Nirjonninad

Saturday, 29 July 2023


মামণি ৰয়ছম গোস্বামীৰ ‘নীলকণ্ঠী ব্ৰজ’ উপন্যাসত প্ৰতিফলিত নাৰীবাদী চেতনাঃ এক বিশ্লেষণাত্মক অধ্যয়ন
 
যদুমণি গগৈ  
অসমীয়া বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয়
 ফোন নংঃ ৯৩৬৫৯২৫২৯১ 

সংক্ষিপ্তসাৰ 

অসমীয়া উপন্যাস সাহিত্যৰ এটা শক্তিশালী নাম হ’ল মামণি ৰয়ছম গোস্বামী৷ তেখেতৰ উপন্যাসৰ বিষয়বস্তু বৈচিত্ৰ্য্য্যময়৷ ভিন্নধৰ্মী বিষয়বস্তুৰে উপন্যাস ৰচনা কৰি তেওঁ অসমীয়া উপন্যাস সাহিত্যক সমৃদ্ধিশালী কৰি থৈ গৈছে৷ শ্ৰেণীচেতনা, সমাজচেতনা, ব্যক্তিজীৱনৰ সংঘাত, নাৰীজীৱনৰ অন্তৰ্দ্বন্দ্ব মূল্যবোধৰ অৱক্ষয়, বিধৱা নাৰীৰ সামাজিক প্ৰস্থিতি আদিৰ দৰে স্পৰ্শকাতৰ বিষয়ৰ সৰল উপস্থাপন তেখেতৰ উপন্যাসৰ মূল উপজীৱ্য৷ বিষয়বস্তুৰ গাম্ভীৰ্য, শোষিত জনৰ প্ৰতি সহানুভূতি, ভাষাৰ কলাত্মক প্ৰয়োগ, ওজস্বীতাপূৰ্ণ বৰ্ণনা আদিয়ে তেখেতৰ উপন্যাসক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে৷ ‘চীনাবৰ সোঁত’, [১৯৭২], ‘অহিৰণ’ [১৯৮০], ‘নীলকণ্ঠী ব্ৰজ’ [১৯৭৬], ‘উদয়ভানুৰ চৰিত্ৰ’ [১৯৮৬], ‘দাশৰথিৰ খোজ’ [২০০৮], ‘দেৱী পীঠৰ তেজ’ [২০০১] আদি তেখেতৰ উল্লেখযোগ্য উপন্যাসকৃতি৷ এই প্ৰবন্ধটোত কেৱল তেখেতৰ নীলকণ্ঠী ব্ৰজ উপন্যাসখনকহে আলোচ্য বিষয় হিচাপে লোৱা হৈছে৷ উপন্যাসখনৰ বিষয়বস্তু আৰু চৰিত্ৰসমূহৰ মাজেদি কেনেধৰণে নাৰীবাদী চিন্তা-চেতনাৰ প্ৰকাশ ঘটিছে তাৰ এটা আভাস দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে৷ বিষয়বস্তুৰ সংলগ্নভাৱে আৰম্ভণিতে অসমীয়া নাৰীবাদী উপন্যাসৰ ধাৰা সম্পৰ্কে এটা চমু টোকা আগবঢ়োৱা হৈছে৷ 

