মনোজ কুমাৰ গোস্বামীৰ এলুমিনিয়ামৰ আঙুলিঃ এক অধ্যয়ন
![]() |
সাৰাংশ
অসমৰ সমাজ জীৱন আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ ফালৰ পৰা বিংশ শতিকাৰ শেষৰ দশককেইটা আছিল অশান্তজৰ্জৰ আৰু বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত৷ এনে জটিল ক্ষণত মানৱীয় অস্তিত্বলৈয়ো সংকট নামি আহিছিল৷সমাজৰ এই বাস্তৱ চিত্ৰখনৰ কলাত্মক আৰু কৌশলী উপস্থাপন তেখেতৰ গল্পত দেখা পোৱা যায়৷ এলুমিনিয়ামৰ আঙুলি শীৰ্ষক গল্পসংকলনখনত সন্নিৱিষ্ট হোৱা গল্পৰ সংখ্যা ৩৭ টা৷ গতিকে এই প্ৰবন্ধটোৰ পৰিসৰত আটাইকেইটা গল্পকে সামৰি লোৱাটো অসম্ভৱ৷ সেয়েহে আধুনিক জীৱন চৰ্যা, পৰিবৰ্তনৰ সোঁতত ৰুচিবোধ হেৰুৱাই পেলোৱা, মানৱ মনৰ একাকীত্বৰ যন্ত্ৰণা ইত্যাদি গুৰুত্বপূৰ্ণ বিষয়ক সামৰি লোৱা ’এলুমিনিয়ামৰ আঙুলি’ শীৰ্ষক গল্পটোকহে আলোচনাৰ বাবে নিৰ্বাচন কৰি লোৱা হৈছে৷ আলোচনাৰ পৰিসৰত এই দিশসমূহক সামৰি লোৱা হ’ব৷
মনোজ কুমাৰ গোস্বামীৰ গল্পঃ এক চমু পৰিচয়
বিংশ শতিকাৰ আশীৰ দশকত অসমীয়া গল্প সাহিত্যৰ জগতখনত ভুমুকি মৰা গল্পকাৰ সকলৰ ভিতৰত মনোজ কুমাৰ গোস্বামী অন্যতম৷ আশীৰ দশকৰ আৰম্ভণিতে প্ৰকাশ পোৱা প্ৰান্তিক আলোচনীৰ জৰিয়তে মনোজ কুমাৰ গোস্বামীয়ে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ তেখেতে এই সময়ছোৱাত অসমৰ সমাজ জীৱনলৈ অহা পৰিৱৰ্তন, প্ৰত্যাহ্বান সমূহক গল্পৰ জৰিয়তে নিজস্ব শৈলীৰে বলিষ্ঠ ৰূপত উপস্থাপন কৰিছে৷ গোস্বামীৰ উল্লেখযোগ্য গল্পসংকলন সমূহ হ’ল--- ঈশ্বৰহীনতা [১৯৮৬], স্বাধীনতা , সমীৰণ বৰুৱা আহি আছে [১৯৯৩] মই ৰাজেন বৰুৱাক সমৰ্থন কৰোঁ [১৯৯৪], এলুমিনিয়ামৰ আঙুলি [২০১০], ভুলসত্য [২০১৭]৷ তেখেতে ১৯৯৪ চনত সৰ্বভাৰতীয় ‘কথা’ সাহিত্য সন্মান লাভ কৰে৷ ভুলসত্য শীৰ্ষক গল্পপুথি খনৰ বাবে তেখেতে ২০২২ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে৷মনোজ কুমাৰ গোস্বামীৰ চুটিগল্পৰ চমৎকাৰিত্ব সম্পৰ্কত ধ্ৰুৱজ্যোতি বৰাই এনেদৰে উল্লেখ কৰিছে--- অকণমান