Nirjonninad

Tuesday, 22 June 2021

                   বৃত্ত

                                           
                                                             যদুমণি গগৈ
      

উকা কাগজ এখিলাত বৃত্ত এটা অংকন কৰাটো মোৰ বাবে বৰ কষ্টকৰ।বৃত্ত জ্ঞান।মোৰ সীমিত ধাৰণা।এটা ঘূৰণীয়া বাউণ্ডেৰী।আৰু ভিতৰৰ ভাগ খালী।


আজি-কালি বেছিভাগ মানুহেই এটা বৃত্তত আৱদ্ধ হৈ থাকে।আৰু আকাশৰ কথা কয়।ই মোৰ বাবে ভীষণ দ্বন্দ্বাত্মক।বৃত্ত সম্পৰ্কীয় মোৰ ধাৰণা ভুল নে এয়া মোৰ দৃষ্টি ভ্ৰম??সম্ভৱতঃ দুয়োটাই হ'ব পাৰে...


ক্ৰমশঃ

বৃত্তৰ ভিতৰৰ খালী ঠাইবোৰত খালী মানুহবোৰে কিৰিলিয়াই উঠে।প্ৰতিটো কিৰিলিত ওলাই অহা একোপাট কাঁড়ৰ আগত সত্য আচাৰ খাই পৰে।প্ৰতিটো আচাৰত একোটা ভীষণ শূন্যতা।আকৌ সেই একেই দ্বন্দ্ব।বৃত্ত সম্পৰ্কীয় মোৰ সেই ধাৰণাৰ আছেনেকি সত্যতা? নে এয়া মোৰ অস্থিৰতা...


আজি-কালি সকলোৱে বৃত্ত আঁকিব পাৰে।ৰাজনৈতিক কিম্বা অৰাজনৈতিক।খালী ঠাইবোৰ পাশাৰ ঢাল হৈ পৰে।খালী মানুহবোৰে পাশাৰ গুটি নচুৱাই ফুৰে।খালী ঠাইবোৰ ভয়ানক হৈ উঠে।তাতোকৈ বেছি ভয়ানক হৈ উঠে খালী মানুহবোৰ।খালী মানুহবোৰৰ বাহিৰে বাহিৰত সকলো খালী হৈ পৰে।শূন্য।.….


বৃত্তত আৱদ্ধ হৈ আকাশ চোৱাৰ কথা কোৱা মানুহবোৰে নাজানে যে আকাশৰ শূন্যতা কেৱল শূন্যতা নহয়।তেওঁলোকে নাজানে ইয়াক উপলব্ধি কৰিব নোৱৰাটো তেওঁলোকৰ শূন্যতা।

বগা উকা কাগজবোৰতো সেই একেই কথাই লিখা থাকে---

"মোক উপলব্ধি কৰিব নোৱৰাটো তোমালোকৰ শূন্যতা"


শেষ বুলি হয়তো একো নাথাকে

খালী মানুহবোৰৰ বাবে খালী চোতাল এখনো নাথাকে


এই কথা নুবুজাৰ ভাও ধৰি  আমি আৰু কিমানদিন আঁকি যাম উকা কাগজৰ বুকুত এটাৰ পিছত এটা বিৰাট শূন্যতা।

No comments:

Post a Comment

বিন্দু-ব্যাপ্তি-বিস্তৃতি

                                   যদুমণি গগৈ বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত  সাৰস্বত সাৰস্বত কাণে কাণে কৈ যায় ব্যাপ্তি বিন্দুৰ অন্তিম প...