Nirjonninad

Tuesday, 25 February 2025

হিৰাইথ (HIRAETH)

 হিৰাইথ [HIRAETH] প্ৰান্তীয় আৰু দৰিদ্ৰ শ্ৰেণীৰ  দুৰ্দশাৰ মৰ্মস্পৰ্শী চিত্ৰণ

যদুমণি গগৈ




                                                                                                                                

                                                                                                                                

লচ্চিত্ৰই সমাজ-বাস্তৱতাক দৃশ্য-শ্ৰব্য মাধ্যমত তুলি ধৰে৷ সমাজৰ বিভিন্ন  শ্ৰেণীৰ লোকৰ সমস্যা, চিন্তা-চেতনা. মনস্তত্ত্ব, সামাজিক অৱস্থান, উন্নয়নৰ গতিধাৰা আদি বিভিন্ন বিষয়বস্তুক কেন্দ্ৰ কৰি চলচ্চিত্ৰৰ কাহিনী  প্ৰস্তুত কৰা হয়৷ হিৰাইথ তেনে এক বিষয়বস্তুৰে নিৰ্মিত এখন অসমীয়া চলচ্চিত্ৰ৷ চলচ্চিত্ৰখনৰ পৰিচালক চাও পাৰ্থ বৰগোহাঁই৷ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অসীম শৰ্মা, অতনু মহন্ত আৰু মেঘালী কলিতাই৷ অন্যান্য বিভিন্ন পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে প্ৰদীপ্ত প্ৰাণ ভট্টাচাৰ্য, বিশ্বকিংকৰ বৰুৱা, অৰ্চনা বেজবৰুৱা, দীপাংকৰ শৰ্মা, হেমন্ত ৰাজকোঁৱৰ, ৰিমঝিম ডেকা, ভৈৰৱ ফুকন আদিয়ে৷ চলচ্চিত্ৰখনৰ কাহিনী. চিত্ৰনাট্য আৰু চিনেমেট’গ্ৰাফী পৰিচালক পাৰ্থ বৰগোঁহাইৰ৷ সংগীত পৰিচালনা এ.টি. ৰামৰ৷ 

‘হিৰাইথ’ চলিচ্চত্ৰখনৰ কাহিনী আৰম্ভ হৈছে গাঁৱৰ পটভূমিৰ পৰা ৷ শস্যে-মৎস্যে ভৰপূৰ এখন গাঁৱৰ এহাল স্বামী-স্ত্ৰী কম ওৰফে দিগন্ত দাস [অতনু মহন্ত] আৰু পৰী [মেঘালী কলিতা]৷ খেতি-বাতি কৰি তেওঁলোকে গাঁৱত সুখেৰেই জীৱন-যাপন কৰি আছিল হঠাৎ তেওঁলোকৰ জীৱনলৈ ধুমুহা নামি আহিল৷ বৰষুণৰ ফলত বান্ধ ভাঙি সোমাই অহা নদীৰ বাঢ়নী পানীয়ে তেওঁলোকৰ সকলো শেষ কৰিলে৷ কামৰ সন্ধানত তেওঁলোকে গাঁও এৰি চহৰমুখী হ’বলগীয়া হ’ল৷ চহৰলৈ আহি তেওঁলোকে কেনেধৰণৰ এক নিদাৰুণ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে তাকেই চলচ্চিত্ৰখনত উপস্থাপন কৰা হৈছে৷ 

চলচ্চিত্ৰখনৰ কাহিনী বহু নতুনত্বৰে ভৰপূৰ বুলি ক’ব নোৱাৰি৷ কিন্তু কাহিনীৰ উপস্থাপনৰ ক্ষেত্ৰত পৰিচালক যে অতি সংবেদনশীল তাৰ প্ৰমাণ চলচ্চিত্ৰখনত পোৱা যায়৷ উদাহৰণস্বৰূপে আধাৰ কাৰ্ড বনাবলৈ দোকানীজনে দিগন্তৰ পৰা পইচা খোজাত দিগন্তৰ অসহায় মুখখনলৈ চায় পত্নী পৰীয়ে কাণফুলি যোৰকে দোকানীজনৰ ওচৰত বন্ধকত দিয়াৰ দৃশ্যটোৰ কথা উল্লেখ কৰিব পাৰি৷ অপ্ৰয়োজনীয়ভাৱে সংলাপ ব্যৱহাৰ নকৰাটো চলচ্চিত্ৰখনৰ এটা যোগাত্মক দিশ৷ উদাহৰণস্বৰূপে- শ্ৰীমতী চলিহা আৰু পৰীৰ মাজত হোৱা কথা-বাৰ্তাখিনিৰ কথাই উল্লেখ কৰিব পাৰি৷ ঘৰৰ মালিকনী শ্ৰীমতী চলিহাই কৰা ৰুক্ষ ব্যহাৰৰ পৰীয়ে কোনো প্ৰতিবাদ নকৰে৷ পৰী সদায় মৌন হৈ থাকে৷ এই মৌনতা প্ৰান্তীয় আৰু দুখীয়া শ্ৰেণীৰ দুৰ্বলতা নহয়৷ সেয়ে এদিন তাইৰ ওপৰত তোলা মিছা অভিযোগ আৰু অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ তাই মালিকনী শ্ৰীমতী চলিহাক শাৰীৰিকভাৱে আঘাত কৰিছে৷ এয়া আচলতে প্ৰান্তীয় আৰু দৰিদ্ৰ শ্ৰেণীৰ দুখ আৰু ক্ষোভৰ বৰ্হিপ্ৰকাশ৷ 

