Nirjonninad
Saturday, 26 June 2021
মহাৰথী
Edit Post
Friday, 25 June 2021
Thursday, 24 June 2021
হে মোৰ দেশৰ মানুহ তোমালোক কুশলে থাকা
হে মোৰ দেশৰ মানুহ তোমালোক কুশলে থাকামোৰ দেশৰ ৰক্ষকবোৰ আজি ভক্ষক হ'লমোৰ দেশৰ নাৰীবোৰক আজি উলংগ কৰা হ'লবন্দুকৰ বুলেটে আজি মোৰ দেশৰ তেজাল ডেকাবোৰৰ বুকু ভেদি গ'লতাৰ পিছতো মই কোন সতেৰে কওঁহে মোৰ দেশৰ মানুহ তোমালোক কুশলে থাকাচিনাকী নদীৰ সুঁতি আজি অচিনাকি হ'লমোৰ দেশৰ মাটিত ৰঘুমলাৰূপীৰ দলচৌদিশ কঁপাই গৰজি উঠা আইৰ বুকুৰ ধপধপনিবোৰ তাতেই মাৰ গ'লইমানৰ পিছতো কোন সতেৰে কওঁহে মোৰ দেশৰ মানুহতোমালোক কুশলে থাকাপ্ৰতিদিনে দেখোঁ প্ৰাপ্য বিচাৰিগগন কঁপোৱা জনতাৰ সমদলপ্ৰতিদিনে দেখোঁ জনতাৰ অধিকাৰ কেন্দ্ৰিকচিঞৰ বোৰৰ মূল্য নুবুজামদমত্ত শাসকৰ পাশাখেলইমানৰ পিছতো কিদৰে কওঁহে মোৰ দেশৰ মানুহতোমালোক কুশলে থাকামোৰ দেশৰ চহৰ নগৰত আজি বিদেশী বণিয়াৰ বলমোৰ দেশৰ গাঁৱৰ পথাৰত আজি ছদ্মবেশীৰ দলবজাৰ গ'ল জাতিৰপথাৰ গ'ল জাতিৰইমানৰ পিছতো কেনেকৈনো কওঁহে মোৰ দেশৰ মানুহতোমালোক কুশলে থাকামোৰ দেশৰ কাৰাগাৰবোৰ আজি উদাসীমুকলি আকাশৰ তলত ঘূৰে অপৰাধীমোৰ দেশৰ আইনৰ কথানো কি ক'মক'লে হয়তো বাকস্বাধীনতা খৰ্ব কৰিআপোনাক বা মোক নিৰ্বিঘ্নেসজাব পাৰে ৰাষ্ট্ৰদ্ৰোহীইমানৰ পিছতো কিদৰে কওঁহে মোৰ দেশৰ মানুহতোমালোক কুশলে থাকামোৰ দেশৰ বতাহ-পানী আজি অস্থিৰমোৰ দেশৰ মাটি আজি অস্থিৰউচুপিছে নিজৰেই বীৰ সন্তানৰঅস্থি চৰ্ম বুকুত লৈমোৰ দেশৰ বিলৰ মাছবোৰ আজি নোহোৱা হ'লমোৰ দেশৰ খাদৰ তেলবোৰ আজি নোহোৱা হ'লমোৰ দেশৰ অৰণ্যৰ গছ আৰু জন্তু বোৰ আজি নোহোৱা হ'লহাতো ৰঙা কৰি বুকু ৰঙা কৰিখান্দি নিয়া হ'ল আইৰ তেজৰ ধনইমানৰ পিছতো কোন সতেৰে কওঁহে মোৰ দেশৰ মানুহতোমালোক কুশলে থাকাহে মোৰ দেশৰ মানুহতোমালোক কুশলে থাকাশাসক আৰু শোষকৰ নগ্নচিত্ততবিহ ঢালিব পৰাকৈজনতাৰ ৰুদ্ৰ কণ্ঠৰ অগ্নিশিখা হৈহে মোৰ দেশৰ মানুহতোমালোক কুশলে থাকাশুকান পথাৰ সেউজীয়া কৰিব পৰাকৈমোৰ দেশৰ নাৰীবোৰক সুৰক্ষা দিব পৰাকৈহে মোৰ দেশৰ মানুহজাতি জননীৰ ৰক্ষক হব পৰাকৈতোমালোক কুশলে থাকাতোমালোক কুশলে থাকা
