰ গতি লেহেমীয়া হোৱা যেন বোধ হ’ল৷ কিছু দৃশ্যক অধিক সম্পাদনাৰ জৰিয়তে চুটি কৰি অথবা বাদ দি কাহিনীৰ গতিশীলতা বৃদ্ধি কৰাৰ থল আছিল বুলি ভাবোঁ৷

বিষয়বস্তুৰ ক্ষেত্ৰত নতুনত্ব আছে বুলি ক'ব নোৱাৰি৷ অসমীয়া গল্প সাহিত্যত এনে বিষয়বস্তুৰে পূৰ্বেও গল্প ৰচিত হৈছে৷ মূল গল্পটোৰ আবেদনক একে ৰাখি পৰিচালক মঞ্জুল বৰুৱাই নিজস্বতাৰে কৰা কৌশলী কাহিনী কথন আৰু উপস্থাপন শৈলীৰ ব্যতিক্ৰমধৰ্মীতাইহে ছবিখনক নতুনত্ব প্ৰদান কৰিছে বুলি ক'ব পাৰি৷ সামগ্ৰিকভাৱে অনুৰ সাম্প্ৰতিক ক্ষয়িষ্ণু সমাজ জীৱন আৰু মানৱীয় সম্পৰ্কক তুলি ধৰা এখন ভাল ছবি৷  


যদুমণি গগৈ

গৱেষক ছাত্ৰ

অসমীয়া বিভাগ

ডিব্ৰুগড় বিশ্ববিদ্যালয়

ফোন নংঃ ৯৩৬৫৯২৫২৯১ 

ই-মেইল- jadumonig283@gmail.com


সাতসৰীত প্ৰকাশিত প্ৰবন্ধটি পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰক৷

অনুৰ



বিন্দু-ব্যাপ্তি-বিস্তৃতি

                                   যদুমণি গগৈ বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত  সাৰস্বত সাৰস্বত কাণে কাণে কৈ যায় ব্যাপ্তি বিন্দুৰ অন্তিম প...