চলচ্চিত্ৰখনৰ কাহিনীৰ উপস্থাপনৰ ক্ষেত্ৰত পৰিচালক সংবদেনশীল হোৱাৰ সমপৰিমাণে কাহিনীৰ গতিশীলতাৰ ক্ষেত্ৰত কিছু বিসংগতি পৰিলক্ষিত নোহোৱা নহয়৷ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দিগন্তক বচাব পৰা নগ’ল বুলি পত্নী পৰীক চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে৷ তেখেতেলোকে পৰীক এইকথাও জনায় যে আপোনালোকে দিগন্তৰ মৃতদেহ ঘৰলৈ নিব নোৱাৰিলেও ওচৰৰে এখন নাৰ্ছিংহোমত দান কৰিব পাৰে৷ তাত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বাবে মৃতদেহৰ প্ৰয়োজন হৈ থাকে৷ সেই নাৰ্ছিংহোমখনৰ মালিক হ’ল ভদ্ৰতাৰ মুখা পিন্ধা চিকিৎসক ডাঃ চলিহা৷ দৰাচলতে সেই নাৰ্ছিংহোমখনত মানৱ অংগৰ বেহা-বেপাৰ চলে৷ ডাঃ চলিহা এজন মানৱ অংগৰ বেপাৰী৷ চলচ্চিত্ৰখনৰ শেষত দেখা যায় যে দুৰ্ঘটনাত মৃত্যু হোৱা বুলি কোৱা দিগন্ত ডাঃ চলিহাৰ সেই নাৰ্ছিংহোমখনত চিকিৎসাধীন হৈ আছে৷ ততেই দিগন্তৰ হৃদযন্ত্ৰৰ অপাৰেশ্যন কৰিবলৈ লোৱা হৈছে৷ দিগন্তৰ সহায়িকা হিচাপে ৰখা নাৰ্ছ গৰাকীক  ডাঃ চলিহাই কৈছে--- “ মানুহে সুধিলে ক’বা, চেষ্টা কৰিছি্‌লোঁ৷ কিন্তু বচাব পৰা নগ’ল”৷ এইখিনিতে দৰ্শকৰ মনত প্ৰশ্ন হয়যে দিগন্তৰ পত্নী পৰীক কেনেদৰে প্ৰৱঞ্চনা কৰা হ’ল? পৰীয়ে দিগন্তৰ শৰীৰটো চিকিৎসালয়খনৰ পৰা নাৰ্ছিংহোমখনলৈ দিয়া বা নিদিয়াৰ ক্ষেত্ৰত কি সিদ্ধান্ত লৈছিল? যদি দিয়াৰ সিদ্ধান্ত লৈছিল তেনেহ’লে পৰীয়ে দিগন্ত জীয়াই থকাৰ কথাটো গম পাইছিল নেকি? নে দিগন্তৰ সলনি দুৰ্ঘটনাত মৃত্যু হোৱা আন কাৰোবাৰ মৃতদেহ দেখুৱাই পৰীক প্ৰৱঞ্চনা কৰা হৈছিল? এই কথাখিনিৰ কোনো ক্লু  চলচ্চিত্ৰখনৰ কাহিনীটোত পোৱা নাযায়৷ যি দৰ্শকক কাহিনীৰ ৰসাস্বাদন কৰাত ব্যাঘাত জন্মাইছে বুলি অনুভৱ হয়৷ দুই এটা ক্লু দিয়া হ’লে কাহিনীৰ উপস্থাপন আৰু গতিশীলতা¸ অধিক শক্তিশালী হ’লহেঁতেন৷  