গভীৰভাৱে চালে আমি দেখোঁ যে প্ৰাত্যহিক প্ৰেডিক্টেবিলিটি [Predictebility) আৰু আনপ্ৰেডিক্টেবিলিটি (Unpredictebility) ৰ নিৰ্মাণ আৰু বিনিৰ্মাণ মনোজ কুমাৰ গোস্বামীৰ গল্পৰ এটা অন্যতম প্ৰধান বৈশিষ্ট্য আৰু এই বিনিৰ্মাণ কেতিয়াবা ক্ষমাহীন আৰু নৃশংস আৰু ইয়াৰ মাজেৰেই আন্ধাৰ বৰ্ষাহীন নিশা বিজুলীৰ চমকে পৃথিৱীখন ভয়লগা সুন্দৰ ধৰণে চমকাই তোলাৰ দৰে মনোজ কুমাৰ গোস্বামীৰ গল্পই আমাৰ অস্তিত্বৰ বাস্তৱতাক আৰু লগতে ইয়াৰ অবাস্তৱতাকো উন্মোচিত কৰি তোলে৷ আৰু এই উন্মোচনে আনি দিয়ে এক নতুন ধৰণৰ উপলব্ধি-- যি ছালৰ বাহিৰৰ পৰা গভীৰ ভিতৰলৈ প্ৰবাহিত হয় আৰু পাঠকক নিজৰ ওচৰত নগ্ন আৰু নিঃস্ব কৰি তোলে৷ আৰু ঠিক এই কাৰণেই মনোজ কুমাৰ গোস্বামীৰ গল্পবোৰ এক কথাত অনবদ্য-- এয়েই গল্পবোৰৰ চমৎকাৰিত্ব৷[ৰ] [ মনোজ কুমাৰ গোস্বামীৰ চুটিগল্প, ধ্ৰুৱজ্যোতি বৰা, অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন, অপূৰ্ব বৰা [সম্পা.] পৃ. ৫২০] ৷ পাঠকে বিচৰা ধৰণৰ শৈলীৰে সকলো শ্ৰেণীৰ মানুহৰ জীৱনৰ ছবি অংকন কৰাৰ ক্ষেত্ৰত গল্পকাৰ মনোজ কুমাৰ গোস্বামী সফল৷ বিদ্ৰোহী নেতাৰ পৰা আৰম্ভ কৰি চৰম হতাশাত ভুগি আত্মহত্যা কৰিব বিচৰা মানুহজনলৈকে, উচ্ছবিত্ত শ্ৰেণীটোৰ পৰা আৰম্ভ কৰি নিম্নবিত্ত শ্ৰেণীটোলৈকে, ৰাজনীতিৰ পৰা আৰম্ভ কৰি সাংবাদিকতালৈকে এই সকলো দিশৰ চৰিত্ৰ উপস্থাপন তেখেতৰ গল্পত দেখা পোৱা যায়৷ মানুহৰ জীৱন, বোধন, আৰু চেতনক নিজস্ব দৃষ্টিভংগীৰে পৎৰ্বেক্ষণ কৰা মনোজ কুমাৰ গোস্বামীৰ গল্পৰ ধাৰা আছিল স্বকীয়৷ আধুনিক মানুহৰ জীৱন চৰ্যাৰে নিৰ্মাণ কৰা মনোজ কুমাৰ গোস্বামীৰ গল্পত মানৱ মনৰ একাকীত্ব, অস্তিত্ববাদী চেতনা,নগৰ চেতনা, ব্যক্তিজীৱনৰ অন্তৰ্দ্বন্দ্ব, সমকালীন সমাজ তথা ৰাজনৈতিক চেতনা ইত্যাদি বিশেষত্ব পৰিলক্ষিত হয়৷ সমাজৰ দ্ৰুত পৰিৱৰ্তনে আনি দিয়া নিসংগতা, বিচ্চিন্নতা আৰু একাকীত্বই ব্যক্তিৰ বাস্তৱিক আৰু মানসিক উভয় জগতক কিদৰে সংকুচিত কৰি তুলিছে তাৰ সাৰ্থক প্ৰকাশ গোস্বামীৰ গল্পত দেখিবলৈ পোৱা যায়৷ আলোচনা কৰিবলৈ লোৱা এলুমিনিয়ামৰ আঙুলি গল্পটিও এই শ্ৰেণীৰে অন্তৰ্গত৷
