কবি দিলীপ ফুকনৰ দৈৱাৎ এহালি দেওহাঁহ
সাম্প্ৰতিক অসমীয়া কবিতাৰ এটা অতি পৰিচিত নাম দিলীপ ফুকন৷ বিংশ শতিকাৰ সত্তৰৰ দশকতে আত্মপ্ৰকাশ কৰি বৰ্তমানলৈকে কাব্যচৰ্চা কৰি থকা ফুকন অসমীয়া কবিতাৰ এটা শক্তিশালী কণ্ঠস্বৰ৷ দৈকলা সাঁতোৰে য’ত [২০১১] আৰু দুনাই অগ্নিত আখৈ ফুটে [২০১৭] হৈছে তেখেতৰ পূৰ্বে প্ৰকাশিত কাব্যসংকলন৷ দৈৱাৎ এহালি দেওহাঁহ [২০২১, নৱেম্বৰ] তেখেতৰ শেহতীয়াকৈ প্ৰকাশিত কাব্যসংকলন৷ জলপদুমৰ পানচৈ দিলীপ ফুকনৰ একমাত্ৰ উপন্যাস৷ লোকজীৱনৰ মনোধ্বনি শীৰ্ষক গ্ৰন্থখন লেখকৰ লোককথাৰ বস্তুনিষ্ঠ আলোচনা বিষয়ক গ্ৰন্থ৷
দৈৱাৎ এহালি দেওহাঁহ কাব্যগ্ৰন্থখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ৬৪৷ কাব্যসংকলনখনত মুঠ ৩১টা কবিতা সংকলিত হৈছে৷ নগাঁৱৰ শংকৰদেৱ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ দাম ১৩০ টকা৷ দৈৱাৎ এহালি দেওহাঁহ শীৰ্ষক শিৰোনামটোৱেই গ্ৰন্থখনৰ প্ৰতি পাঠকৰ আকৰ্ষণ বৃদ্ধিৰ অন্যতম এটা কাৰণ৷ গ্ৰন্থখনৰ শিৰোনাম সম্পৰ্কত কবিয়ে উল্লেখ কৰিছে এনেদৰে-----
দৈৱাৎ এহালি দেওহাঁহ আমাৰ তৃতীয় কবিতা সংকলন৷ বিলুপ্তপ্ৰায় দেওহাঁহৰ দৰে আমিও যেন ক্ৰমাগত হেৰাই যাব খুজিছোঁ৷ এটা গ্ৰাস-পদ্ধতিয়ে ক্ৰমান্বয়ে আমাৰ পথাৰ-সমাৰ সংকুচিত কৰি আনিছে, আমাৰ নৈ-বিল-পাহাৰ-অৰণ্য, আমাৰ প্ৰাকৃতিক সম্পদ ধ্বংসৰ গৰাহত৷ আমাৰ কৃষিভিত্তিক কৃষ্টি বিপৰ্যয়ৰ সন্মুখীন, সংস্কৃতিৰ বাণিজ্যিকৰণ, ভাষা আৰু সাহিত্যৰ প্ৰতিও ভাবুকি আহি পৰিছে৷ সংস্থাপনহীনতা আৰু হাতৰ পৰা হেৰাই যোৱা বজাৰে আমাক ক্ৰমাগত অনি(য়তাৰ ফালে ঠেলি নি পৰনিৰ্ভৰশীল হ’বলৈ বাধ্য কৰাইছে৷ ই এটা জাতি যাযাবৰ হ’বলৈ গৈ থকাৰ পূৰ্ব লক্ষণ৷ এনে এক অভিধাৰেই আমাৰ কিতাপৰ শিৰোনাম ৰখা হৈছে৷