দিলীপ চৰিত্ৰটোৰ মাজেৰে মানুহৰ হলা গছ দেখিলে বাগি কুঠাৰ মাৰিবলৈ বিচৰা সুবিধাবাদী আৰু ভণ্ড স্বৰূপটোক উদঙাই দেখুৱাইছে৷ বাহিৰত অত্যন্ত ভদ্ৰ দিলীপে দুৰ্ঘটনাগ্ৰস্ত দিগন্তৰ অসহায় পত্নীৰ সৈতে নিজৰ যৌনকামনা চৰিতাৰ্থ কৰিব বিচাৰে৷ দিলীপে গোপনে ভণ্ড চিকিৎসক চলিহাৰ এজেন্ট হৈ কাম কৰে৷ কাহিনীৰ গতিবিধি ভালকৈ লক্ষ্য কৰিলে দিগন্তৰ বাবে জাল ডকুমেন্ট তৈয়াৰ কৰা, দিগন্ত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা চলিহাৰ নাৰ্ছিংহোম পোৱালৈকে এই সকলোবোৰতে দিলীপৰ হাত থকা বুলি অনুমান কৰিব পাৰি৷

ধনী শ্ৰেণীটােৱে দুখীয়াৰ ওপৰত নিৰ্যাতন চলাই অহাটো নতুন কথা নহয়৷ হিৰাইথ চলচ্চিত্ৰখনত পৰীৰ আক্ৰমণত আঘাত পায় চিকিৎসাধীন হোৱা শ্ৰীমতী চলিহাক  স্বামী ডাঃ চলিহাই দেহত বিহ প্ৰয়োগ কৰি হত্যা কৰে৷ কাৰণ শ্ৰীমতী চলিহাই স্বামীৰ অনৈতিক কাৰবাৰবোৰৰ কথা গম পাইছিল আৰু তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কথা কৈছিল৷ পিছত ডাঃ চলিহাই পৰীৰ ওপৰত পত্নীক হত্যা কৰাৰ অভিযোগ জাপি দিয়ে আৰু আৰক্ষীৰ হতুৱাই পৰীক গ্ৰেপ্তাৰ কৰায়৷ প্ৰান্তীয় আৰু দুখীয়া শ্ৰেণীটোক ঢাল হিচাপে ব্যৱহাৰ কৰি অসৎ আৰু ধনী শ্ৰেণীটোৱে নিজৰ সা-সুবিধা আদায় কৰে৷ গাঁৱৰ পৰা চহৰলৈ আহি নতুন দিনৰ সপোন দেখা দিগন্ত আৰু পৰীৰ ক্ষেত্ৰটো সেয়াই হ’ল৷ ডাঃ চলিহা, দিলীপ, ভাৰাঘৰৰ মালিক আদি চৰিত্ৰ এই ধনী আৰু অসৎ শ্ৰেণীটোৰ প্ৰতিনিধিস্বৰূপ৷

চলচ্চিত্ৰখনৰ আৱহ সংগীত মৰ্মস্পৰ্শী৷ দৃশ্যগ্ৰহণৰ স্থান নিৰ্বাচন আৰু দৃশ্যগ্ৰহণ মনোগ্ৰাহী৷ মনকৰিবলগীয়া কথা এয়ে যে চলচ্চিত্ৰখনৰ কোনো কোনো দৃশ্যত বেকগ্ৰাউণ্ডত ভাঁহি অহা কিছুমান শব্দই দৃশ্যটোৱে প্ৰকাশ কৰিব খোজা কথাটোক দৰ্শকৰ মাজত যথোপযুক্ত ৰূপত তুলি ধৰাত সহায় কৰিছে৷ ‘হিৰাইথ’ত অভিনয় কৰা প্ৰতিগৰাকী অভিনয়শিল্পীৰ অভিনয় বাস্তৱিক৷


সদৌশেষত ক’ব পাৰি যে দুখীয়াৰ ওপৰত ধনী শ্ৰেণীটোৱে চলোৱা শাৰীৰিক-মানসিক শোষণ-নিৰ্যাতন,সামাজিক-অৰ্থনৈতিক বৈষম্য, নাৰ্ছিংহোম খুলি তাৰ আঁৰত চলোৱা মানৱদেহৰ গোপন ব্যৱসায় আদিৰ দৰে গুৰুত্বপূৰ্ণ আৰু অতিপ্ৰাসংগিক বিষয়বস্তুক উপস্থাপন কৰা ‘হিৰাইথ’ নিঃসন্দেহে এখন ভাল অসমীয়া চলচ্চিত্ৰ।

বিন্দু-ব্যাপ্তি-বিস্তৃতি

                                   যদুমণি গগৈ বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত  সাৰস্বত সাৰস্বত কাণে কাণে কৈ যায় ব্যাপ্তি বিন্দুৰ অন্তিম প...