বীজশব্দঃ শ্ৰেণীচেতনা, সমাজচেতনা, উপন্যাসকৃতি, ওজস্বীতাপূৰ্ণ, সংলগ্নভাৱে ইত্যাদি৷ 

অসমীয়া নাৰীবাদী উপন্যাসৰ ধাৰাঃ

 অসমীয়া উপন্যাসত নাৰীবাদী চিন্তা-চেতনাৰ প্ৰথম ৰেঙণি দেখিবলৈ পোৱা যায় বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ পৰা৷ এই সময়ছোৱাত ৰচিত ৰজনীকান্ত বৰদলৈৰ ৰহদৈ লিগিৰী [১৯৩০] উপন্যাসত অসমীয়া সমাজত নাৰীৰ স্থান সম্পৰ্কত বিচাৰ কৰা হৈছে৷ ১৯২৮ চনত ৰচিত দণ্ডিনাথ কলিতাৰ সাধনা উপন্যাসখনতো নাৰীৰ স্থান নিৰূপণ কৰিছে৷ এই দুয়োখন উপন্যাসতে নাৰীৰ আন আন সমস্যাবোৰৰ লগতে নাৰীমুক্তিৰ প্ৰসংগটোৱেও গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে৷ ১৯৩০ চনতে প্ৰকাশিত লক্ষ্মীধৰ শৰ্মাৰ বিদ্ৰোহিনী উপন্যাসিকাত পৰম্পৰাগত পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ বিৰুদ্ধে নাৰীৰ প্ৰত্যক্ষ বিদ্ৰোহ আমি দেখিবলৈ পাওঁ৷ ঠিক সেইদৰে ১৯৩১-৩২ চনত ৰচিত দৈৱচন্দ্ৰ তালুকদাৰৰ অপূৰ্ণ উপন্যাসত আমি নাৰীয়ে সামাজিক কৰ্মত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত, নিজে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত থকা বাধাৰ প্ৰাচীৰ ভাঙিবলৈ ওলাই অহা দেখিবলৈ পাওঁ৷ বীণা বৰুৱাৰ জীৱনৰ বাটত [১৯৪৪] আৰু ৰাস্না বৰুৱাৰ সেউজী পাতৰ কাহিনীতো নাৰীবাদী ভাৱধাৰা দেখিবলৈ পোৱা যায়৷ জীৱনৰ বাটত উপন্যাসৰ নায়িকা গৰাকী অসমীয়া শ্বাশ্বত নাৰীৰ প্ৰতিভূ৷ এইগৰাকী নাৰীয়ে জীৱনৰ সকলো সমস্যা বিনা প্ৰতিবাদে মূৰ পাতি গ্ৰহণ কৰিছে৷ আনহাতে সেউজী পাতৰ কাহিনীৰ চনিয়াৰ অন্তৰত পুৰুষ প্ৰধান সমাজখনত পুৰুষে নাৰীৰ ওপৰত চলোৱা নিৰ্যাতনবোৰ দেখি স্বতঃস্ফূৰ্তভাৱে পুৰুষ বিদ্বেষী মনোভাৱৰ সৃষ্টি হৈছে৷ এই বিদ্বেষ আদৰ্শগত নহ’লেও ঔপন্যাসিকৰ চেতনাত নাৰীবাদী ভাৱধাৰা এটা থকাৰ বাবেই হয়তো উপন্যাসখনৰ মাজেদি তাৰ প্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায়৷ পঞ্চাশৰ দশকতে প্ৰকাশিত ৰাধিকা মোহন গোস্বামীৰ চাকনৈয়া উপন্যাসত অসমীয়া সমাজত বিধৱা নাৰীৰ স্থান কেনেধৰণৰ তাক উপস্থাপন কৰি দেখুওৱা হৈছে৷ ষাঠিৰ দশকতে প্ৰকাশিত বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্যৰ প্ৰথম উপন্যাস আই [১৯৬০] এখন সম্পূৰ্ণৰূপে নাৰীবাদী উপন্যাস নহ’লেও ই এখন নাৰীকেন্দ্ৰিক উপন্যাস৷ অৱশ্যে ১৯৭০ চনত প্ৰকাশিত বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্যৰ প্ৰতিপদ ত সমাজবাদী নাৰীবাদৰ চেতনা দেখিবলৈ পোৱা যায়৷ মৃত্যুঞ্জয় উপন্যাসতো নাৰীশক্তি প্ৰতিষ্ঠাৰ প্ৰয়াস দেখা যায়৷ নাৰীবাদী দৃষ্টিভঙ্গী প্ৰকাশৰ ক্ষেত্ৰত তেখেতৰ চিনাকি সুঁতি [১৯৭১] আৰু ডাইনী [১৯৭৬] উপন্যাসৰ নাম ল’ব পাৰি৷ এইক্ষেত্ৰত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ পিতৃভিঠা ৰ নামো ল’ব পাৰি৷ মামণি ৰয়ছম গোস্বামীৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা,নীলকণ্ঠী ব্ৰজ , মামৰে ধৰা তৰোৱাল আদি উপন্যাসত নাৰীবাদী ভাৱধাৰাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়৷ নিৰুপমা বৰগোহাঞিৰ অভিযাত্ৰী [১৯৯২] উপন্যাসখনৰ মাজতো নাৰীমুক্তিৰ এক শক্তিশালী কণ্ঠস্বৰ দেখিবলৈ পোৱা যায়৷ পৰৱত¹ সময়ত আমি অৰূপা পটঙ্গীয়া কলিতা, ৰীতা চৌধুৰী, ৰুদ্ৰাণী শৰ্মা, গীতালি বৰা আদিৰ উপন্যাসত নাৰীবাদী ভাৱধাৰাৰ প্ৰকাশ ঘটা আমি দেখিবলৈ পাইছোঁ৷