Wednesday, 23 June 2021
কাকো নোকোৱা কিছু কথা
কাকো নোকোৱা কিছু কথা
(আশা কৰোঁ এবাৰ পঢ়ি চাব)
যদুমণি গগৈ
কিছুমান কথা নোকোৱাকৈয়ে থাকি যায়।সঁচাকৈয়ে সদায়ে কৈ থকা কথাবোৰৰ মাজতো বহু কথা নোকোৱাকৈয়ে থাকি যায়।এই নোকোৱা কথাবোৰেই মাজে-সময়ে বৰকৈ আমনি কৰে।অথচ কাকো কব নোৱাৰোঁ, কিজানিবা মোৰ কথাবোৰে আনক বিৰক্ত কৰে।তথাপি মোৰ দৰে যুঁজ কৰি থকা আন দহজনে সাহস পাওক বুলিয়েই কথাবোৰ লিখি পেলালোঁ।সদায়ে কথাবোৰ বুকুত ধৰি ৰখাটোও সহজ নহয় দিয়কচোন।কাৰোবাৰ পুতৌ বা কৰুণা আদায় কৰিবৰ বাবে কথাবোৰ লিখিছোঁ বুলি যাতে কোনেও নাভাবে।
জীৱন আৰু সময়ে বহু কথা শিকাইছে। সৰুৰে পৰাই যথেষ্ট সংঘাতৰ সন্মুখীন হৈছোঁ।বিশেষকৈ শাৰীৰিকভাৱে বহু কঠিন পৰিস্থিতি পাৰ কৰি থৈ আহিছোঁ।এই সময়খিনিৰ কথা ভাবিলে এতিয়া শিহৰিত হওঁ।কেতিয়াবা দুৰ্বলো হওঁ।অৱশ্যে পৰাজয় স্বীকাৰ কৰাৰ কথা তেতিয়াও ভবা নাছিলোঁ আৰু এতিয়াও নাভাবোঁ।
জন্মৰ পিছতেই জণ্ডিচ ৰোগে বিধ্বস্ত কৰি পেলাইছিল মোৰ শৰীৰ।এতিয়া অৱশ্যে এইৰোগৰ সমস্যাটো ডাঙৰ নহয় যদিও মোৰ জন্মৰ সময়খিনিত (১৯৯৫-৯৬) এই ৰোগৰ চিকিৎসা আমাৰ ইয়াত বহু পৰিমাণে সুলভ আছিল বুলি কব নোৱাৰি।মোৰ ক্ষেত্ৰত এইৰোগে যেন নৱজাত শিশু এটাৰ শাৰীৰিক বৃদ্ধি আৰু বিকাশৰ পৰিকাঠামোটোকে ভাঙি পেলাইছিল।তাৰ পিছত ক্ৰমান্বয়ে বাঢ়ি আহিছিল দেহৰ বিভিন্ন অংগৰ দুৰ্বলতা।একে সময়তে স্নায়ুজনিত ৰোগ আৰু বিভিন্ন বেমাৰে মোৰ শৰীৰটোক অনবৰতে আক্ৰমণ কৰি থকা হ'ল।চিকিৎসক আৰু দৰৱ অবিহনে মোৰ এটা দিনো পাৰ হোৱা নাছিল।সেই সময়ত কিমান এটা সংকটজনক পৰিস্থিতিত আছিলোঁ সেইকথা এতিয়াও হয়তো ভালকৈ বুজাব নোৱাৰিম।মা-দেউতাৰ কষ্ট খিনিক সেই সময়ত উপলব্ধি কৰিব পৰা নাছিলোঁ যদিও এতিয়া অনুভৱ কৰোঁ মোৰ বাবে কিমান কষ্ট হৈছিল তেওঁলোকৰ।চিকিৎসক সকলক ধন্যবাদ জনাব পৰাকৈ মোৰ ওচৰত শব্দৰ অভাৱ।পৰিয়াল আৰু আত্মীয় স্বজন তথা শুভাকাংক্ষী সকলতো আছেই...
