কবি দিলীপ ফুকনৰ দৈৱাৎ এহালি দেওহাঁহ
Nirjonninad
Thursday, 2 February 2023
সামাজিক- সাংস্কৃতিক চেতনাৰ মনোৰম প্ৰকাশ
Tuesday, 31 January 2023
অনুৰ বৃদ্ধকালৰ একাকীত্বৰ যন্ত্ৰণাৰ বাস্তৱ চিত্ৰণ
অনুৰ বৃদ্ধকালৰ একাকীত্বৰ যন্ত্ৰণাৰ এক বাস্তৱ চিত্ৰণ
(সাতসৰী মাৰ্চ ২০২৩ত প্ৰকাশিত)
যদুমণি গগৈ
ছবি পৰিচালক মঞ্জুল বৰুৱাৰ নৱতম ছবি অনুৰ৷ অন্তৰীণ আৰু কানীন ৰ পিছত অনুৰ তেখেতৰ তৃতীয়খন কলাত্মক ছবি৷ অনুৰাধা শৰ্মা পূজাৰীৰ 'ভালপোৱাৰ সময়' গল্পৰ আধাৰত নিৰ্মিত অনুৰ অসমীয়া চলচ্চিত্ৰ জগতত এক উল্লেখযোগ্য সংযোজন৷ উপযুক্ত অভিনয় শিল্পীৰ নিৰ্বাচন ছবিখনৰ এটা গুৰুত্বপূৰ্ণ দিশ৷ চৰিত্ৰ অনুযায়ী প্ৰতিগৰাকী শিল্পীৰ অভিনয়শৈলী সুকীয়া আৰু মনোগ্ৰাহী৷ সংলাপৰ বাহুল্য নাই৷ যান্ত্ৰিক পৃথিৱীখনত সকলো থকাৰ পিছতো বৃদ্ধকালত লাভ কৰা একাকীত্ব আৰু কৃত্ৰিমতাক অতিক্ৰম কৰি সহৃদয় মানৱীয় আৱেদন পৰিপুষ্ট সম্পৰ্ক এটা গঢ়ি তুলিব বিচৰা প্ৰাক্তন শিক্ষয়িত্ৰী অনুপমা বৰুৱা[ডাঃ জাহানাৰা বেগম] আৰু অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া লছিদ মুদিয়াৰ [ৰজত কাপুৰ] আজিৰ সমাজখনৰ একোটা অসহায় চৰিত্ৰ৷ কেৰিয়াৰ আৰু চাকৰিসৰ্বস্ব জীৱনত বৃদ্ধা মাতৃক লৈ সমস্যাৰ উদ্ভৱ হৈছে বুলি ক’বলৈ কুণ্ঠাবোধ নকৰা পুত্ৰ [মাকৰ মৰমৰ দেউতি, অভিষেক] ও আজিৰ ক্ষয়িষ্ণু সমাজখনৰ জীৱন্ত প্ৰতিনিধি৷ অৱশ্যে ছবিখনৰ কাহিনীয়ে ব্যক্তিগতভাৱে কাকো দোষাৰোপ কৰা নাই৷ ইয়াৰ বিপৰীতে ঔম,এমিনা, নিজু, লাৱণ্য পেহীৰ দৰে মানুহবোৰ কৃত্ৰিমতাৰ বাহিৰত৷ সাম্প্ৰতিক সমাজখনক বস্তুবাদী মানসিকতাই গ্ৰাস কৰাৰ মাজতো অনুপমা বৰুৱা আৰু তেখেতৰ লণ্ডনত থকা কণমানি নাতিনীয়েকৰ মাজত ভিডিঅ’ কলৰ জৰিয়তে হোৱা কথোপকথনত বৰুৱাই ঘৰৰ বাৰীৰ ফল-মূলৰ সৈতে নাতিনীয়েকক চিনাকি কৰাই দিছে৷ নাতিনীয়েকে আইতাকৰ সৈতে ভালদৰে কথাপাতিবলৈ নোপোৱাকলৈ অভিমানো কৰিছে৷ ছবিখনত নাতিনীয়েক চৰিত্ৰটোৰ উপস্থিতি তেনেই কম যদিও সেইকণ সময়তেই আইতাক আৰু নাতিনীয়েকৰ মাজৰ মধুৰ সম্পৰ্কক সাৱলীল ৰূপত উপস্থাপন কৰা হৈছে৷ এনেবোৰ ঘটনাৰ মাজেদি উত্তৰ প্ৰজন্মক শিপাৰ সৈতে সংপৃক্ত কৰাৰ প্ৰয়াস ছবিখনত দেখিবলৈ পোৱা যায়৷ পুত্ৰ কৰ্মসূত্ৰে লণ্ডনত থকাৰ বাবে জীৱনৰ শেষ বয়সত অকলশৰে বসবাস কৰা বৰুৱাৰ বাবে এমিনা,ঔম আৰু নিজুৱেই