 নীলকণ্ঠী ব্ৰজ উপন্যাসত নাৰীবাদ 

বৃন্দাবনৰ বিধৱা নাৰীসকলৰ জীৱনক কেন্দ্ৰ কৰিয়েই ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীয়ে নীলকণ্ঠী ব্ৰজ উপন্যাসখন ৰচনা কৰিছে৷ এই উপন্যাসখনত বৃন্দাবনৰ বিধৱা নাৰীসকলৰ সামাজিক স্থিতি-প্ৰস্থিতি, দুখ-দুৰ্দশাৰ কথা মৰ্মস্পৰ্শী ৰূপত উপস্থাপন কৰা হৈছে৷ সমকালীন সমাজখনত বিধৱাৰ স্থানৰ ছবিখন সৌদামিনী, অনুপমা, শশীপ্ৰভা, মৃণালিনী, আদি চৰিত্ৰৰ যোগেদি ঔপন্যাসিকে দাঙি ধৰিছে৷ উল্লিখিত চৰিত্ৰসমূহৰ কাৰ্য-কলাপৰ মাজত আমি স্থানবিশেষে নাৰীবাদী চেতনা বা চিন্তা-চৰ্চাৰ উন্মেষ দেখিবলৈ পাওঁ৷ এই প্ৰবন্ধটোত উপন্যাসখনৰ নাৰীচৰিত্ৰ সমূহৰ মাজত দেখা পোৱা নাৰীবাদী চিন্তা-চেতনা সম্পৰ্কে কিছু আভাস দিবলৈ প্ৰয়াস কৰা হৈছে-