আন ল'ৰা-ছোৱালীৰ দৰে মোৰ শৈশৱ কাল ধূলি বালিৰ মাজেৰে অতিবাহিত হোৱা নাছিল।সৰুতেই ৰোগে ভাৰাক্ৰান্ত কৰি পেলোৱা ল'ৰাটোৰ শৈশৱ কাল অতিবাহিত হৈছিল ঘৰৰ চাৰিবেৰৰ মাজত।প্ৰতিদিনে সি বগৰী নাইবা ৰবাবটেঙাৰ সোৱাদ লব পৰা নাছিল।তাৰ সন্মুখত আছিল চিকিৎসকে বান্ধি দিয়া দৰৱৰ এখন দীঘল তালিকাৰ লগতে অসংখ্য বেজীৰ খোঁচ।ইয়ো আছিল এক সহ্যাতীত যন্ত্ৰণা।শৰীৰৰ বহু অংগৰ দুৰ্বলতাই ধৰাশায়ী কৰি পেলোৱা মইটো প্ৰায় চতুৰ্থ/পঞ্চম শ্ৰেণীলৈকে আন ল'ৰা-ছোৱালীৰ তুলনাত খোজকঢ়াত বহুত অক্ষম আছিলোঁ।ক্ৰমান্বয়ে এই দুৰ্বলতা বাঢ়ি আহিছিল।সমান্তৰালভাৱে ভয়ো লাগিছিল।জীৱনটো ৰৈ যোৱাৰ ভয়।হয়তো সেই সময়ত ঈশ্বৰে মই নভবাকৈয়ে মোক যুঁজ দিবৰ বাবে শক্তি আৰু সাহস দিছিল।মই যে খোজকাঢ়িব নোৱাৰিম এই কথা মই কেতিয়াও মনলৈ আহিবলৈ দিয়া নাছিলোঁ।হয়তো সেইবুলি ভবা হ'লে হয়তো হুইলচেয়াৰেই মোৰ জীৱনযোৰা সংগী হ'লহেঁতেন।মা-দেউতাৰ কষ্ট আৰু চিকিৎসকৰ চেষ্টাই মোক সেইবুলি ভবাৰ পৰা বিৰত ৰাখিছিল।মই মনৰ দৃঢ়তা হেৰুওৱা নাছিলোঁ।ভাবিছিলোঁ মই আন সাধাৰণ দহজনৰ দৰেই খোজকাঢ়িব পাৰিব লাগিব।সেইবাবে হয়তো আজি সেই সমস্যাৰ পৰা মই মুক্ত।অৱশ্যে তাৰ কিছু প্ৰভাৱ শৰীৰত থাকি গ'ল যদিও তাৰ বাবে মোৰ কোনো আক্ষেপ নাই।বৰঞ্চ মই সুখী।জীৱনে মোক ইমানখিনি দিছে, মই সহজে ভাগৰি পৰাৰ প্ৰশ্নই নুঠে।
ইয়াৰ পিছতো মোৰ জীৱনত বহু সংকটপূৰ্ণ সময় পাৰ হৈ গৈছে।যিখিনি সময়ত শৰীৰটোৱে দৰৱ বেজী চেলাইনৰ অত্যাচাৰ নিতৌ সহিছে।মূত্ৰাশয়ৰ জটিল ৰোগত আক্ৰান্ত হৈ বহু দীঘলীয়া সময়ৰ চিকিৎসাৰ অন্তত কিছু সুস্থ হৈ উঠিছিলোঁ।অৱশ্যে আজিও এইৰোগৰ পৰা মই সম্পূৰ্ণৰূপে সুস্থ নহয়।এই জটিল সময়খিনিত সহায় আছিল শুভাকাংক্ষীৰ সাহস।মা-দেউতাৰ অপৰিসীম ত্যাগ, কষ্ট আৰু ভগৱান স্বৰূপ চিকিৎসকৰ চেষ্টা।এই সকলোৰে ওচৰত মই চিৰদিন ঋণী।
দিনে বাৰটাকৈ চেলাইন আৰু একাধিক টেবলেট খাই, বেজীৰ খোঁচলৈ হস্পিটালৰ বিছনাত সময় কটোৱা ল'ৰাটোৱে আজি এই অৱস্থা পামহি বুলি ভাবিব পৰা নাছিলোঁ।কিন্তু আশাও এৰা নাছিলোঁ।মনত হয়তো তেতিয়াৰ পৰাই যুজাৰু ভাব এটাই পোখা মেলিছিল।মা-দেউতাৰ কষ্ট আৰু চিকিৎসকৰ সুচিকিৎসা অবিহনে হয়তো মই আজি এই পৰ্যায়ত উপনীত হব নোৱাৰিলোঁহেতেন।সকলোৰে ওচৰত মই চিৰ কৃতজ্ঞ।তেওঁলোকৰ বাবেই মোৰ জীৱনে প্ৰাণ পালে।