এলুমিনিয়ামৰ আঙুলি গল্পৰ বিষয়বস্তুঃ
এলুমিনিয়ামৰ আঙুলি গল্পৰ মূল চৰিত্ৰ হ’ল ধৰণী দত্ত৷ যান্ত্ৰিক জীৱন এটাত সদাব্যস্ত হৈ থকা পুত্ৰ-বোৱাৰীৰ ওচৰলৈ আহি বিপত্নীক ধৰণী দত্তই সন্মুখীন হোৱা অসহায় অৱস্থা, বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ পৰিৱৰ্তনে কঢ়িয়াই অনা সুফলৰ লগতে কুফল সমূহৰ বিষয়ে অৱগত কৰা ইত্যাদি বিষয় সমূহকে লৈ এই গল্পটো ৰচনা কৰা হৈছে৷ মূলতঃ ধৰণী দত্তক কেন্দ্ৰ কৰিয়েই গল্পটোৱে আগবাঢ়িছে৷ দৰাচলতে গল্প বুলি ক’লে যি পৰম্পৰাগত ধাৰণাৰ কথা আমাৰ মনলৈ আহে সেই ধাৰণাৰ লেশমানো আভাস এই গল্পত নাই ৷ এটা নিটোল কাহিনী বিন্যাস, বহু চৰিত্ৰৰ সমাৱেশ নথকাকৈয়ো মানুহৰ ব্যক্তিগত জীৱনৰ বিভিন্ন পৰ্যায়ত ঘটা কিছু বিক্ষিপ্ত ঘটনাকলৈয়ো গল্প ৰচনা কৰিব পাৰি৷ এই কথা গল্পকাৰে গল্পটোৰ মাজেদি প্ৰতিপন্ন কৰিছে৷ মূলতঃ আধুনিক জীৱন চৰ্যাত মানুহ আৰু মানুহৰ মাজত বাঢ়ি অহা দূৰত্ব, মানুহৰ ৰুচিবোধৰ পৰিবৰ্তন আৰু অৱক্ষয় ইত্যাদি বিষয়বস্তুক লৈয়ে এই গল্পটো ৰচনা কৰা হৈছে৷
সামাজিক পৰিবৰ্তন অস্তিত্ববাদী চেতনা আৰু মানসিক অন্তৰ্দ্বন্দ্ব ইত্যাদি
অৱসৰপ্ৰাপ্ত শিক্ষক ধৰণী দত্তৰ পৰিয়াল বুলিবলৈ তেওঁৰ পুত্ৰ শান্তনু, বোৱাৰীয়েক ঊষা, নাতি-নাতিনীয়েক অপু আৰু ইনু৷ অৱশ্যে কৰ্মসূত্ৰে শান্তনু নিজৰ পৰিয়ালৰ সৈতে দূৰত থাকে৷ ধৰণী দত্ত ঘৰত অকলশৰে থাকে৷ মাজে মাজে পুতেক বোৱাৰীয়েকৰ ওচৰলৈ যায়৷ লাহে লাহে দত্তই পুতেক-বোৱাৰীয়েকৰ ওচৰলৈ যোৱাটো কমাই দিছে৷ নিজৰ পুতেক বোৱাৰীয়েকৰ ঘৰতেই দত্তই বৰ বিব্ৰতবোধ কৰে৷ অপু আৰু ইনুৰ সৰুকাললৈ মনত পেলাই ৰোমাঞ্চিত হৈ উঠে৷ ওচৰে পাজৰে জঁপিয়াই সাধু এটা ক’বলৈ আব্দাৰ ধৰা সেই সৰু ল’ৰা-ছোৱালীহাল চকুৰ পচাৰতেই ডাঙৰ হ’ল৷ সিহঁতৰ স্বভাৱত পৰিবৰ্তন আহিল৷ অনবৰতে সিহঁতৰ নিজস্ব জগত খনৰ মাজত সোমাই থাকে৷ ইফালে পুত্ৰ শান্তনু দিনটোৰ বাবে নিজৰ কামলৈ ওলাই যায়৷ বোৱাৰীয়েক ঊষাও অপু, ইনু আৰু নিজকলৈয়ে ব্যস্ত৷ ধৰণী দত্তৰ খবৰ ল’বলৈ যেন কাৰোৰেই আহৰি নাই৷ তেওঁৰ সৈতে সুখ-দুখৰ কথা পাতিবলৈ যেন কোনো নাই৷ অনবৰতে একাকীত্বই ভৰা এখিনি সময় তেওঁ পাৰ কৰিবলগা হৈছে৷ এয়া তেওঁৰ প্ৰাপ্তি নাছিল৷ মানুহৰ জীৱনবোধ আৰু চেতনাৰ ছবি অংকন কৰাত যে গল্পকাৰ সুদক্ষ, তাৰ ছবি এই গল্পটোৱেই দাঙি ধৰে৷ প্ৰাপ্তি-অপ্ৰাপ্তিৰ যন্ত্ৰণাৰে ধৰণী দত্তৰ চৰিত্ৰটো ভৰপূৰ৷ বিশিষ্ট ঔপন্যাসিক ধ্ৰুৱজ্যোতি বৰাৰ ভাষাত খেদ আৰু অপ্ৰাপ্তিৰ অতৃপ্তিৰে ভৰা পৃথিৱীখনত মনোজৰ চৰিত্ৰবোৰত আমি বিচৰণ কৰিছোঁ অৰ্থ আৰু অৰ্থহীনতাৰ মাজত৷ সমকালীন সমাজৰ এনে বাংময় আৰু বিশ্বস্ত চিত্ৰায়ণ সঁচাই দুৰ্লভ [এলুমিনিয়ামৰ আঙুলি, অন্য কলম, ধ্ৰুৱজ্যোতি বৰা]৷
অসমৰ সমাজজীৱনত নব্বৈ দশকটো আছিল অতিশয় গুৰুত্বপূৰ্ণ৷ সন্ত্ৰাসবাদৰ সমস্যা, অস্থিৰতা, অনিশ্চয়তা, সংশয় আৰু সংকটেৰে ভাৰাক্ৰান্ত আছিল এই দশকটো৷ এই কথাবোৰে সামাজিক জটিলতা সৃষ্টি কৰাৰ লগতে মানুহৰ মানসিক জগতখনকো প্ৰভাৱিত কৰিছিল৷ গোলকীকৰণ, মুক্ত অৰ্থনীতিৰ প্ৰভাৱ, প্ৰযুক্তিবিদ্যাৰ দ্ৰুত পৰিৱৰ্তন ইত্যাদিয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ তড়িৎ গতিত পৰিবৰ্তন আনিছিল৷ এই সম্পৰ্কত অৰিন্দম বৰকটকীয়ে এনেদৰে উল্লেখ কৰিছে-- এনে এটা পৰ্যায়ত অসমীয়া গল্পকাৰ গল্পৰ চৰ্চা বা সাধনা লেখক সত্তাৰ ব্যক্তিগত পৰ্যায়ত উপলব্ধ হোৱা ধাৰণাৰে আৰম্ভ হৈছিল আৰু সমাজজীৱনৰ বিভিন্ন সমস্যা আৰু জটিলতাৰ মাজত নিজস্ব শৈলীৰে জীৱনবোধৰ সন্ধান আৰু সেই প্ৰেক্ষাপটত মানুহৰ মানুহৰ অস্তিত্ব কি ৰূপত বৰ্তি আছে বা থাকিব পাৰে তাক বিচাৰ কৰি চোৱাৰ প্ৰচেষ্টাতেই নব্বৈৰ দশকৰ অসমীয়া গল্পৰ সংবেদন লুকাই আছে৷ অসমীয়া গল্পৰ সেই সংবেদনক আটাইতকৈ সমৃদ্ধ ৰূপত ধৰি ৰাখিছিল মনোজ কুমাৰ গোস্বামীৰ গল্পই [অসমীয়া চুটিগল্পৰ গতি-প্ৰকৃতি. পৃষ্ঠা ৯৭]৷ ঠিক এনেধৰণৰ আবেদন গোস্বামীৰ পৰৱৰ্তী সময়ৰ গল্পবোৰতো