কাব্যসংকলনখনৰ শিৰোনামটোৰ পৰাই কবিৰ অন্তৰত থকা নিৰ্মল জাতিপ্ৰেম, সমাজজীৱনৰ প্ৰতি থকা দায়ৱদ্ধতা আৰু লোককৃষ্টিৰ প্ৰতি থকা অসীম শ্ৰদ্ধাৰ উমান পাব পাৰি৷ কবি দিলীপ ফুকনৰ কবিতাত লোককৃষ্টিৰ বহু সমলে ভুমুকি মাৰিছে৷ এই প্ৰসংগত বহুজাতিক বতাহ, তৰমুজ কুঁৱৰীৰ সাধু, অলৌকিক এসন্ধ্যা, আয়তীসকল, মেঘ যাযাবৰ আদি কবিতাৰ নাম ল’ব পাৰি৷ অৱশ্যে তেখেতৰ কবিতাত এটা মাত্ৰ প্ৰসংগৰ পৰিৱৰ্তে একাধিক প্ৰসংগৰ সমাহাৰ দেখিবলৈ পোৱা যায়৷ কবিতাবোৰত লোককৃষ্টিৰ সমল সমূহক সাম্প্ৰতিক পৰিস্থিতিৰ লগত ৰজিতা খুৱাই উপস্থাপন কৰা হৈছে---
বিয়ানাম গাই গাই আয়তীসকল
ক্ৰমে লীন হৈ যায় একোটা শৰীৰত
আৰু জ্বলি ৰয় এটা দুণৰিৰ ভিতৰত [আয়তীসকল]
কবি দিলীপ ফুকনৰ কবিতাত প্ৰতিবাদী চেতনাৰ প্ৰৱাহ দেখিবলৈ পোৱা যায়৷ অসমীয়া প্ৰতিবাদী ধাৰাৰ কবিসকলৰ ভিতৰত দিলীপ ফুকন অন্যতম৷ পূৰ্বে প্ৰকাশিত দুয়োখন সংকলনৰ কবিতাবোৰত তেখেতৰ প্ৰতিবাদী চেতনাৰ সাৱলীল প্ৰকাশ দেখিবলৈ পোৱা যায়৷ এই প্ৰতিবাদী চেতনাৰ প্ৰৱাহে তেখেতৰ কবিতাক এক অনন্য মহত্ব প্ৰদান কৰিছে৷ দৈৱাৎ এহালি দেওহাঁহ ত সংকলিত কবিতাবোৰতো তেনে এক প্ৰতিবাদী চেতনা দেখিবলৈ পোৱা যায়৷ সংকলনখনৰ কবিতাসমূহৰ মাজেদি কবিয়ে সাম্প্ৰতিক সময়ৰ অৰাজক অৱস্থা, গণতন্ত্ৰৰ বিপৰ্যয়, শাসক-বণিয়াৰ শোষণ, নাৰী নিৰ্যাতন আৰু নিৰাপত্তাহীনতা, মানৱতাৰ অৱক্ষয় আদিৰ এখন সুস্পষ্ট চিত্ৰ দাঙি ধৰাৰ লগতে ইয়াৰ বিপক্ষে সোচ্ছাৰ হৈ উঠিছে৷ দিনে দিনে পৰিৱৰ্তিত সমাজখনৰ সঘনাই সলনি হোৱা দৃশ্যপটে কবিক ব্যথিত কৰি তুলিছে৷ ধৰ্মৰ নামত সমাজত অসূয়া-অপ্ৰীতিৰ সৃষ্টি কৰা দুস্কৃতিকাৰীসকলৰ কৰ্কশ হাতোঁৰাৰ চেপাত নিৰ্বাক-নিস্পন্দ হৈ ৰোৱা সাধাৰণ জনতাৰ মৰ্মবেদনাক উপলব্ধি কৰি কবিয়ে লিখিছে----
এই যে ধমোৰ্ন্মাদ সন্ত্ৰাসবাদীৰ দৰে
ৰাজনৈতিক ক্ষোভ আৰু ব্যংগ ফুকনৰ কবিতাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য৷ ক্ষমতাৰ অপব্যৱহাৰেৰে সাধাৰণ জনতাৰ ওপৰত অত্যাচাৰ চলোৱা দুস্কৃতিকাৰীসকলক কবিয়ে কবিতাৰ মাধ্যমেৰে অত্যন্ত চোকা ভাষাৰে সমালোচনা কৰিছে৷ পণবন্দী জনতাৰ অন্তৰ্বেদনাক কবিতাৰ মাজেৰে অত্যন্ত সাৱলীল ৰূপত উপস্থাপন কৰিছে--
