Nirjonninad

Saturday, 26 June 2021

মহাৰথী

 Edit Post


মহাৰথী



যদুমণি গগৈ


হব পাৰা তুমি মোৰ
জন্মদাত্ৰী

কিন্তু হব নোৱাৰা

তুমি মোৰ মাতৃ

মোৰ বাবে তুমি

ঘৃণাগ্নিত জাহ যোৱা

এটা অতীত
দিনমণিৰ ঔৰসত

মোৰ কি
অপমানৰ বাবেই

জন্ম

উসঃ এয়াই মোৰ ভাগ্য

জন্মতেই অপমানিত মই
মোক দেখাৰ পিছতো

জাগি উঠা নাছিল নে
তোমাৰ পুত্ৰস্নেহ

মাতৃৰ মমতা

কান্দি উঠা নাছিল নে

তোমাৰ হৃদয়ে

যিদৰে কান্দিছিল

ৰাধা-অধিৰথে

মোৰ জীৱন নাট

সামৰিবৰ হ'ল

নাই নাই এয়া
হবই নোৱাৰে

ইমান সহজে
মোৰ পতন
....
জীৱনৰ কত শত
ধুমুহাৰ মাজতো

স্থিতপ্ৰজ্ঞ মই

তেনেহ'লে আজি কিয়

এই অৱস্থা মোৰ

ঋষিৰ অভিশাপ কি
সঁচা হব?

মইতো জানি-শুনি

কৰা নাছিলোঁ

নে তাতেই

আৰম্ভ হৈছিল

মোক নিঃশেষ কৰাৰ

ষড়যন্ত্ৰ

মোক অসহায় কৰি
বসুদেৱৰ তীক্ষ্ণ বাক্যবাণ
গাণ্ডীৱ ধাৰীৰ

অবিৰাম তীৰ বৰ্ষণ

মুচি দিয়া তাৰ নাম

মুচি দিয়া তাৰ নাম

এই পৃথিৱীৰ পৰা

এয়াই নেকি ন্যায়

এয়াই নেকি সত্য

মোৰ জীৱনৰ

চৰম দুৰ্ভাগ্য

ক্ষণে ক্ষণে

মনত পৰে

হীন বুলি

সুতপুত্ৰ বুলি

সকলোৱে কৰা

তুচ্ছ-তাচ্ছিল্যলৈ
সিবোৰে মোক

কম বিন্ধা নাছিল

বিন্ধি বিন্ধি মোক

অৱশ কৰি


পেলাইছিল

কি ভুল কৰিছিলোঁ মই
জন্ম হোৱাটৱেই
ভুল আছিল নেকি মোৰ?

নহয় নহয়

জন্ম হোৱাটো ভুল

হব নোৱাৰে

ভুল আছিল তোমাৰ

যৌৱনৰ অদমনীয়

আৱেগবোৰ

মহাযুদ্ধৰ প্ৰাকক্ষণত

আহিছিলা তুমি

পঞ্চপুত্ৰৰ প্ৰাণ
ভিক্ষা কৰি
সগৌৰৱে কৈছিলা

ময়েই তোৰ মাতৃ
কুন্তী

মই ইমান দুৰ্বল নহয়

তোমাৰ কথামতেই
দিছিলোঁ পঞ্চপাণ্ডৱৰ

জীৱন দান

মই ভীৰু নহয়

মই কা-পুৰুষ নহয়

বিপদৰ সময়ত

বন্ধুক এৰি থৈ
যোৱাটো জানো
হব পাৰে ধৰ্ম

যদি সেয়া অধৰ্মই হয়
তেনেহ'লে

তেনে অধৰ্ম

হেজাৰ বাৰ কৰিম মই

সময় থাকোঁতেই

নাপালোঁ সত্য

পৰিচয়

ভবাতো নাছিলোঁ

এনে হব বুলি

অদৃষ্টৰ বিধান

ব্ৰাহ্মণৰূপী ইন্দ্ৰৰ

হাতত

কৱচ কুণ্ডল মুক্তহস্তে

কৰিছিলোঁ দান

ক'ত ভুল হ'ল মোৰ
কি ভুল কৰিছিলোঁ মই
কিয় আজি

হ'ল মোৰ এনে দশা?

মই হীন নহয়

মই নীচ নহয়

চোৱা মোৰ জন্মদাত্ৰী

কৰ্ণৰ জন্ম অপমানৰ

বাবে নহয়

কৰ্ণৰ জন্ম

মহাভাৰতৰ
স্বাভিমানৰ বাবে
কৰ্ণৰ জন্ম ত্যাগৰ বাবে

আসঃ অসহায় মই

পাৰ্থৰ নিৰ্দয় বাণে
অবিৰাম

প্ৰহাৰিছে মোক


ক'ত আছা জন্মদাত্ৰী

এবাৰ চাই যোৱাহি
তোমাৰ কথা ৰাখি

কৰ্ণই তেজিছে

জীৱন

কৰ্ণই তেজিছে
জীৱন...।







বি:দ্ৰ: েজানাক কিশোৰ অাৰু যদুমণি একেজন ব্য়ক্তি

No comments:

Post a Comment

বিন্দু-ব্যাপ্তি-বিস্তৃতি

                                   যদুমণি গগৈ বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত  সাৰস্বত সাৰস্বত কাণে কাণে কৈ যায় ব্যাপ্তি বিন্দুৰ অন্তিম প...