দেখিবলৈ পোৱা যায়৷ এলুমিনিয়ামৰ আঙুলি এই গল্পটো তাৰ এক অন্যতম উদাহৰণ বুলি ক’ব পাৰি৷ পৰিবৰ্তনে জটিল কৰি তোলা সামাজিক আৰু ব্যক্তিজীৱনৰ মাজত অস্তিত্ববাদী চিন্তা-চেতনাই ক্ৰিয়া কৰাৰ ছবি এখনো গল্পটোত ফুটি উঠিছে--- বাহিৰত এতিয়া সম্পূৰ্ণ আন্ধাৰ৷ দূৰৈৰ ৰাস্তাত হেলোজেনৰ হালধীয়া পোহৰ, চুবুৰীয়াৰ ঘৰৰ পৰা টেলিভিছনৰ অনুষ্ঠান ভাঁহি আহিছে৷ ক’ৰবাত ষ্টেৰিঅ’ত বাজিছে এটা হিন্দীগান৷ দত্তই মূৰ তুলি চাই দেখে হিম আকাশত এটুকুৰা জোন৷ কিন্তু সেই আকাশ আৰু নাই৷ তেওঁ দেখে আকাশ আৰু অক্ষত হৈ ৰোৱা নাই৷ চাৰিওপিনৰ ঘৰবোৰৰ পৰা উলম্বভাৱে আগবাঢ়ি গৈছে অগণন উদ্ধত এলুমিনিয়ামৰ এন্টেনা৷ যেন আকাশখনেই বিদ্ধ কৰাৰ বাবে৷ [এলুমিনিয়ামৰ আঙুলি , পৃষ্ঠা ১২১ ]৷
সময় আৰু সমাজৰ অবাঞ্ছিত পৰিবৰ্তনে অনা জটিলতাই কেৱল বাহ্যিক দিশত হে যে প্ৰভাৱ পেলাই তেনে নহয় , ই আভ্যন্তৰীণ দিশতো যথেষ্ট প্ৰভাৱ পেলায়৷ গল্পটোত এইকথাখিনি শক্তিশালী ৰূপত উপস্থাপন কৰা হৈছে৷ মানুহ আৰু মানুহৰ মাজৰ সম্পৰ্কত ব্যৱধান উৎপন্ন কৰা, মানৱ মনক একাকী কৰি তোলা ইত্যদি ঘটনাবোৰ সময় আৰু সমাজৰ অবাঞ্ছিত পৰিবৰ্তনে কঢ়িয়াই অনা কুফল বুলিয়েই ক’ব পাৰি৷ ধৰণী দত্তই চকুৰ পচাৰতে এই পৰিবৰ্তন দেখি এক প্ৰকাৰৰ মানসিক অন্তৰ্দ্বন্দ্বত ভুগিছে৷ সেয়ে তেওঁৰ মনত বোধ হৈছে-- এই ঘৰখনত তেওঁৰ প্ৰতিদ্বন্দ্বীহৈ দেখা দিছে টেলিভিছনটোৱে৷ তেওঁৰ ওচৰৰ পৰা সি কাঢ়ি নিছে পুতেক-বোৱাৰীয়েক-অপু-ইনুহ’তক৷ নীলা কাঁচৰ মাজেৰে সি ঘৰখনত বিয়পাই দিছে বিষবাস্প [এলুমিনিয়ামৰ আঙুলি পৃ. ১১৯]৷ সেয়ে তেওঁ পুনৰ ভাবিছে-- টেলিভিছনটো নথকাহ’লে অপু-ইনুহঁতে আকৌ এবাৰ তেওঁৰ ওচৰলৈ উভতি আহিলহেঁতেন, আব্দাৰ কৰিলহেঁতেন, এটা সাধু বা তেওঁৰ বিশাল অভিজ্ঞতাৰ কাহিনী শুনোৱাৰ, শান্তনু বা উষাই পাতিলেহেঁতেন তে ওঁৰ সৈতে সুখ-দুখৰ একাষাৰ অন্তৰংগ কথা [এলুমিনিয়ামৰ আঙুলি পৃ. ১১৯-১২০]৷ মানুহ আৰু মানুহৰ মাজৰ সম্পৰ্কত উৎপন্ন হোৱা এনেধৰণৰ ব্যৱধানে মানৱ মনৰ একাকীত্বক বঢ়াই তোলাৰ লগতে ভিৰৰ মাজতো মানুহক নিসংগ কৰি তোলে৷৷ ধৰণী দত্তয়ো এনে অৱস্থাৰেই সন্মুখীন হৈছে৷ পুত্ৰ-বোৱাৰী-নাতি-নাতিনীয়েকৰ সৈতে ক্ৰমাৎ বাঢ়ি অহা দূৰত্বই দত্তৰ মনত গভীৰ অন্তৰ্দ্বন্দ্বৰ সৃষ্টি কৰিছে৷