অতবোৰ মানুহ চিকাৰ কৰাৰ অন্ততো
তাৰ মুখ তাৰ হাতোঁৰাত
তেজৰ দাগ নালাগিল
তাৰ প্ৰচণ্ড খিতাপ
[ৰজা]
সংকলনখনৰ দুই এটা কবিতাত লোক-জীৱনৰ পৰিৱৰ্তনৰ ছবিখন খুব সুন্দৰকৈ ফুটি উঠিছে৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জয়যাত্ৰা আৰু গোলকীকৰণৰ প্ৰভাৱে আমাৰ দৈনন্দিন জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছে৷ ঘৰত বহিয়েই বিশ্বৰ যিকোনো ঠাইৰ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পৰা হৈছে৷ কল-কাৰখানা, উদ্যোগৰ সংখ্যা বাঢ়িছে৷ যন্ত্ৰ-পাতিৰ ব্যৱহাৰ বাঢ়িছে৷ আমাৰ পথাৰ-বজাৰ সংকুচিত হৈ আহিছে৷ গাঁৱৰ সেই ধুলিয়ৰি কেঁচা আলিবোৰ আজি-কালি পকী আলিলৈ পৰিৱৰ্তিত হৈছে৷ সন্ধিয়া গোৱালৰ সৈতে ধূলি উৰুৱাই গৰু-ম’হজাক নিজ ঘৰলৈ উভতি অহাৰ সেই মনোৰম দৃশ্য আজি-কালি একেবাৰে দেখা পোৱা নাযায়৷ তদুপৰি ইয়াৰ লগে লগে মানুহৰ মানসিকতা আৰু মানৱীয় সম্পৰ্কৰো পৰিৱৰ্তন ঘটিছে৷ এই পৰিৱৰ্তনে কবিৰ মনন-চিন্তনত দ-কৈ সাঁচ বহুৱাই গৈছে৷ ভৱিষ্যতৰ প্ৰতি কবিক চিন্তিত কৰি তুলিছে---
খাপৰি খটুৱা বাটেৰে যেতিয়া গাঁৱলৈ ঘূৰিলোঁ
তেতিয়ালৈ তাৰ পৰা উধাও হ'ল
দেওচৰা দলনি
দলঘাঁহত মগ্ন ম'হ, ম'হৰ পিঠিৰ বগলী
উদাসীন পথাৰত গিজগিজাই বহিল
কিছুমান শিলৰ খুঁটি
এনে আচহুৱা দৃশ্য দেখি
থিতাতে হৈ পৰিলোঁ শিলৰ মূৰ্ত্তি [এই সময়]
বিশ্বায়নৰ ধামখুমীয়াত ইতিমধ্যে হেৰাই যাবৰ উপক্ৰম হোৱা আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰাক আমি নিজেই ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ আমাৰ কৃষ্টি-সংস্কৃতিক নজহা-নপমাকৈ ধৰি ৰাখিবৰ বাবে আমি নিজেই সজাগ হ’ব লাগিব৷ এই কথা কবিয়ে কাব্যসংকলন খনৰ শিৰোনামৰ কবিতাটোৰ জৰিয়তে প্ৰতিজন পাঠকৰ মন-মগজুত খুন্দিয়াব পৰাকৈ মননশীল ৰূপত উপস্থাপন কৰিছে--
ই আমাৰ পূৰ্বজ, আমাৰ সহোদৰ, হেৰুৱাই হেৰুৱাই
হেৰাই যোৱা আমাৰ একেটি জাত
অ’ মোৰ আপোনৰ মিঠা-মৰি মাত
দৈৱাৎ এহালি দেওহাঁহ দেখিলে
দূৰৰ পৰাই লগাবা মাত