 সৌদামিনীঃ- নীলকণ্ঠী ব্ৰজ উপন্যাসখনৰ মুখ্য তথা কেন্দ্ৰীয় চৰিত্ৰটো হ’ল সৌদামিনী৷ সৌদামিনীক কেন্দ্ৰ কৰিয়েই ঔপন্যাসিকে উপন্যাসখনৰ কাহিনী আগবঢ়াই নিছে৷ সেয়ে সৌদামিনী চৰিত্ৰটো নিৰ্মাণৰ ক্ষেত্ৰত ঔপন্যাসিকে সতৰ্কতা অৱলম্বন কৰা দেখা যায়৷ উপন্যাসখনৰ আৰম্ভণিৰ পৰা সামৰণি লৈকে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে ঔপন্যাসিকে সৌদামিনী চৰিত্ৰটোক প্ৰচলিত সমাজব্যৱস্থাৰ তথা পুৰুষতন্ত্ৰৰ বিপক্ষে থিয় কৰাইছে৷ নাৰীবাদে যিহেতু পুৰুষতন্ত্ৰৰ বিপক্ষে থিয় দিয়ে৷ সেয়ে সৌদামিনী চৰিত্ৰটোৰ মাজত এইখিনিতেই আমি নাৰীবাদী চেতনাৰ উকমুকনি দেখিবলৈ পাওঁ৷ ঔপন্যাসিকে সৌদামিনী চৰিত্ৰটোৰ জৰিয়তে নিজৰ অভিজ্ঞতাৰ পৰা সৃষ্টি হোৱা প্ৰতিবাদী তথা প্ৰগতিশীল নাৰীসত্ত্বাটোৰ এক সুন্দৰ আৰু বাস্তৱিক  প্ৰকাশ ঘটাইছে৷ সৌদামিনী সম্পৰ্কত ঔপন্যাসিকে নিজৰ ভাষাত এনেকৈ কৈছে-- “বৃন্দাবনৰ সমস্ত কাহিনী মই মোৰ আধালেখা দস্তাবেজ নামৰ উপন্যাসখনত প্ৰকাশ কৰিছোঁ৷ সেই সময়ত মই নিজে ভোগ কৰা যন্ত্ৰণাৰ ছবি মোৰ নায়িকা সৌদামিনীৰ চৰিত্ৰৰ মাজত সম্পূৰ্ণৰূপে ঢালি দিবলৈ চেষ্টা কৰিছিলোঁ৷ ” সৌদামিনী চৰিত্ৰটোৰ মনোজগতত চলি থকা দ্বন্দ্বৰ কথা আমি খুব সহজেই লক্ষ্য কৰিব পাৰোঁ৷ এই দ্বন্দ্বই  সৌদামিনীৰ মনত প্ৰচণ্ড ক্ষোভৰ সৃষ্টি কৰিছে৷ উপন্যাসখনত এই ক্ষোভ কেৱল সৌদামিনীৰ হৈ থকা নাই৷ বৃন্দাবনৰ প্ৰতিগৰাকী ৰাধেশ্যামীৰ বুকুত এই ক্ষোভৰ জুই জ্বলিছে৷ এই ক্ষোভ প্ৰচলিত সমাজব্যৱস্থা তথা পুৰুষতন্ত্ৰৰ বিৰুদ্ধে৷ “........................... আছে আছে পাণ্ডাই কিবা এটা টান মাৰি ছিঙিলে৷ লগে লগে বুঢ়ীৰ কঁকালটি উলংগ হৈ খাটিয়াৰ ওপৰত হামখুৰি খাই পৰিল৷ মানৱতা আৰু জীৱনৰ প্ৰতি ভ্ৰূকুটি দেখুৱাই থকা এই অদ্ভুত অবিশ্বাস্য দেহাটো দেখি সৌদামিনীৰ নাকৰ পাহি দুটা কঁপি উঠিল৷ ” --- বৃন্দাবনৰ ৰাধেশ্যামী সকলৰ এইধৰণৰ দুখ-দুৰ্দশা দেখি সৌদামিনীৰ মন শোকত জৰ্জড়িত হৈ পৰিছে৷ মৃত ৰাধেশ্যামীৰ দেহৰ ওপৰত চলা নিৰ্যাতন তাই স্বচক্ষুৰে দেখিছে-- “...........................দৈত্যই চিঞৰি উঠিলঃ চুপ থাক; চুপ থাক৷ মই মৰা পেলোৱা মানুহ চাৰিটাক খবৰ দিম৷ সিহঁতে চোঁচৰাই নি যমুনাত পেলাই থৈ আহিব৷ ” ৩ এইবোৰ দেখি-শুনি সৌদামিনীৰ মনত এক প্ৰচণ্ড ক্ষোভৰ সৃষ্টি হৈছে৷ সেয়ে তাই সিদ্ধান্ত লৈছে যে তাই নিজৰ কোঠাটোত থকা খিৰিকীখন আৰু কেতিয়াও নোখোলে-- “সৌদামিনীয়ে খিৰিকীখন বন্ধ কৰি দিলে৷ লগে লগে তাই শপত খালে আৰু কেতিয়াও তাই এইখন খিৰিকী নোখোলে৷ প্ৰয়োজন হ’লে দিনতেই তাই এটি চাকি জ্বলাই ল’ব৷ ” এয়াও পুৰুষতন্ত্ৰৰ বিৰুদ্ধে কম হুংকাৰ নহয়৷ সৌদামিনীৰ কোঠাটোৰ সেই খিৰিকীখন কেৱল এখন খিৰিকী নহয়৷ এই খিৰিকীখনক ঔপন্যাসিকে প্ৰতীকী ৰূপত উপস্থাপন কৰিছে৷ বৃন্দাবনৰ ৰাধেশ্যামী সকলৰ ওপৰত চলি থকা অত্যাচাৰৰ নীৰৱ প্ৰতিবাদ কৰি সৌদামিনীয়ে সেই খিৰিকীখন বন্ধ কৰি থোৱাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সৌদামিনীৰ এই কাৰ্যত নাৰীবাদী চেতনাৰ প্ৰভাৱ নুই কৰিব নোৱাৰি৷ নাৰীবাদৰ মতে নাৰী হ’ল স্বতন্ত্ৰ আৰু নাৰীৰ জন্ম নহয়৷ আমাৰ সমাজব্যৱস্থাইহে নাৰীৰ সৃষ্টি কৰে৷ সৌদামিনীয়ো আমাৰ সমাজব্যৱস্থাই সৃষ্টি কৰা এগৰাকী নাৰী৷ পুৰুষপ্ৰধান সমাজখনৰ বিধৱাসকলৰ প্ৰতি থকা অন্যায়-অবিচাৰ, শাৰীৰিক-মানসিক দমন আৰু শোষণবোৰ দেখি তাই মনে মনে কঠোৰ হৈ পৰিছিল৷ সেয়ে ক্ষণিক উত্তেজনাত তাই খিৰিকীখন বন্ধ কৰি তাই আন্ধাৰ কোঠাটোত দিনতেই চাকি এটা জ্বলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ অৰ্থাৎ তাই সেই সমকালীন পুৰুষতান্ত্ৰিক সমাজখনৰ পৰা আঁতৰি স্বতন্ত্ৰ হৈ থাকিবলৈ বিচাৰিছিল৷ সৌদামিনীয়ে