ৰুচিবোধৰ পৰিৱৰ্তন নে অৱক্ষয়
পূৰ্বে উল্লেখ কৰি অহা হৈছে যে সময় আৰু সমাজৰ অবাঞ্ছিত পৰিবৰ্তনে সমাজ আৰু ব্যক্তি দুয়োটাৰে ক্ষেত্ৰত যথেষ্ট কুপ্ৰভাৱ পেলায়৷ এই গল্পটোত গল্পকাৰে সংযোগ কৰা এটা গুৰুত্বপূৰ্ণ দিশ হ’ল মানুহৰ ৰুচিবোধ৷ সময় সাপেক্ষে মানুহৰ ৰুচিবোধৰ পৰিবৰ্তন হয়৷ এইক্ষেত্ৰত গল্পকাৰে টেলিভিছন আৰু যৌন অনুষংগক প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে৷ এই প্ৰসংগত অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ ষষ্ঠ খণ্ড ৰ অসমীয়া গল্প [১৯৯৩-২০১০] শীৰ্ষক প্ৰবন্ধত এম কামালুদ্দিন আহমেদে এনেদৰে উল্লেখ কৰিছে-- বিপৰীত ধৰণৰ অনুভূতি একত্ৰে প্ৰকাশ কৰি আধুনিক মানুহৰ জটিল মানসিকতা ব্যঞ্জনাদীপ্ত ভাষাৰে তেওঁ প্ৰকাশ কৰিছে৷ তেওঁৰলগল্পত আধুনিক জীৱনৰ নিৰ্বেদ আৰু ক্লান্তিও বাংময় হৈ দেখা দিয়ে৷ ইয়াৰ বাবে কেতিয়াবা তেওঁ যৌন অনুষংগও সাৰ্থকভাৱে ব্যৱহাৰ কৰিছে৷ [পৃ. ৬৬১] গল্পকাৰৰ মূল প্ৰশ্নটো হ’ল দৰাচলতে সকলো ক্ষেত্ৰতেই মানুহৰ ৰুচিবোধৰ পৰিবৰ্তন হয়নে? নে বহু ক্ষেত্ৰত ই পৰিবৰ্তনক অতিক্ৰম কৰি অৱক্ষয়ৰ দিশলৈ ধাৱমান হয়৷ পৰিবৰ্তনে প্ৰায় সকলোবোৰ বস্তু সহজলভ্য কৰি তুলিছে৷ সহজলভ্যতাই ভোগ, সুখৰ প্ৰতি মানুহৰ আকৰ্ষণ সহজে বৃদ্ধি কৰি তুলিছে৷ দত্তৰ চকুৰ সন্মুখতে পুত্ৰ-বোৱাৰী-নাতি-নাতিনীৰ ৰুচিবোধ সলনি হৈছে৷ সৰুতে অপু আৰু ইনুৱে ককাকক সাধু শুনাবৰ বাবে আব্দাৰ ধৰিছিল৷ সেই অপু আৰু ইনুৰ আজি ককাকক মাতিবলৈয়ো সময়ৰ অভাৱ৷ পৰিবৰ্তনৰ সুৰুঙাইদি বলা বিপৰীতমুখী বতাহজাকত অভ্যস্ত হৈ অপুৱে ককাকৰ আগত মিছা মাতিবলৈয়ো কুণ্ঠাবোধ কৰা নাই৷ ভিচিআৰত ইংৰাজী চিনেমা চাম বুলি ককাকৰ আগত মিছাকৈ কোৱা অপুৰ মিথ্যাচাৰ দেখি তেওঁ হতভম্ব হৈ পৰিছে-- দত্তৰ হৃদপিণ্ড জঁপিয়াই উঠিল৷ পিছল পেকেটটোত সেই মানুহটোৰ মুখ৷ কঠিন শৰীৰৰ মানুহটোৱে দত্তৰ পিনে স্থিৰ চকুৰে চাই আছে৷ কণ্ট্ৰাচেপ্তিভৰ সেই পেকেটটোত থকা স্পষ্ট আখৰ কেইটা পঢ়িবলৈ দত্তৰ কিছু সময় লাগিল-- ‘মুড্ছ কনডম, গিভ্ছ ইউ দ্য কনফিডেন্স [এলুমিনিয়ামৰ আঙুলি পৃ. ১২১]৷ আনফালেদি পুতেক শান্তনুৰ মাজতো দত্তই যথেষ্ট পৰিবৰ্তন দেখা পাইছে৷ সময়ে যেন তাকো বৰ বেয়াকৈ সলনি কৰি পেলাইছে৷ তাৰ ব্যৱহাৰ,ৰুচি-অভিৰুচি সকলো যেন সলনি হৈ গৈছে৷ দেউতাকৰ প্ৰতি থকা দায়িত্বখিনি সি কেৱল সৌজন্যতাৰ খাতিৰতহে পালন কৰা যেন দত্তৰ অনুভৱ হয়৷ যৌনতা সম্পৰ্কে মুকলিকৈ কথা-বতৰা পাতিব পৰা এটা পৰিবেশ আজিও আমাৰ সমাজখনত গঢ় লৈ উঠা নাই৷ এইক্ষেত্ৰত আমাৰ সমাজখন বৰ্তমানেও ৰক্ষণশীল৷ সেয়ে হয়তো ধৰণী দত্তই টেলিভিছনত পুতেক-বোৱাৰীয়েকহঁতে চাই থকা হিন্দী ফিল্মৰ সেই যৌন উত্তেজক দৃশ্যবোৰ চাব পৰা নাই-- ‘............লাহে লাহে এক হৈ যাব ধৰে দুয়োটা শৰীৰ... তাৰ পিছত ভয়ংকৰ নিৰ্লজ্জতাৰে দৰ্শকৰ পিনে চাই সেই প্ৰগলভ পুৰুষে কৈ উঠে, মুড্ছ কনডম, গিভ্ছ ইউ দ্য কনফিডেন্স [এলুমিনিয়ামৰ আঙুলি পৃ. ১১৮]৷ গল্পকাৰে এই ধৰণে গল্পটোত যৌন অনুষংগৰ কথা উপস্থাপন কৰিছে যদিও তাৰ অৰ্থ অবাধ যৌনতা নহয়৷ সুপৰিকল্পিত যৌন শিক্ষাৰ দ্বাৰা অপু আৰু ইনুহঁতৰ প্ৰজন্মটোক অবাধ যৌনতাৰ গ্ৰাসত পৰিবলৈ নিদিয়াটোহে গল্পটোৰ মূল বক্তব্য৷ সহজলভ্য যিকোনো বস্তুৰে প্ৰতি মানুহৰ আকৰ্ষণ সদায়েই বেছি হয়৷ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ পৰিবৰ্তনে যৌনতাকো সহজলভ্য কৰি তুলিছে৷ সেযে অপুহঁতৰ দৰে প্ৰজন্মটো যৌনতাৰ প্ৰতি সহজেই আকৰ্ষিত হৈছে৷ ৰুচিবোধৰ এনে পৰিবৰ্তন দেখি ধৰণী দত্ত শংকিত হৈ পৰিছে৷ তেখেতৰ মনত এই প্ৰশ্নৰ উদয় হৈছে যে-- দৰাচলতে এয়া ৰুচিবোধৰ পৰিবৰ্তন নে অৱক্ষয়? সাম্প্ৰতিক সমাজখনৰ বাবেও ই এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন৷
সামৰণি