সাৰথি৷ কিতাপ মানুহৰ পৰম বন্ধু৷ অনুপমা বৰুৱায়ো কিতাপৰ সংগ ভালপায়৷ এদিন ৰাতি তেখেতে হাতত তুলি লৈছে ‘এজন নিবিচৰা আলহী’ শীৰ্ষক গ্ৰন্থখন৷ সমান্তৰালভাৱে প্ৰবেশ ঘটিছে লছিদ মুদিয়াৰ নামৰ চৰিত্ৰটিৰ৷ তেনেই সাধাৰণভাৱে থাকি ভালপোৱা মুদিয়াৰক দেখি হয়তো কোনোৱেই অনুমান কৰিব নোৱাৰিব যে তেখেত এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া৷ তেখেত অনুপমা বৰুৱাৰ ঘৰৰ কাষৰে এটা ফ্লেটত থাকে৷ পৰিয়াল বুলিবলৈ ল’ৰা-ছোৱালী এহাল আৰু তেখেত৷ ল’ৰা-ছোৱালী হাল কৰ্মসূত্ৰে আঁতৰত থাকে৷ বৃদ্ধ বয়সত তেখেত অকলশৰীয়া আৰু হৃদৰোগী৷ ভিটামিন ডিৰ প্ৰয়োজনত ৰ’দ লবৰ বাবে তেখেতে অনুপমা বৰুৱাৰ ঘৰৰ ল’নখনলৈ আহে৷ এনেকৈয়ে তেখেতৰ বৰুৱাৰ লগত চিনাকি হয়৷ দৰাচলতে নিঃসংগতাই অনুপমা বৰুৱাক কল্পনা প্ৰৱণ কৰি তুলিছে৷ সেয়ে এজন নিবিচৰা আলহী উপন্যাসখনৰ চৰিত্ৰবোৰকো তেওঁ নিজৰ জীৱনত কল্পনা কৰি লৈছে৷ উপন্যাসখনত ঘটা ঘটনাবোৰক নিজৰ জীৱনতো ঘটিছে বুলি ধৰি লৈছে৷ বৰুৱা নিজেও সেই কল্পনাৰ জগতখনত গভীৰভাৱে সোমাই পৰিছে৷ প্ৰায় শেষ সময়লৈকে তেওঁ সেই কল্পনাৰ জগতখনত ডুবি আছে৷ পৰিচালকে এই কথাটো বুদ্ধিদীপ্ততাৰে উপস্থাপন কৰিছে৷ উপৰুৱাকৈ চালে এই কথাটো ধৰিব নোৱাৰি৷ কল্পনাৰ এনে এখন জগত নিৰ্মাণ কৰা হৈছে য'ত ঘটি থকা ঘটনাবোৰ অনুপমা বৰুৱাৰ বাস্তৱ জীৱনতো ঘটা যেন দৰ্শকৰ অনুমান হয়৷ দৰাচলতে তেনে নহয়৷ অৱশ্যে তেখেতৰ অৱচেতন মনত সেই উপন্যাসখনত সংঘটিত ঘটনা-পৰিঘটনাবোৰৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ চাপ নথকা নহয়৷
মানুহৰ জীৱনত নিবিচৰাকৈয়ে বহু ঘটনা সংঘটিত হয়৷ নিবিচৰাকৈয়ে বহু ব্যক্তিৰ প্ৰবেশ ঘটে৷ তাৰে কিছু ঘটনা বা ব্যক্তিয়ে মানুহৰ উপকাৰ সাধন কৰিব পাৰে আৰু কিছু ঘটনা বা ব্যক্তিয়ে হয়তো অপকাৰ সাধন কৰিব পাৰে৷ অচিনাকি লছিদ মুদিয়াৰৰ লগত চিনাকি হোৱা, নিজৰ ঘৰত সংঘটিত হোৱা ডকাইতি ইত্যাদি ঘটনাবোৰ অনুপমা বৰুৱাৰ বাবে কাল্পনিক হ'লেও নিতান্তই অবাঞ্ছিত আছিল৷ সূক্ষ্মভাৱে লক্ষ্য কৰিলে দেখা যায় যে উপন্যাসখনৰ পাতৰ সেই ঘটনাবোৰ কাল্পনিক হ'লেও তেখেতৰ মনত জীৱন্ত হৈ ধৰা দিছে৷ অনুপমা বৰুৱাৰ ঘৰত ডকাইতিৰ কাণ্ড(কাল্পনিক) সংঘটিত হোৱাৰ পিছৰ পৰাই ছবিখনে এটা নতুন গতি লৈছে৷এই ঘটনাৰ পিছত তেওঁ কিছু সহৃদয় মানুহক চিনিব পাৰিছে৷ কিছু মানুহৰ অমানৱীয় আৰু স্বাৰ্থপৰ ৰূপ দেখিবলৈ পাইছে৷ সদায়ে কাষত ছাঁটোৰ দৰে লাগি থকা পুত্ৰসম ঔমৰ নিঃস্বাৰ্থ ৰূপটো দেখা পাইছে৷ পঢ়া-শুনাত বেয়া বুলি সকলোৱে হঁহা নিজুৰ শক্তিশালী Present of mind ৰ উমান পাইছে৷ সেয়ে শেষত তেখেতে নিজুক কৈছে-- সকলোৰে মূৰ সমান নহয়৷ কেৱল পঢ়া-শুনাই সকলো নহয়৷ তাৰ বাহিৰেও পৃথিৱীত আন বহুত কিবাকিবি আছে৷ বিনাদ্বিধাই তেখেতৰ আগত নিজৰ সমস্যাবোৰৰ কথা খুলি কোৱা, তেখেতৰ প্ৰতিটো কথাই মানি লোৱা এমিনাৰ সৰল ৰূপটো দেখা পাইছে৷ লছিদ মুদিয়াৰৰ পৰোপকাৰী মানৱীয় স্বভাৱটোক চিনিব পাৰিছে৷ এজনে আনজনৰ বিপদৰ সময়ত কাষত থিয় দিছে৷ ইয়াৰ বিপৰীতে নিজৰ তেজৰ আপোনজনৰ পৰা পাইছে মাথোঁন যন্ত্ৰণা৷ অনুপমা বৰুৱাৰ মনত দুই ধৰণৰ দ্বন্দ্বই ক্ৰিয়া কৰি উঠিছে৷ এফালে অচিনাকি হৃদয়ৱান ব্যক্তিজনক তেওঁ কাষত বিচাৰিছে অথচ সমাজৰ ভয়ত সেয়া মুকলিকৈ প্ৰকাশ কৰিব পৰা নাই আৰু আনফালে চিনাকি মানুহৰ স্বাৰ্থপৰ ৰূপটো দেখি এৰিবও পৰা নাই ধৰিবও পৰা নাই৷ সেয়ে সকলোৰে অলক্ষিতে তেওঁ পাৰ্কলৈ গৈ লছিদ মুদিয়াৰৰ সৈতে মনৰ কথাবোৰ পাতিছে৷ ঔম, নিজু এমিনাহঁত থকাৰ পিছতো নিঃসংগ অনুভৱ কৰাৰ কথা কৈছে৷ তেতিয়া লছিদ মুদিয়াৰে কৈছে-- They are arround you but nothing with you. এৰা সকলো থকাৰ পিছতো মানুহ কেতিয়াবা বৰ নিঃসংগ হৈ পৰে৷ একাকীত্বক বুজাবলৈ ইয়াতকৈ শক্তিশালী সংলাপৰ প্ৰয়োজন নহ’ব৷ যেতিয়া তেখেতে দুয়ো একেলগে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ প্ৰস্তাৱ দিছে তেতিয়াও অনুপমা বৰুৱাই মানুহলৈ ভয় কৰি এই প্ৰস্তাৱ অস্বীকাৰ কৰিছে৷ লগে লগে মুদিয়াৰে কৈ উঠিছে- মানুহবোৰ কি চকীদাৰ নেকি? দৰাচলতে এই প্ৰশ্নটো আজিৰ প্ৰেক্ষাপটত অত্যন্ত প্ৰাসংগিক৷ আমি মানুহবোৰে সুবিধা পালেই আনৰ ব্যক্তিগত জীৱনত অনাহকত হস্তক্ষেপ কৰি ভালপোৱা হৈছোঁ নেকি? আনে কি কৰিছে বা নাই কৰা তাক লৈ বেছি ব্যস্ত হৈ পৰিছোঁ নেকি? এই প্ৰশ্নটোৱে এনে অনেক চিন্তাৰ অৱকাশ দি থৈ যায়৷ সাধাৰণ নাগৰিকৰ নিৰাপত্তাহীনতাৰ ইচ্ছ্যুটোৰ উপস্থাপনো মনকৰিবলগীয়া৷ লছিদ মুদিয়াৰ চৰিত্ৰটো কাল্পনিক হ'লেও অনুপমা বৰুৱাই বাস্তৱতো তেনে এজন ব্যক্তিৰ সংগ বিচাৰিছে৷
এফালে পূৰ্বে উল্লেখ কৰি অহা দুই ধৰণৰ দ্বন্দ্ব আৰু আনফালে বৃদ্ধকালৰ একাকীত্বৰ যন্ত্ৰণা এই দুয়োটাই অনুপমা বৰুৱাক শেষলৈকে পীড়িত কৰি ৰাখিছে৷ এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তেখেতে এখন দুৱাৰ বা এটা বাট বিচাৰি ফুৰিছে৷
ছবিখনৰ শেষৰ দৃশ্যটোত প্ৰতীকাত্মকৰূপত এই কথাকেই উপস্থাপন কৰা হৈছে৷ অৱশ্যে কাহিনীকাৰ আৰু পৰিচালকে অনুপমা বৰুৱাই সেই আকাংক্ষিত বাটটো বিচাৰি পালে নে নাই সেই প্ৰশ্নটো দৰ্শকৰ মাজলৈ এৰি দিছে৷ সেই উত্তৰ প্ৰতিজন দৰ্শকে নিজৰ ধৰণেৰে বিচাৰি ল’ব৷
পৰিচালক হিচাপে মঞ্জুল বৰুৱাৰ দক্ষতাৰ উমান ছবিখনত দেখিবলৈ পোৱা যায়৷ প্ৰতিটো ঘটনাক দৰ্শকৰ মন-মগজুক আলোড়িত কৰি তুলিব পৰাকৈ উপস্থাপন কৰিছে৷ ছবিখনৰ আৱহ সংগীত সুন্দৰ যদিও সামগ্ৰিকভাৱে সংগীত ব্যৱস্থাপনা আৰু উন্নত কৰাৰ থল আছিল বুলি মনে ধৰে৷ ৰূপম ভূঞাৰ হৃদয়স্পৰ্শী গায়কীয়ে প্ৰতিজন দৰ্শকৰ অন্তৰ চুই যাব৷ অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰ উচ্চতা সম্পৰ্কত কোনো সন্দেহ নাই৷ অৱশ্যে ছবিখনৰ কাহিনীৰ গতি লেহেমীয়া হোৱা যেন বোধ হ’ল৷ কিছু দৃশ্যক অধিক সম্পাদনাৰ জৰিয়তে চুটি কৰি অথবা বাদ দি কাহিনীৰ গতিশীলতা বৃদ্ধি কৰাৰ থল আছিল বুলি ভাবোঁ৷
বিষয়বস্তুৰ ক্ষেত্ৰত নতুনত্ব আছে বুলি ক'ব নোৱাৰি৷ অসমীয়া গল্প সাহিত্যত এনে বিষয়বস্তুৰে পূৰ্বেও গল্প ৰচিত হৈছে৷ মূল গল্পটোৰ আবেদনক একে ৰাখি পৰিচালক মঞ্জুল বৰুৱাই নিজস্বতাৰে কৰা কৌশলী কাহিনী কথন আৰু উপস্থাপন শৈলীৰ ব্যতিক্ৰমধৰ্মীতাইহে ছবিখনক নতুনত্ব প্ৰদান কৰিছে বুলি ক'ব পাৰি৷ সামগ্ৰিকভাৱে অনুৰ সাম্প্ৰতিক ক্ষয়িষ্ণু সমাজ জীৱন আৰু মানৱীয় সম্পৰ্কক তুলি ধৰা এখন ভাল ছবি৷
যদুমণি গগৈ
গৱেষক ছাত্ৰ
অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ফোন নংঃ ৯৩৬৫৯২৫২৯১
ই-মেইল- jadumonig283@gmail.com
সাতসৰীত প্ৰকাশিত প্ৰবন্ধটি পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰক৷
বিন্দু-ব্যাপ্তি-বিস্তৃতি
যদুমণি গগৈ বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত সাৰস্বত সাৰস্বত কাণে কাণে কৈ যায় ব্যাপ্তি বিন্দুৰ অন্তিম প...
-
যদুমণি গগৈ বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত সাৰস্বত সাৰস্বত কাণে কাণে কৈ যায় ব্যাপ্তি বিন্দুৰ অন্তিম প...
-
হিৰাইথ [HIRAETH] প্ৰান্তীয় আৰু দৰিদ্ৰ শ্ৰেণীৰ দুৰ্দশাৰ মৰ্মস্পৰ্শী চিত্ৰণ যদুমণি গগৈ ...