[দৈৱাৎ এহালি দেওহাঁহ]
কোনো কবিয়েই নিজৰ কবিতাত প্ৰেমক উপস্থাপন নকৰাকৈ থাকিব নোৱাৰে৷ কবি দিলীপ ফুকনৰ কবিতাটো প্ৰেমৰ বাঙ্ময় প্ৰকাশ দেখিবলৈ পোৱা যায়৷ ব্যক্তি প্ৰেম, মানৱ প্ৰেম, প্ৰকৃতি প্ৰেমৰ পৰা আৰম্ভ কৰি দেশপ্ৰেমলৈকে প্ৰেমৰ বিভিন্ন ভাৱধাৰাৰ প্ৰৱাহ তেখেতৰ কবিতাত বিদ্যমান৷ এইক্ষেত্ৰত পুলৱামা-২০১৯, দেউতা, বৰষুণ, ৱাৰ মেম’ৰিয়েল টাৱাং, আদি কবিতাৰ কথা উল্লেখ কৰিব পাৰি৷ সংকলনখনৰ বাকী কবিতাসমূহো সুখপাঠ্য৷ অপ্ৰয়োজনীয় শব্দৰ ব্যৱহাৰ আৰু প্ৰয়োজনাধিক প্ৰতীক চিত্ৰকল্পৰ প্ৰয়োগৰ দোষৰ পৰা মুক্ত কবিতাসমূহে পাঠকক কবিতা পঠনৰ এক অনন্য অনুভূতি প্ৰদান কৰিব৷
শ্ৰমজীৱী জনতাৰ প্ৰতি কবিৰ আছে অপৰিসীম দৰদ৷ সেয়ে কবিতাৰ মাজেদি কবিয়ে শ্ৰমজীৱী জনতাৰ দুখ-কষ্টৰ ছবিখন সুন্দৰকৈ অংকন কৰিছে৷ মালিকপক্ষৰ ওচৰত যে খাটিখোৱা জনতাৰ শ্ৰমৰ কোনো মূল্য নাই এই কথা কবিয়ে মৰ্মে মৰ্মে
উপলব্ধি কৰিছে৷ মেহনতী জনতাৰ খং, ক্ষোভ আৰু জীৱনবোৰ মালিকপক্ষৰ ওচৰত অৰ্থহীন---
তাইৰ হাতৰ আঙুলিবোৰ
ঢৌ খেলি ঢৌ খেলি
ঢৌ খেলি খেলি যেন
এখন হাৰমনিয়ামত হাত বুলাইছে
বোবা কণ্ঠ ফাটি ওলাব খুজিছে এখন কজলা নৈ (সোমবৰী]
সাম্প্ৰতিক সময়ৰ লগত ৰজিতা খুৱাকৈ পুৰণি কীৰ্ত্তন-নামঘোষাৰ ছন্দৰ আৰ্হিত কবিতা লিখাৰ প্ৰয়াসো তেখেতৰ কবিতাত দেখা যায়----
একদিনা ৰাজা আসি এসিস্থানে ৰৈলা৷
ঋষি মুনি সঙ্গে লৈয়া যজ্ঞ আৰম্ভিলা৷৷ [মেঘ যাযাবৰ, ৩. মেঘ মালিতা]
-- এনেধৰণৰ সম্পৰীক্ষামূলক প্ৰয়াসে অনুসন্ধানী পাঠকৰ মনত ফুকনৰ কবিতাৰ প্ৰতি ঔৎসুক্য বঢ়াই তোলে৷ কাব্যসংকলনখনৰ কবিতাসমূহৰ নিৰ্মাণশৈলী অতি উচ্ছমানৰ৷ ভাৱৰ ধাৰাবাহিকতা ৰক্ষাৰ ক্ষেত্ৰত কবিৰ দক্ষতা মনকৰিবলগীয়া৷ গ্ৰাম্য-জীৱনত প্ৰচলিত থলুৱা শব্দসমূহৰ ব্যৱহাৰে কবিতাসমূহক পাঠকৰ চিত্তৰ বেছি কাষ চপাই নিবলৈ সক্ষম হৈছে৷
যদুমণি গগৈ
গৱেষক ছাত্ৰ, অসমীয়া বিভাগ
ডিব্ৰুগড় বিশ্ববিদ্যালয়
ফোনঃ ৯৩৬৫৯২৫২৯১

No comments:
Post a Comment