Nirjonninad

Friday, 24 February 2023

কৃষ হেন শব্দ ইটো

 কৃষ হেন শব্দ ইটো

('সাপ্তাহিক নতুন সংবাদ' কাকতত প্ৰকাশিত)

              

যদুমণি গগৈ


মন-মাটি-মেঘ একাকাৰ হ’লে 

হৃদয়খন চহাব পাৰি

যাৰ হৃদয়ত মাটিয়েই নাই

সি কি বুজিব চহাৰ দুখ


চহাৰ দুখৰ কথা কোৱা মানুহবোৰ 

আচলতে মাটিত নাথাকে

মাটিৰ পৰা তিনিহাত ওপৰত থাকে

পাব পাব আলি দি কঠিন হোৱা ভৰিৰ তলুৱাবোৰত

সন্ধিয়া পোৰামাটিৰ চাকিৰ পোহৰত

চকুলোবোৰ তেজ হৈ সৰে 


দেহ চাই ধৰিব পাৰি তেজৰ আকাল

মুখ চাই বুজিব পাৰি ক্ষুধাৰ পোৰণি কিমান


পানীযুঁৱলিত পৰা এঙাৰহেন ছাঁটো দেখি 

সৰ্বশৰীৰ উচপ খাই নুঠাটো স্বাভাৱিক কথা 

ভৰ-দুপৰীয়াৰ হুটাশনীয়া মাতটোত

প্ৰভাতী মুখৰ ৰ’দ ছাটি এঙাৰ হৈ বৰষে 


এঙাৰ পোহৰ

ইমানৰ পিছতো কেনেকৈ ক’ম এঙাৰ মোৰ পৰ


কৃষ হেন শব্দ ইটো


আমি দেখিছোঁ শাণিত শব্দবোৰে এঙাৰৰ ৰূপ লোৱা

আমি দেখিছোঁ তাপিত তেজবোৰ গলি এঙাৰ হোৱা

তেজৰঙা পকা অঙঠাৰ উত্তাপ

হাতবোৰ আমাৰ এঙাৰৰ দৰে ক’লা

ৰঙা উত্তাপবোৰ সমাধিস্থ কৰিব পৰাকৈ

আমাৰ কলিজাবোৰো এঙাৰৰ দৰেই ক’লা৷

সাপ্তাহিক নতুন সংবাদ ত কবিতাটো পঢ়িবলৈ তলৰ লিংকত ক্লিক কৰক--


Asomiya Notun Sangbad




ঋণ স্বীকাৰঃ কবিতাটোত ব্যৱহৃত কৃষ হেন শব্দ ইটো  বাক্যশাৰী মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত নামঘোষা ৰ পৰা উদ্ধৃত কৰা হৈছে৷

বিন্দু-ব্যাপ্তি-বিস্তৃতি

                                   যদুমণি গগৈ বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত  সাৰস্বত সাৰস্বত কাণে কাণে কৈ যায় ব্যাপ্তি বিন্দুৰ অন্তিম প...