ইয়াৰ উপৰিও আৰু আৰু বহু কথা আছে।সেয়াও এক বেলেগ অধ্যায়।পিছত কেতিয়াবা লিখিম।
এতিয়া মোক অতীতৰ এই কথাখিনিয়ে বৰকৈ আমনি কৰে।কেতিয়াবা ভাবিব নোৱাৰাধৰণে দুৰ্বল কৰি তোলে, আশাহীন কৰি তোলে।তথাপি মই ভাগৰিব নোখোজোঁ।যুঁজ কৰি আছোঁ আৰু কৰি যাম।হাৰ আগতেও মনা নাই এতিয়াও নেমানোঁ।জীৱনে মোক সঁচাকৈয়ে ইমানখিনি মৰম অভিজ্ঞতা দিছে।মই ৰৈ যাব নিবিচাৰোঁ।চিঞৰি চিঞৰি ক'ব বিচাৰোঁ-- জীৱন জিন্দাবাদ।
Tuesday, 22 June 2021
সোঁৱৰণীৰ এটা পৃষ্ঠা
সোঁৱৰণীৰ এটা পৃষ্ঠা
বিশ্ববিদ্যালয়ত এম.এ পঢ়ি থকা দিনৰে কিছু জীপাল সময়.....
কবিতা আৰু গীতৰ এটা পাহৰিব নোৱাৰা আবেলি....
যদুমণি গগৈ
Boidya দা সেই আবেলিটো যে...
২০১৭ চনৰ খুব সম্ভৱ মে' মাহৰ এটা দিন।গোটেই দিনটো কিবা এক মানসিক অৱসাদে আৱৰি আছিল।সেয়ে বন্ধু ৰাজেন আৰু মই আবেলি বৈদ্যদাৰ (বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই) ৰূমলৈ বুলি ওলাই গ'লো।আমাৰ তালৈ ঢাপলি মেলাৰ মূল উদ্দেশ্যে আছিল কবিতা শুনি অৱসাদ গুচোৱা। কিন্তু এই কথাটো বৈদ্যদাক জনোৱা নাছিলোঁ।আনকি আমি তেওঁৰ ওচৰলৈ গৈ আছোঁ বুলি ফোন কৰিয়ো জনোৱা নাছিলোঁ। কিন্তু আমাৰেই হয়তো সৌভাগ্য আছিল যে এটা ধুনীয়া আবেলিয়ে আমালৈ অপেক্ষা কৰি আছিল। গৈ পায়েই যাদৱ দা (যাদৱ মহন্ত), ৰণদ্বীপ দা(ৰণদ্বীপ বড়া), দ্বীপেন দা(দ্বীপেন বৰুৱা) আৰু দুগৰাকী বা ( নাম পাহৰিছোঁ।কিন্তু মোৰ যিমানদূৰ মনত পৰে বা দুগৰাকীৰ নাম বোধহয় ভায়'লেট আৰু অনন্যা আছিল)ক লগ পালোঁ। সকলোৰে লগত চা-চিনাকি হ'লো।ৰণদ্বীপ দা আৰু যাদৱ দাক আগৰ পৰাই চিনি পাওঁ। এনেকৈ আকস্মিকভাৱে লগ খোৱাৰ পিছত বৈদ্যদাই কবিতা আৰু গীতৰ আড্ডা দিয়াৰ কথা ক'লে। আমি মনে মনে ভালেই পালোঁ। যি বিচাৰি আহিছিলোঁ নভবাকৈয়ে সেয়া পাম। দুয়োটাৰে মনটো ভাল লাগি গ'ল। যথা সময়ত আড্ডা আৰম্ভ হ'ল। আমি আটাইকেইটা ডাঙৰ কোঠাটোৰ মজিয়াত ঘূৰণীয়াকৈ বহি পৰিলোঁ। হাৰ্মনিয়াম আৰু গীটাৰখন লৈ যাদৱ দা আৰু ৰণদ্বীপ দাও সাজু হৈ উঠিল। বৈদ্য দাই নিজৰ কবিতা পাঠ কৰিলে।মাজে মাজে ৰসাল কথা-বতৰা চলিল।আমিয়ো তাত অংশ ললোঁ। ভায়'লেট বাই সুন্দৰ কবিতা আবৃত্তি কৰি (বোধহয় সাগৰ দেখিছা ?) আড্ডাটো জীপাল কৰি তুলিছিল। আন গৰাকী বায়েও সুন্দৰ কবিতা পাঠ কৰিছিল।