জ্বলাব বিচৰা সেই চাকিগছ হৈছে নাৰীমনৰ পোহৰ স্বৰূপ৷ হয়তো এনেদৰেই প্ৰতিগৰাকী ৰাধেশ্যামীৰ হাতত জ্বলি উঠা চাকিৰ পোহৰে আন্ধাৰৰূপী পুৰুষতন্ত্ৰক নিঃশেষ কৰিব পাৰিব৷ সৌদামিনীৰ মনত জাগৃত হোৱা এই ভাববোৰ ঔপন্যাসিকৰ নাৰীমুক্তি চেতনাৰেই প্ৰভাৱ বুলি ক’ব পৰা যায়৷ কম বয়সতে বিধৱা হোৱা সৌদামিনী জৈৱিক ক্ষুধাত পীড়িত হৈছে৷ এই জৈৱিক ক্ষুধাৰ বাবেই সৌদামিনীয়ে সমকালীন বৃন্দাবনৰ পুৰুষতান্ত্ৰিক সমাজখনে বিধৱা নাৰীসকলৰ ওপৰত বান্ধি দিয়া কঠোৰ অমানুষিক নীতি-নিয়মবোৰৰ প্ৰতি চৰম ভ্ৰূকুটি প্ৰদৰ্শন কৰিছিল৷ উপন্যাসখনত বৰ্ণনা কৰা অনুসৰি কম বয়সতে বিধৱা হোৱাৰ পিছত সৌদামিনীয়ে এজন খ্ৰীষ্টান যুৱকৰ সৈতে মিলা-মিছা আৰম্ভ কৰিছিল৷ সৌদামিনীৰ বাবে এই কামটো অতি দুঃসাহসিক আছিল৷ কাৰণ বিধৱা সৌদামিনী আৰু খ্ৰীষ্টান যুৱকজনৰ মিলা-মিছা সেই সময়ৰ ধৰ্মভীৰু পুৰুষতান্ত্ৰিক সমাজখনৰ নীতি-নিয়মৰ পৰিপন্থী আছিল৷ “...... এই কোমল বয়সীয়া ছোৱালীটিয়ে বিধৱা হোৱাৰ পিছত এটি খ্ৰীষ্টান যুৱকৰ সৈতে মিলা-প্ৰীতিৰ আয়োজন কৰিলে৷ গোড়া মতাৱলম্বী আৰু ধৰ্মভীৰু ৰায়চৌধুৰীৰ পৰিয়ালত এয়া এক অবিশ্বাস্য কাহিনী৷ ” এক কথাত ক’ব পাৰি যে এয়া আছিল পুৰুষতান্ত্ৰিকতাৰ বিপৰীতে এক প্ৰচণ্ড বিদ্ৰোহ৷ সৌদামিনীৰ প্ৰেম আৰু জৈৱিক ক্ষুধাই সমাজলৈ ভ্ৰূক্ষেপ নকৰি অবিৰতভাৱে চলি যোৱাৰ ইংগিতো উপন্যাসখনত পোৱা যায়- নাৰীমনৰ স্বকীয়তা আৰু প্ৰচণ্ড স্বাভিমানৰ পৰিচয় পোৱা যায় এনেবোৰ কথাত-- “মই মহিয়সী নহওঁ যে তোমালোকৰ দৰে জনকল্যাণমূলক কাম কৰি মই মোৰ গোটেই জীৱন অতিবাহিত কৰিব পাৰিম৷ মই স্বাধীন, মই কাকো ভয় নকৰোঁ৷ ” স্থিতাৱস্থাৰ বিপক্ষে এনেদৰেই হুংকাৰ দিয়া সৌদামিনীৰ মৃত্যুও শেষত পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ বিপৰীতে এক নীৰৱ প্ৰতিবাদ হিচাপে পৰিগণিত হৈছে৷ উপন্যাসখনত বৰ্ণনা কৰা অনুসৰি তাই দেউতাকৰ ইচ্চাত নিজৰ খ্ৰীষ্টান প্ৰেমিক জনক লগ কিৰছে৷ পুৰুষতান্ত্ৰিক সমাজখনে বিধৱা নাৰীৰ ওপৰত জাপি দিয়া কটোৰ নীতি-নিয়মবোৰক দলিয়াই দি তাই কৈ উঠিছে--- “ধৰা তুমি মোক আৰু বালদৰে সাৱটি ধৰা৷ তুমি কান্দিছা৷ মানুহে কয় তুমি খ্ৰীষ্টান৷ তুমি খ্ৰীষ্টান৷ অথচ এয়া, এয়া মোৰ বুকুত তোমাৰ দেহৰ উম একেই--৷ বিশ্বাস কৰা সুব্ৰত. মোৰ মৰমৰ স্বামীৰ দেহৰ সৈতে একেই---একেই৷ একেবাৰে একেই৷ ” ইমানখিনিলৈকে সাহসিকতাৰে আগবঢ়া সৌদামিনীয়ে শেষত আত্মহননৰ পথ বাছি লৈছে৷ এই কাৰ্যই সৌদামিনী চৰিত্ৰটোৰ প্ৰগতিশীলতাত কিছু পৰিমাণে আঘাত কৰা যেন লাগে যদিও ইয়ো এক পুৰুষতান্ত্ৰিকতাৰ বিৰুদ্ধে নীৰৱ অথচ শক্তিশালী প্ৰতিবাদ৷ ব্ৰজধামৰ কুৎসিত দৃশ্যই বিদ্ৰোহী কৰি তোলা সৌদামিনীয়ে দেউতাকৰ সহযোগত নিজক খ্ৰীষ্টান প্ৰেমিকজনৰ সৈতে পুনৰ মিলিত হোৱাৰ সুযোগ লাভ কৰিও সেই সুযোগ গ্ৰহণ নকৰিলে৷ সৌদামিনীৰ ভয় হৈছিল যে তাই তেনে কৰিলে তায়েই মাক অনুপমাৰ মৃত্যুৰ কাৰণ হৈ উঠিব পাৰে৷ অৱশেষত তাই যমুনাৰ তটত গৈ আত্মজাহ দিছে--- “নাই নাই আৰুতো ভবাৰ সময় নাই৷ কিন্তু একেবাৰে শেষ মুহূৰ্তলৈ, পানীৰ একেবাৰে ওচৰ পোৱালৈকে মাত্ৰ এটি প্ৰশ্নই তাইৰ বুকু বিদীৰ্ণ কৰি পেলালে, কিয় এনে হ’লহ্ল কিয়হ্ল” এই প্ৰশ্ন কেৱল সৌদামিনীৰ প্ৰশ্ন হৈ থকা নাই৷ সাধাৰণ পাঠকৰ দৃষ্টিত ই পুৰুষতান্ত্ৰিক সমাজখনলৈ প্ৰতিগৰাকী নাৰীৰ প্ৰশ্ন৷ সৌদামিনীৰ আত্মহননে প্ৰতিগৰাকী নাৰীৰ বুকুত সেই প্ৰশ্নৰ জোৱাৰ তুলি থৈ গ’ল৷ সৌদামিনীৰ আত্মহননে তথাকথিত পুৰুষতান্ত্ৰিক সমাজখনৰ বিপক্ষে এক নীৰৱ প্ৰতিবাদৰ সৃষ্টি কৰি থৈ গ’ল৷ এনেদৰেই পৰ্যবেক্ষণ কৰিলেই সৌদামিনী চৰিত্ৰটোৰ মাজত নাৰীবাদী চিন্তা-চেতনাৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়৷ 