মনোজ কুমাৰ গোস্বামীৰ গল্পত সমাজৰ প্ৰতিটো শ্ৰেণীৰ চিন্তা-চেতনাৰ প্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায়৷ পূৰ্ণাংগ ৰূপত এটা কাহিনী নাথাকিলেও আধুনিক জীৱন চৰ্যা, ব্যক্তিৰ জীৱনবোধ, চিন্তা, দৰ্শন অভিজ্ঞতা, ৰুচিবোধ, জীৱনৰ বিক্ষিপ্ত ঘটনা আদিক একেডাল মালাৰে গাঁথি গল্পৰ ৰূপ দিয়াত মনোজ কুমাৰ গোস্বামী অতি দক্ষ৷ বিষয়বস্তুৰ সূক্ষ্ম অধ্যয়ন, পৰ্যবেক্ষণ আৰু শক্তিশালী উপস্থাপন তেখেতৰ গল্পৰ এটা প্ৰধান বিশেষত্ব৷ এলুমিনিয়ামৰ আঙুলি গল্পটোৰ নামকৰণ যথেষ্ট অৰ্থৱহ৷ মানুহৰ জীৱনত জীৱন জিজ্ঞাসা, চিন্তা, দৰ্শন, ৰুচিবোধ ইত্যাদি কথাবোৰ কেতিযাও সমপৰ্যায়ত বা একেটা স্তৰত নাথাকে৷ সময় সাপেক্ষে বঢ়া-টুটা হয়৷ সময় সাপেক্ষে দিশ সলনি হয়৷ কেতিয়াবা কেতিয়াবা এই কথাবোৰত একোটা আচোঁৰ পৰাটো প্ৰয়োজন৷ যি আমাক আমি কোন দিশেৰে গৈ আছোঁ সেই কথা জ্ঞাত কৰিব পাৰে৷ গল্পৰ ভাৱ-ভাষা মেদহীন আৰু গাঁথনি শক্তিশালী৷
সহায়ক গ্ৰন্থপঞ্জী
মূল গ্ৰন্থ
গোস্বামী, মনোজ কুমাৰ, এলু্মিনিয়ামৰ আঙুলি, দ্বিতীয় সংস্কৰণ ছেপ্টেম্বৰ ২০১২, ভৱানী বুক্ছ, গুৱাহাটী-৭৮১০২৬
গৌণ গ্ৰন্থ
বৰগোহাঞি, হোমেন [সম্পা.] অসমীয়া সাহিত্যৰ বুৰঞ্জী [ষষ্ঠ খণ্ড], পৰিবদ্ধিৰ্ত সংস্কৰণ, আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা অসম
বৰুৱা, প্ৰহ্লাদকুমাৰ, অসমীয়া চুটিগল্পৰ অধ্যয়ন, তৃতীয় প্ৰকাশ,২০১৫, বনলতা, গুৱাহাটী
বেগম, লুটফা হানুম ছেলিমা [সম্পা.] প্ৰসংগঃ সাম্প্ৰতিক অসমীয়া সাহিত্য, প্ৰথম প্ৰকাশ নবেম্বৰ ২০২০, পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ গুৱাহাটী-1
ৰাজখোৱা, অৰবিন্দ [সম্পা.] অসমীয়া চুটিগল্পৰ গতি-প্ৰকৃতি, তৃতীয় প্ৰকাশ, আগষ্ট ২০১৮, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন
বৰা, অপূৰ্ব [সম্পা.],অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন ,মুদ্ৰিত ২০১২, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়
.jpeg)
No comments:
Post a Comment