দ্বীপেন দায়ো সৰস কথা-বতৰাৰে সময়খিনি জীপাল কৰি তুলিছিল। ৰণদ্বীপ দা আৰু যাদৱ দাই সুৰৰ মূৰ্চ্ছনা তুলি আড্ডাটো আৰু বেছি জীপাল কৰি তুলিছিল। ৰণদ্বীপ দাই খুব সুন্দৰ গীত পৰিবেশন কৰিছিল(কোনটো গীত গাইছিল পাহৰিছোঁ)। কিন্তু যাদৱ দাই গোৱা 'মা তোৰ হাতে হাত ধৰি...' এই গীতটো শুনি ৰাজেন আৰু মই পগলা হৈ গৈছিলোঁ। কি সুৰ, কি মায়া! এই গীতটোক আজিয়ো দুয়োটাই বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰোঁ আৰু চিৰদিন কঢ়িয়াই লৈ ফুৰিম।মাজতে আমি দুটায়ো কবিতাৰ আকাৰৰ কিবা দুটা পাঠ কৰিলোঁ। ইতিমধ্যে অধ্যাপক প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰ আৰু গল্পকাৰ-গৱেষক সিদ্ধাৰ্থ গোস্বামী দাদাও আহি পাইছিলহি। সিদ্ধাৰ্থ গোস্বামী দাদাৰ সৈতে সেইদিনাই প্ৰথম কথা-বতৰা পাতিছিলো।তাৰ পিছত দাদাৰ সৈতে বহুবাৰ কথা পাতিছো । প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ নেতৃত্বত বহুত ভাল কাম হৈ আছে।এই লেখাটোত সেই বিষয়ে নিলিখো।বেলেগকৈ লিখিম। মাত্ৰ ছাৰৰ নেতৃত্বত হোৱা এটা ভাল কামেৰে এই লেখাটোৰ সামৰণি মাৰিম।ইতিমধ্যে আমাৰ আড্ডাটো শেষ হৈছিল। আড্ডা শেষ হোৱাৰ পিছত বৈদ্য দাই দুয়োটাকে এটা কোঠালৈ লৈ গৈছিল।কোঠাটো এগালমান কিতাপেৰে ভৰ্তি হৈ আছিল।সেয়া আছিল প্ৰাঞ্জল ছাৰৰ নেতৃত্বত গঠন হোৱা বুক বেংকৰ বাবে বিভিন্নজনে দান কৰা কিতাপ।কিতাপখিনি পিছদিনা চাহ বাগিচাৰ দৰিদ্ৰ ল'ৰা-ছোৱালীখিনিৰ মাজত বিতৰণ কৰাৰ কথা।সেয়ে দাদাই দুয়োটাকে কিতাপখিনি বিষয়, শ্ৰেণী অনুসৰি ভাগ কৰি চিজিল কৰি দিবলৈ ক'লে।ইতিমধ্যে প্ৰাঞ্জল ছাৰে সেই কাম কৰিয়েই আছিল।আমিয়ো আগ্ৰহেৰে ছাৰক সহায় কৰি দিবলৈ ললোঁ।ছাৰেও মিচিকিয়া হাঁহিৰে সৈতে আমাক সহযোগ কৰি থাকিল।এনেকৈয়ে কেতিয়ানো কিতাপখিনি চিজিল কৰা হৈ গ'ল গমেই নেপালো।এনে এটা মহান কামত সামান্য সহায় আগবঢ়াবলৈ পাই দুয়োটাই এক পৰম সুখ লাভ কৰিছিলোঁ।এনে লাগিছিল আৰু অলপ সময় কৰিবলৈ পোৱা হ'লে...।তাৰ পৰা বিদায় ললোঁ।বুকুৰ বৰপেৰাত ভৰাই ললোঁ এখিনি নজহা-নপমা সময়। যি আমাৰ গোটেই জীৱনজুৰি বৈ থাকিব মাথোঁ বৈ থাকিব সোঁৱৰাই অতীতৰ গান।গোটেই বাটটো দুয়োটাই এই কথাবোৰকে ভাবি ভাবি আপোনভোলা হৈ আহি থাকিলোঁ। ইতিমধ্যে সন্ধিয়া নামিছিল। আকাশত জোনটোৱেও ভুমুকি মাৰিছিল।ডি.ইউ কেম্পাছৰ লাইটবোৰ জ্বলি উঠিছিল এটা দুটাকৈ...।(ক্ৰমশ...)