মৃণালিনীঃ-- নীলকণ্ঠী ব্ৰজ উপন্যাসৰ অন্যতম এটি উল্লেখযোগ্য চৰিত্ৰ হ’ল মৃণালিনী৷
 উপন্যাসখনৰ কাহিনীৰ গতিশীলতাৰ ক্ষেত্ৰত মৃণালিনী চৰিত্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ মৃণালিনী চৰিত্ৰটো সৃষ্টিৰ ক্ষেত্ৰটো ঔপন্যাসিকৰ সচেতনতা লক্ষ্য কৰা যায়৷ সৌদামিনীৰ দৰেই মৃণালিনীৰ মাজতো প্ৰতিবাদী ৰূপ এটা দেখিবলৈ পোৱা যায়৷ মৃণালিনী হৈছে বিহাৰী কুঞ্জৰ অধিকাৰী বৃদ্ধ কৃষ্ণকান্ত ঠাকুৰৰ দুকুৰি বছৰীয়া অবিবাহিতা জীয়েক৷ বৃন্দাবনৰ ৰাধেশ্যামী সকলৰ জীৱন-যন্ত্ৰণাক তাই ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে৷ পুৰুষতান্ত্ৰিক সমাজখনে ৰাধেশ্যামী সকলৰ ওপৰত চলোৱা শাৰীৰিক-মানসিক দমন-নিপীড়ন তাই নিজ চকুৰে দেখিছে৷ এইবোৰ দেখি-শুনি তাইৰ মন-মগজু বিদ্ৰোহী হৈ উঠিছে৷ কেৱল নাৰীক শোষণ কৰিব জনা সমকালীন পুৰুষতান্ত্ৰিক সমাজখনৰ প্ৰতি তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি কৈছে--- “ভদ্ৰলোকহ্ল বৰ হাস্যকৰ কথা৷ খুপৰীত অঘৰী ৰাধেশ্যামী সকলৰ দৰে বাস কৰি থাকিলেও মানুহে আমাক ভদ্ৰলোক বুলি ক’বনেহ্ল আমি এতিয়া ভিক্ষাৰী৷ দুসাঁজ পেট ভৰাই খাব নোপোৱা মানুহ, ভিক্ষাৰী হ’লে বৰ কষ্ট হয়৷ ” স্পষ্টবাদী আৰু নিজৰ মতত অটল মৃণালিনীয়ে কাৰোলৈ ভ্ৰূক্ষেপ নকৰে৷ পুৰুষতান্ত্ৰিক সমাজখনে বান্ধি দিয়া পৰম্পৰাগত বৈষম্যমূলক ৰীতি-নীতিবোৰ ভংগ কৰাৰ তীব্ৰ বাসনা মৃণালিনীৰ মাজত দেখা পোৱা যায়---- “...অকল পাত পাৰি বহাই নহয়-- পূজাৰীক অবাক কৰি মৃণালিনীয়ে চিঞৰি উঠিলঃ আৰু অলপ দিয়ক৷ ... মৃণালিনীয়ে যেন লগাইহে দিলে৷ ক্ষুধাতুৰ ৰাধেশ্যামীহঁতে চিঞৰি উঠিলঃ দিয়া আৰু দিয়া, গোবিন্দৰ ভাণ্ডাৰ শেষ হ’ব বুলি কিয় ভয় কৰাহ্ল” পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ প্ৰতি মৃণালিনী কেৱল নিজেই হে যে প্ৰতিবাদ মুখৰ হৈ পৰিছে এনে নহয়, আনকো তাই সচেতন কৰি তুলিছে৷ অকলশৰীয়া আৰু সৰ্বহাৰা নাৰীৰ ওপৰত পুৰুষতন্ত্ৰই চলাব পৰা নিৰ্যাতনৰ কথা কৈ মৃণালিনীয়ে শশীক তাৰ বিৰুদ্ধে সজাগ কৰি তুলিছে৷ পুৰুষতন্ত্ৰৰ ওচৰত মূৰ নোদোঁৱাকৈ থাকিব পৰাকৈ তাইক সাহসী কৰি তুলিব বিচাৰিছে---- “... সেই ঠেৰুছিগা বাবাজী জাকে সুবিধা বুজি তোমাক যুগল উপাসনাৰ প্ৰস্তাৱ কৰিবহি--খবৰদাৰ৷ খাবলৈ নেপাই আলিৰ বুকুত মুখ থেকেঁচা খাই পৰি মৰিলেও সৎ হৈ মৰাৰ নিচা আছে৷ ” এনেদৰেই আমি বিচাৰ কৰি চালে দেখা পাওঁ যে মৃণালিনী চৰিত্ৰটো পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাই নাৰীক কৰা শোষণ-নিপীড়নৰ বিৰুদ্ধে সোচ্ছাৰ হৈ উঠিছে৷ ঔপন্যাসিকে ব্যক্তিগত অভিজ্ঞতাৰ সফল প্ৰয়োগেৰে মৃণালিনী চৰিত্ৰটোক জীৱন্ত কৰি তুলিছে৷