ছবিৰ খেতিয়কৰ ছবি, জীৱন আৰু কিছু উপপাদ্য
()
যদুমণি গগৈ
(১)
বাৰিষাৰ ৰাতি ছবিৰ খেতিয়ক জনক
খুপি খুপি গৈ থকা কোনোবাই দেখিছিল
পুৱালৈ ছবিৰ খেতিয়ক জন
বাতৰিৰ শিৰোনাম হৈছিল
বাহিৰত হৈ চৈ লাগিল
পেপাৰ-টিভিত ছবিৰ খেতিয়ককলৈ
টনা-আজোঁৰা চলিল
এয়া খেতিৰ ছবি
লাহে লাহে ছবিৰ খেতিয়কৰ প্ৰসংগ তল পৰিল
তেওঁ হেৰাই গৈছিল
তাহানিতে ছবিৰ খেতিয়কে কোৱা
এষাৰ কথা সকলোৰে
কাণত সঘনে বাজিছিল
"মই আঁকিব পৰা নাই
এখনি ছবি জীৱনৰ
মই আঁকিব পৰা নাই
এখনি ছবি বাৰিষাৰ ৰাতি আৰু উত্তাল নদীৰ"
(২)
মানুহৰ পৰা আঁতৰি
"মানুহ" হ'বৰ বাবেই
তোষামোদ পাহৰি
তেওঁৰ এই নীৰৱ যাত্ৰা
চকুত বিহঙ্গম দৃষ্টি
পৰাণ জুৰি বৈ আছে সেই একেই নদী
বালিচৰত দুটি পক্ষী
জালিকটা ৰ'দৰ মোহনা ক'ত
আৰু ফুটছাইবৰণীয়া পৃথিৱী
নীলকণ্ঠ হোৱাৰ কামনা বিধৌত
নদীময় ওঁঠত বিস্মৃত ব্যতিক্ৰম হাঁহি
(৩)
জ্যামিতিয়, বীজগণিতীয় অথবা পাইথাগোৰাছৰ
সূত্ৰৰ দৰেই ।কথাবোৰ পাকলগা।অথচ সমাধানহীন নহয়।
সেইবাবেই আইক সোঁধো,
"আই জীৱন কেনেকৈ গঢ়ে?
(৪)
পাটীগণিতৰ উপপাদ্য বোৰ পঢ়ি থাকোঁতেই
বেলি ডুবিল
সেউজী ছন্দত গঢ়ি উঠা জীৱনৰ সাঁজ লাগিল
চিত্ৰকৰ চিত্ৰকৰ
নদীৰ মোহনা ক'ত?
জীৱনৰ গহনা ক'ত?