 শশীঃ-- নীলকণ্ঠী ব্ৰজ উপন্যাসৰ আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ হ’ল শশী৷ সৌদামিনী আৰু মৃণালিনীৰ দৰে তায়ো পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ বিৰুদ্ধে সাহসীকতাৰে থিয় দিছে৷ সৌদামিনী আৰু মৃণালিনীৰ দৰেই শশীৰ মাজতো নাৰীবাদী চিন্তা-চৰ্চাৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি৷ শোষিত, পীড়িত, সৰ্বহাৰা শশীক ঔপন্যাসিকে মৃণালিনীৰ জৰিয়তে পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ বিৰুদ্ধে সজাগ-সচেতন কৰি তোলাৰ প্ৰয়াস কৰিছে--- “স্বামীজীৰ অন্যমনস্কতাই সেই সুৱৰ্ণ সত্যক ধূলি হৈয়ো আঘাত কৰিব নোৱাৰিবহ্ল বিশ্বাস কৰা মই মোৰ এই দুকুৰি বছৰীয়া জীৱনৰ অভিজ্ঞতাৰ পৰাই এই কথা কৈছোঁ৷ উঠা, চকুলো মচি লোৱা৷ বছৰবোৰ চকুৰ পচাৰতে বাগৰি যাব৷ তুমি আকৌ উভতি আহিবা৷ মোৰ দৃঢ় বিশ্বাস কাঁচৰ বাবে তুমি মাণিক কেতিয়াও নেহেৰুৱা৷ ” -- এনেদৰেই ঔপন্যাসিকে শশী চৰিত্ৰটোক পুৰুষতান্ত্ৰিক সমাজেবিধৱাসকলৰ ওপৰত জাপি দিয়া অনাৱশ্যকীয় কঠোৰ নীতি-নিয়মৰ বিপক্ষে এপাট শক্তিশালী অস্ত্ৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে৷ এইখিনিতে চৰিত্ৰটোৰ মাজত নাৰীবাদী চিন্তা-চেতনাৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি৷ 