(৫)
পানী শুকায়
ৰং শুকায়
প্ৰাণহীন জড় ভাৱনাত
মূক ছবিৰ খেতিয়ক
তুলিকা সামৰি
আচম্বিতে আওৰাই উঠে
শ্যেলী, কীটচ, বাইৰণ অথবা ৰবীন্দ্ৰনাথৰ কবিতা-
"মৰিতে চাহি না আমি সুন্দৰ
ভুবনে
মানৱেৰ মাঝে আমি
বাঁচিবাৰ চায়....।"
(৬)
তেওঁৰ সজল দুচকুৰে
বাৰিষা নামে
কঁপা কঁপা হাতেৰে উকা
কেনভাছত লিখি উঠে
"জীৱনৰ অনুবাদ সহজ নহয়
জীৱনৰ অনুবাদ সহজ নহয়"
জীৱনৰ ছবি
খেতিয়কৰ ছবি
ছবিৰ খেতিয়কৰ ছবি
বৃত্ত
উকা কাগজ এখিলাত বৃত্ত এটা অংকন কৰাটো মোৰ বাবে বৰ কষ্টকৰ।বৃত্ত জ্ঞান।মোৰ সীমিত ধাৰণা।এটা ঘূৰণীয়া বাউণ্ডেৰী।আৰু ভিতৰৰ ভাগ খালী।
আজি-কালি বেছিভাগ মানুহেই এটা বৃত্তত আৱদ্ধ হৈ থাকে।আৰু আকাশৰ কথা কয়।ই মোৰ বাবে ভীষণ দ্বন্দ্বাত্মক।বৃত্ত সম্পৰ্কীয় মোৰ ধাৰণা ভুল নে এয়া মোৰ দৃষ্টি ভ্ৰম??সম্ভৱতঃ দুয়োটাই হ'ব পাৰে...
ক্ৰমশঃ
বৃত্তৰ ভিতৰৰ খালী ঠাইবোৰত খালী মানুহবোৰে কিৰিলিয়াই উঠে।প্ৰতিটো কিৰিলিত ওলাই অহা একোপাট কাঁড়ৰ আগত সত্য আচাৰ খাই পৰে।প্ৰতিটো আচাৰত একোটা ভীষণ শূন্যতা।আকৌ সেই একেই দ্বন্দ্ব।বৃত্ত সম্পৰ্কীয় মোৰ সেই ধাৰণাৰ আছেনেকি সত্যতা? নে এয়া মোৰ অস্থিৰতা...
আজি-কালি সকলোৱে বৃত্ত আঁকিব পাৰে।ৰাজনৈতিক কিম্বা অৰাজনৈতিক।খালী ঠাইবোৰ পাশাৰ ঢাল হৈ পৰে।খালী মানুহবোৰে পাশাৰ গুটি নচুৱাই ফুৰে।খালী ঠাইবোৰ ভয়ানক হৈ উঠে।তাতোকৈ বেছি ভয়ানক হৈ উঠে খালী মানুহবোৰ।খালী মানুহবোৰৰ বাহিৰে বাহিৰত সকলো খালী হৈ পৰে।শূন্য।.….
বৃত্তত আৱদ্ধ হৈ আকাশ চোৱাৰ কথা কোৱা মানুহবোৰে নাজানে যে আকাশৰ শূন্যতা কেৱল শূন্যতা নহয়।তেওঁলোকে নাজানে ইয়াক উপলব্ধি কৰিব নোৱৰাটো তেওঁলোকৰ শূন্যতা।
বগা উকা কাগজবোৰতো সেই একেই কথাই লিখা থাকে---
"মোক উপলব্ধি কৰিব নোৱৰাটো তোমালোকৰ শূন্যতা"
শেষ বুলি হয়তো একো নাথাকে
খালী মানুহবোৰৰ বাবে খালী চোতাল এখনো নাথাকে
এই কথা নুবুজাৰ ভাও ধৰি আমি আৰু কিমানদিন আঁকি যাম উকা কাগজৰ বুকুত এটাৰ পিছত এটা বিৰাট শূন্যতা।
বিন্দু-ব্যাপ্তি-বিস্তৃতি
যদুমণি গগৈ বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত সাৰস্বত সাৰস্বত কাণে কাণে কৈ যায় ব্যাপ্তি বিন্দুৰ অন্তিম প...
-
যদুমণি গগৈ বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত সাৰস্বত সাৰস্বত কাণে কাণে কৈ যায় ব্যাপ্তি বিন্দুৰ অন্তিম প...
-
হিৰাইথ [HIRAETH] প্ৰান্তীয় আৰু দৰিদ্ৰ শ্ৰেণীৰ দুৰ্দশাৰ মৰ্মস্পৰ্শী চিত্ৰণ যদুমণি গগৈ ...