 আপাতঃ দৃষ্টিত সৌদামিনী, মৃণালিনী আৰু শশীৰ চৰিত্ৰত নাৰীবাদী চিন্তাৰ প্ৰভাৱ সহজতে নেদেখিলেও ওপৰত উল্লেখ কৰি অহা ধৰণে তেওঁলোকৰ অন্তৱত¹ জগতৰ মনন-চিন্তন আৰু ভাৱ-অনুভূতিবোৰত নাৰীবাদী চিন্তা-চেতনাৰ প্ৰভাৱ সুস্পষ্ট বুলি ক’ব পাৰি৷ এই তিনিটা চৰিত্ৰৰ উপৰিও খ্ৰীষ্টান প্ৰেমিকজন, ৰাকেশ আৰু চন্দ্ৰভানু এই চৰিত্ৰকেইটায়ো নাৰীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়৷ সৌদামিনীৰ কথাবোৰ শুনি খ্ৰীষ্টান প্ৰেমিকজনে কৈ উঠিছে-- “শুনা যিবোৰ মানুহে তোমাক এক ভিন্ন শাৰীত থৈছে, আজি সেইবোৰক মোৰ কচাইৰ লগত ৰিজাবৰ মন গৈছে৷ ” একেবাৰে শেষত শিল্পী ৰাকেশেও ব্ৰজধামৰ কদাচাৰৰ বিৰোধিতা কৰি নীৰৱে আঁতৰি গৈছে৷ বিদায়বেলাত তেওঁ মাথোঁঁঁ কৈ গৈছে-- “মোৰ ভৰিত জোতা থাকক আৰু বা নাথাকক, কিন্তু এটা পৰিষ্কাৰ গান্ধী টুপী সদায় থাকিব৷ ” প্ৰতিবাদৰ ইয়াতকৈয়ো এটা সুন্দৰ উদাহৰণ থাকিব পাৰেনে সেয়ে মামণি ৰয়ছম গোস্বামীৰ নীলকণ্ঠী ব্ৰজ পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ বিৰুদ্ধে এক প্ৰবল প্ৰতিবাদী উপন্যাস৷ এই উপন্যাসখনে নাৰীৰ অৱস্থা উন্নত কৰা, নাৰীক স্বতন্ত্ৰভাৱে জীয়াই থাকিবলৈ দিয়া, পৰম্পৰাগতভাৱে প্ৰচলিত অনাৱশ্যকীয় ৰীতি-নীতি সমূহৰ পৰা নাৰীক মুক্তি দিয়া, মানুহৰ চিত্তৰ পৰিৱৰ্তন সাধন কৰা, ধৰ্মানুষ্ঠান সমূহৰ পৰম্পৰাৰ সংশোধন কৰা, নাৰীৰ ওপৰত থকা অপ্ৰয়োজনীয় বাধা-নিষেধ সমূহ প্ৰত্যাহাৰ কৰাৰ কথা বাৰে বাৰে দোহাৰিছে৷ সেয়ে এনেবোৰ দৃষ্টিকোণৰ পৰা বিচাৰ-বিশ্লেষণ কৰাৰ অন্তত আমি মামণি ৰয়ছম গোস্বামীৰ নীলকণ্ঠী ব্ৰজ উপন্যাসখনক নাৰীবাদী ভাৱধাৰাৰে পৰিপুষ্ট উপন্যাস বুলি ক’ব পাৰোঁ৷ 

 সহায়ক গ্ৰন্থপঞ্জী 

ভৰালী, হেমন্ত কুমাৰ (সম্পা)ঃ মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমগ্ৰ প্ৰথম প্ৰকাশ জুলাই ২০১১, বনলতা ৷
শৰ্মা, গোবিন্দ প্ৰসাদঃ নাৰীবাদ আৰু অসমীয়া উপন্যাস দ্বিতীয় সংস্কৰণ, আগষ্ট ২০১১, অসম প্ৰকাশন পৰিষদ ৷
মহন্ত, অপৰ্ণাঃ নাৰীবাদ প্ৰথম প্ৰকাশ ২০১৮, ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷

No comments:

Post a Comment

বিন্দু-ব্যাপ্তি-বিস্তৃতি

                                   যদুমণি গগৈ বিন্দুৰ ব্যাপ্তিত মূৰ তুলি সাৰস্বত  সাৰস্বত সাৰস্বত কাণে কাণে কৈ যায় ব্যাপ্তি বিন্দুৰ অন্তিম প...